Written by 4:04 am Poems

কবিতা

আন এখন আর্চি

হৰে‍কৃষ্ণ ডেকা

মই এই আর্চিখনত
সোমাই যাওঁ৷
মই নেদেখা হওঁ বাহিৰৰ পৰা
অদৃশ্য নোহোৱাকৈ৷
ইয়াত লগ পাওঁ বহুতকে
যিসকলক হয়তো কেতিয়াও আন ঠাইত
লগ নাপালোঁহেঁতেন৷
এওঁলোকৰ লগত কেতিয়াবা মুখামুখি হ’মনে?
মই নাজানো৷ ইয়াত কিন্তু আমি একান্ত পৰিচিত৷
মাত নোহোৱাকৈ আমি কথা পাতোঁ
আৰু আমাৰ মাজত কৌতূহলপূর্ণ সংলাপ হয়৷
ইজনে সিজনক সম্ভাষণ জনাওঁ
অনুভৱ কৰোঁ সহানুভূতি আৰু সংবেদনা৷
কেতিয়াবা মতানৈক্যও হয়৷
এইখন এখন আর্চিৰ জগত,
যিখন স্পর্শ আৰু অনুভূতিৰ শাৰীৰিক জগতখনৰ দৰেই
এবিধ বাস্তৱ৷
এইখন এখন কিতাপ, যাৰ শব্দবোৰত মুখবোৰে সমুখা-সমুখি হৈ কথা পাতে৷
ই এখন ঠাই— এক অলীক-বাস্তৱ,
য’ত মুখবোৰ মুখাৰে ঢাকিব পাৰি
আৰু কল্পনাৰ অলীক ষ্টেচনলৈ
আলাসতে টিকট কাটিব পাৰি৷
মুখবোৰৰ দাপোণ এইখন কি কিতাপ—
য’ত মুখবোৰ প্রকৃত মুখবোৰৰ সমান্তৰাল
কিন্তু একে নহয়?
কবিতাটোৰ শ্ৰব্য ৰূপ



হেৰাইছে যদি কিবা তাৰ
অনুভৱ তুলসী
       
মুখ-আন্ধাৰি মোৰ অস্তিত্বৰ
ধূসৰ ৰেখাই অঁকা সেই গাড়ীখন
কেঁকুৰিটোৱে লুকুৱাই লৈছে
 
ধোঁৱাসনা উজান সন্ধ্যা মুখ
মই আন এঠাইত অন্যমনস্ক
ভৰিৰ আঙুলিত ভৰ দি থিয় হোৱা
সেই মুদ্ৰাই তোমাক টানিছিল
 
আন কিছুমান মানুহ আৰু ঘটনা
ছাঁ থকা নথকা মোৰ সমুখেৰেই
পাৰ হৈ গৈছিল জীৱন গতিৰে
 
ৰেচমী বিস্ময় সিঁচি সিঁচি
তুমি তোমাৰ নাট সামৰিলা
শালাচাৰ্যয়ো ঠিক তাকেই কৰিলে
অ’ফেলিয়াইতো বিষম বাটেই বাছি ল’লে
 
মোৰ কি জল্পনা-কল্পনা পানীক লৈ
বহু বঠাই ঘোদালি যোৱা
থম্‌থমীয়া সময়ৰ কাল ৰাতি
তুমি পাছতো জানিব পাৰিবা
আহা আমি একেখন বিছনাতে শোওঁ
সাবটা-সাবটি উশাহ-নিশাহৰ
 
অস্তিত্ব যদি আছে কিবা
কেঁকুৰিয়ে লুকুৱাই লোৱা
গাড়ীখনৰ ধূসৰ ৰেখা
মুখ-আন্ধাৰিৰ অৰ্থ… কবিতাটোৰ শ্ৰব্য ৰূপ



 
মেলা চিকাৰ
দিলীপ ফুকন
                
সকলো উলঙ্গ।
একমাত্ৰ মানুহেই বস্ত্ৰধাৰী আৰু অস্ত্ৰধাৰী
সকলো উদ্ভিদ সূৰ্যমুখী
কুঁৱলীৰ কাগজেৰে মুখ মচি
এচেৰেঙা ৰ’দৰ বাবে ৰৈ থাকে সকলো বিৰিখ
 
যতমানে জানোৱাৰ সমস্তই নিৰক্ষৰ
তথাপি মই কিয় ইমান উদ্বাউল
এটা কবিতাৰ বাবে?
 
