Written by 4:32 am Poems

মুম্বাইৰ তিব্বতীজন

 মূল ইংৰাজী : তেনজিন চুনদিউ

অনুবাদ : হিল্লোলজ্যোতি সিংহ

মুম্বাইত বাস কৰা তিব্বতীজন

বিদেশী নহয়

চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি

কোনোবাই ভাবে বেইজিঙৰ পৰা পলাই অহা

তেওঁ এজন চীনা

পেৰেল দলঙৰ ছাঁত

তেওঁ জহকালি ছুৱেটাৰ বেচে

আনে ভাবে তেওঁ কোনোবা এজন অৱসৃত বাহাদুৰ

মুম্বাইৰ তিব্বতীজনে

মুম্বাইয়া হিন্দীত গালি পাৰে

অকণমান তিব্বতী উচ্চাৰণৰ সৈতে

আৰু যেতিয়া তেওঁৰ শব্দৰ ভঁৰাল আদায় হয়

স্বাভাৱিকতে তিব্বতীতে গালি পাৰে

তেতিয়া পাৰ্চীসকলে হাঁহে

মুম্বাইত বাস কৰা তিব্বতীজনে

মিড-ডে  পৃষ্ঠা লুটিয়ায়

শুনিবলৈ ভাল পায় এফ এম ৰেডিঅ’

তাত কিন্তু তিব্বতী গান শুনিবলৈ আশা নকৰে

তেওঁ ট্ৰেফিক ছিগ্‌নেলত বাছ ধৰে

চলন্ত ৰে’লত জঁপিয়াই উঠে

অন্ধকাৰ গলিৰে খোজ কাঢ়ে

আৰু ৰাতি নিজৰ খলিত শোৱে

তেওঁৰ খং উঠে যেতিয়া কোনোবাই তেওঁক জোকায়

“চিং-চং পিং-পং”

মুম্বাইৰ তিব্বতীজন এতিয়া ভাগৰুৱা

কিছু সময় শুবলৈ বিচাৰে তেওঁ

সপোন দেখিবলৈ

নিশাৰ এঘাৰ বজাৰ বিৰাৰ ফাষ্টেৰে

তেওঁ হিমালয়লৈ যায়

পুৱা ৮.০৫ বজাৰ ফাষ্ট লোকালে

তেওঁক পুনৰ চাৰ্চগেইটলৈ ওভতাই আনে

মেট্ৰ’ ৰে’ললৈ : এখন নতুন সাম্ৰাজ্য

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close