Written by 4:30 am Poems

ভোকৰ সাধুকথা

অৰুণ গগৈ

গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত

জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে

বকুল সৰা পদূলিটো পোহৰাইছিল

গহীন হৈ পৰা সন্ধিয়াটো

শিয়ালৰ মাতত জয়াল হৈছিল

ভয়াল হৈছিল উদং পথাৰ

শিল হোৱা সময়ৰ যাতনাক সাবটি

জুপুৰিবোৰত ভোকৰ সাধুকথা এটা

চৰি ফুৰে

বধিৰ হোৱা কাণ দুখনে নুশুনে

ভোকাতুৰ কেঁচুৱাৰ কেঁচা কান্দোন

আন্ধাৰত আঙুলি বোলাই

কলা হোৱা হাতৰ তলুৱাত

মনিব নোৱাৰোঁ তেজৰ চেঁকুৰা

ৰাতিৰ চৰাইবোৰে দুখৰ ঘৰ এটা ঘেৰি

কুটি কুটি খাই থাকে সুখৰ অৱশেষ

চেপা যন্ত্ৰণা এটা বুকুত বান্ধি

ওৰে ৰাতি গছবোৰে আকাশলৈ মূৰ তুলি চাই

শিলবোৰ বুকুত সাবটি নৈখন বৈ যায়

অবোধ শিশুৰ কান্দোনত

নৈয়ে নোহোৱা কৰা ঘৰবোৰ শুই থাকে

শুই থকা ঘৰবোৰ মৰিশালি

বলি থকা বতাহত নামি আহে গধূলি

ৰাতি ৰাতি গাঁওখনৰ জুপৰিবোৰত

কামিহাড় ওলোৱা বেৰৰ জলঙাৰে বগুৱা বাই

ভোকৰ সাধুকথা এটা চৰি থাকে

ক্ৰমান্বয়ে ভোকৰ উচুপনিত

ৰাতিটো জয়াল হৈ পৰে ৷

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close