মই ইয়াৰ পৰাই দেখিছিলোঁ
তপ্ত লোহাৰঙী পৰ্বতচূড়াত ঠোঁট ধৰাই
বুকু ৰঙা কৰি উৰি যোৱা এজাক চন্দনা চৰাই
আৰু দেখিছিলোঁ
উত্তাল এজাক বনৰীয়া ঘোঁৰাৰ কদমত উৰা
হেঙুলীয়া ধূলি।
 
এই বিদ্ৰোহী বনৰীয়া হাতীটোও উলঙ্গ
যৌৱনত সি হেৰুৱাইছিল এক কুঞ্জৰ তৰুণীক
মেলা চিকাৰত
বস্ত্ৰধাৰীৰ হাতত বন্দী এই হস্তিনী
আজিও উলঙ্গ।
 
ময়ো হেৰুৱালোঁ মোৰ সাত জনমৰ সাধনাৰ
অষ্টলক্ষ্মীক চিকাৰৰ মেলাত
পলুৱাই লৈ গ’ল ধদুৱা ফকীৰে যাদুমন্ত্ৰ কৰি।
 
ময়ো উলঙ্গ হ’লোঁ
জল থল অগ্নি বায়ু হাততে হেৰুৱাই।
এইবোৰ ঘটি থকাৰ মাজতে
মোৰ কবিতাৰো অনুবাদ হৈ গ’ল,
অনুবাদত কবিতাৰ ‘উলঙ্গ’ শব্দটো হৈ পৰিল ‘অসভ্য’

মেলা চিকাৰত সকলো সম্ভৱ হয়।
কাৰণ বস্ত্ৰধাৰীৰ হাতত অস্ত্ৰও থাকে। কবিতাটোৰ শ্ৰব্য ৰূপ




অম্লমধুৰ
প্ৰয়াগ শইকীয়া
(মোৰ কবিতা প্ৰকাশ কৰা প্ৰথমজনা সম্পাদক খালেক উজ জামানৰ হাতত শ্ৰদ্ধাৰে)
 
 
এখন জাপানী ছবি
তিনিজন মানুহ
 
এজনে কয় জীৱনমদিৰা  তিতা
এওঁৰ নাম বুদ্ধ
এজনে কয় মধুৰ এই মদিৰা
এওঁৰ নাম লাওৎ ঝে
তৃতীয়জনে কয় এয়া টেঙা
এওঁ কন্‌ফুচিয়াছ
 
একে পাত্ৰৰ মদিৰা
ভিন্ন অনুভৱ
বিচিত্ৰ আমি উদ্‌যাপন কৰা জীৱন
 
ছবিখন চাই
এজন কবিয়ে কয় জীৱন অম্লমধুৰ
 
কবিজনৰ প্ৰিয় প্ৰতীক দলং
দলঙে দলঙে তেওঁৰ জীৱনৰ তামীঘৰা
 
দলঙৰ এপাৰে কিম্বদন্তি
আন পাৰে কল্পনা
 
তলত (?)
 
দলঙৰ তলত নৈ
মাজত শূন্যতা
 
শূন্যতা যেন তিতা
প্ৰজ্ঞাৰ ৰুচি বৰ্দ্ধক
কবিতাটোৰ শ্ৰব্য ৰূপ



বৰষুণ
অৰ্চনা পূজাৰী

সপোন সিঁচিবৰ বাবেই বৰষুণ 
কণ ফুটি বীজ, বীজৰ পৰা দুপতীয়া 


ভেকুলীৰ টোৰটোৰনিত 
‘বেছ’ গীতাৰৰ সংগীত 
আৰু শাওণৰ মেঘমল্লাৰৰ ফিউজন
 
চকুৰ পচাৰতে ঘটি যায় সকলো 


দীঘলঠেঙীয়া হৈ আহি 
পথাৰৰ সৰু আলিবোৰ উচ্ছেদ কৰোঁতে   
নিৰাপত্তাহীনতাত পথাৰে আওৰায় 
 
সাগৰ দেখিছা, দেখা নাই কেতিয়াও 
 
এনেবোৰ দিনত বৰষুণ আৰু ফুটবলে 
বোকা ছিটিকাই 
মজাকৈ খেলে
  
নাওৰাপতা হেৰাই গ’ল যদিও 
কাগজৰ নাৱত উঠি 
মোৰ ল’ৰাটো ডোঙা বন্ধা 
পানীত নামে 
 
মহানগৰীৰ গেলাগপ 
কাচৰ দৰে খহি যায় 
মথাউৰিবোৰে গা-গাৰি হেৰুৱায় 
ৰাজনীতিৰ ভেমভৰকবোৰ 
ডিঙিলৈকে বুৰ যায়
 
