কৌশিক জ্যোতি বৰা
ওৰে ৰাতি কান্দি আছোঁ মুখ গুজি আন্ধাৰত
পানীপতাত মৰি আছে ঈশ্বৰ
শৰীৰহীন শৰীৰ এটা আগুৰি বহি থকা মানুহবোৰৰ হাড়ত
ভোগ আৰু ভোকত জ্বলা কঙালীৰ কঙাল
এবেলি বৰষুণ নিদিলেও খহিব
নৰিয়াত পৰা নদীৰ নৈয়াল জীৱন
খহনীয়া আছে বাবেই নৈবোৰ নৈ
বুকুবোৰ উদং
তৰাং বুকু এখন লৈ
পোহৰলৈ মুখ কৰি ৰৈ থকা গছবোৰে নাজানে
আক্ষেপ আৰু অপেক্ষাৰ প্ৰাৰ্থনা
সিজু গছৰ কাঁইটত ক্ৰুছবিদ্ধ আকাশ
আকাশৰ সীমাত
জ্বলি জ্বলি গলি অহা এটা জোনাকী
ধৱল কুঁৱলীৰ এই গোট মৰা শীতত
কি ফুল ফুলিব ৰাধা…
ইমান কৰ্কশ ঋতুত কেনেকৈ ফুলাওঁ
প্ৰেমৰ ৰজনীগন্ধা…!
ঠিকনা :
আমগুৰি, দেৰগাঁও
ভ্ৰাম্যভাষ – ৯৩৬৫৯৬০৫৮৫
Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025