বৰষুণ আৰু ছাতিৰ টনা-আঁজোৰাত
 
আমাৰ মনবোৰ 
তিতে শুকায়, শুকায় তিতে 
 
বৰষুণৰ ভাবনাত এদিন 
চিটিবাছত বিলাস ভ্ৰমণ কৰোঁতে 
নুনমাটি বুলি  
জালুকবাৰীত নামিলোঁগৈ
 
তাত গৈ দেখিলোঁ  
কৃষ্ণচূড়া ৰাধাচূড়া সোপাই তিতিছে 
এজাক বৰষুণতে

দূৰৈত কিতাপৰ পৰা মূৰ তুলি  
কৃষ্ণকান্তই মিচিক্‌কৈ‍ 
জান-নেজান হাঁহি এটা মাৰি আছে৷কবিতাটোৰ শ্ৰব্য ৰূপ



 
পদযাত্ৰী
কাব্যশ্ৰী মহন্ত
 
তোমালোক সদায়েই এনেদৰে খোজ কাঢ়ি আছা
শতাব্দীৰ পাছত শতাব্দী ধৰি ক্ৰোশৰ পাছত ক্ৰোশ
লুণীয়া ঘামেৰে ধুৱাই বালিয়া মাটি
কান্ধত বৈ আছা সভ্যতাৰ ভৰ
 
তোমালোকৰ ক্ৰমাৎ কুঁজা হৈ পৰা কান্ধৰ আঁৰত
সহস্ৰবাৰ সূৰ্যই জিৰণি লৈছে
মূক হৈছে ধ্ৰুৱতৰা৷
 
বহু যোজন খোজৰ অন্তত কেতিয়াবা শুই পৰি হয়তোবা ভাবিছা
“ঘৰমুখী যাত্ৰাও ইমান দীঘলীয়া! তৰাবোৰ
টোপনি গ’লে আমি বাট পামনে?”
তোমালোকে বুজা নাই তোমালোকে ঘৰ বুলি ভবাখন আচলতে ঘৰ নহয়,
আন এক অন্তহীন যাত্ৰাৰ আৰম্ভণি
তোমালোকৰ পদযাত্ৰা
গোলাৰ্ধৰ পৰা গোলাৰ্ধলৈ, সমুদ্ৰৰ পৰা
মহাসমুদ্ৰলৈ
বালিময় মৰুৰ পৰা তুষাৰ শিখৰলৈ
 
তোমালোকৰ অন্তহীন পদযাত্ৰাত
খামুচীয়া মাটিবোৰ সেউজীয়া হয়,
সেউজীয়াবোৰে নগৰৰ ৰূপ লয়,
মৰুৰ বুকুতো চলে ঘৰ্‌ ঘৰ্‌ চকা, শিলেৰে বন্ধোৱা
ঢাপবোৰ হয় মহাতীৰ্থ
 
তথাপি যে শেষ নহয় তোমালোকৰ পদযাত্ৰা,
ঘৰ্‌ ঘৰ্‌ চকাবোৰে কেতিয়াবা তোমালোককো
ভাৰ বৈ নিয়ে,
যেনেদৰে নিয়ে চকাৰ ধুৰাবোৰ, মৰুভূমিৰ বালিবোৰ, গধুৰ শিলাখণ্ডবোৰ,
আৰু তেতিয়াই…
পক্ষীৰাজ ঘোঁৰাত উঠা বুলি ভাবি তোমালোক
উত্ৰাৱল হৈ উঠা
পক্ষীৰাজ ঘোঁৰাই নি তোমালোকক থৈ আহে আন এক কটুৰ প্ৰান্তৰত
আকৌ এক অন্তহীন পদযাত্ৰাৰ বাবে,
তোমালোক কেৱল পদযাত্ৰী৷
 
পক্ষীৰাজ ঘোঁৰা তোমালোকৰ সপোনৰ সহচৰ
শব্দহীন বেলুনৰ দৰে তোমালোকৰ সপোনবোৰেও
বাট বুলি থাকে তোমালোকৰ কাষে কাষে
শতাব্দীৰ পাছত শতাব্দী ধৰি
ক্ৰোশৰ পাছত ক্ৰোশ
 
পদযাত্ৰাৰ ধূলিৰে ধূসৰিত হৈ পৰে
ইতিহাসৰ নিলিখা পৃষ্ঠাবোৰ,
এশ বছৰৰ আগৰ,  দুশ বছৰৰ আগৰ
দুহাজাৰ বছৰৰ আগৰ, হয়তোবা পাঁচ হাজাৰ
বছৰৰো আগৰ কিছুমান পৃষ্ঠা,
 
অৰণ্যবোৰ দাহ কৰোঁতে তোমালোক নদীৰ
পাৰলৈ গ’লা
গাঁওবোৰ জ্বলাই দিওঁতে তোমালোকে
আকাশলৈ চাই আৰ্তনাদ কৰিলা
তোমালোকক, তোমালোকক যে কেতিয়াবা
যুৱঁলিতো বান্ধিছিল,
বেঙুনীয়া তেজ আৰু লুণীয়া ঘাম মিহলি হৈ
শস্যৰ ভূমিত পৰিছিল,
সেয়াও আছিল তোমালোকৰ পদযাত্ৰা
 
আসুৰীয় সভ্যতাৰ হেজাৰ ঘৰ্ষণৰ পাছতো
আজিও তোমালোক পদযাত্ৰী,
চন্দ্ৰযানৰ সফল উৰণৰ পাছতো
তোমালোক পদযাত্ৰী,
মুমূৰ্ষু শিশুক বুকুত সাবটি লৈ
আজিও খোজ কাঢ়ি আছা তোমালোক,
যাত্ৰাৰ ভাগৰত ৰেলৰ চিৰিত বহি নিঃপালি
দিছা তোমালোক
শস্যৰ বস্তাৰ তলত পিষ্ট হৈছা তোমালোক
 
তোমালোকৰ পদযাত্ৰা গোলাৰ্ধৰ পৰা গোলাৰ্ধলৈ
সমুদ্ৰৰ কৰা মহা সমুদ্ৰলৈ
বালিময় মৰুৰ পৰা তুষাৰ শিখৰলৈ
এটাৰ পাছত আহিব ধৰা
সভ্যতাৰ আন এটা সন্ধিক্ষণলৈ৷
 
ঠিকনা: ডি4 , পাৰ্ল এনক্লেভভগদত্তপুৰ , বেলতলাভ্ৰাম্যভাষ: ৯৪৩৫০৯৬৯৭৩কবিতাটোৰ শ্ৰব্য ৰূপ




কাণখোৱাৰ ঘৰ (কাউৰী, 

কাছ ইত্যাদি)
সমুদ্ৰ কাজল শইকীয়া

১)
লালন আৰু কাণখোৱাৰ সম্বন্ধটো
চাতক আৰু কাউৰীৰ দৰেহে।
চাতকে যদি মেঘৰ বিনে পানী নাখায়
কাউৰীয়ে টেকেলিত শিল ঢালি হ’লেও খায়।

নাৰিকল এটা খুঁটিয়াই থকা কাউৰীটোৰ মতে
চাতক ঐ, নাৰিকলটোও দেখোন মেঘৰ গতে।।

২)
কুলিটোৰ মাত শুনি কাছটোৰো মন ৰোমাঞ্চিত হয়।
কাৰ বাহত পাৰে কণী, কেতিয়া কোনে তোলে,
নিজা বাহ বুলি কোনোবা ঠাইলৈ উভতি যায় নে নেযায়…
পিঠিত বান্ধি লৈ ফুৰা ঘৰটোতে বাৰে বাৰে লুকায়।

প্ৰশ্নবোৰ মনতে পাগুলি কাছটো যায়
কণী পাৰিবলৈ পৰ্বত এটা বগায়।।
কবিতাটোৰ শ্ৰব্য ৰূপ



কথা-মালিতা
জোনমণি দাস

১.
জীৱনৰ বাটত
বীণা বৰুৱাই যি কথা নক’লে
জিঞাৰ পাখিত ঢৌ তোলা বতাহে সেই কথা
কালক ক’লে হেনো নীৰৱে অকলে।

জ্বলি যোৱা সূৰ্য পমি যোৱা শিল,
লাভা হৈ বৈ অহা গলিত লোহা
আৰু ইথাৰত হেৰাই যোৱা
হৃদ-স্পন্দন…

কোনে কাক চিৰদিন মনত ৰাখে!
শেলুৱৈয়ে ছানি ধৰা ইটাৰ জীৰ্ণ দেৱালত
চৰাইৰ ঠোঁটেৰে
কালেই গজাই তোলে
আঁহতৰ কোমল গজালি

???
??
?

প্ৰশ্নবোধকে মোৰ মগজুত পদচিহ্ন এৰি থৈ যায়—
ৰাতিৰ এন্ধাৰত
এটা মাথো চকু
জ্বলে
নুমায়,
উৰন্ত এটা জিলিৰ মাতে
মোৰ বুকুত
বিছা হৈ বগায়।

বীণা বৰুৱাই
জীৱনৰ বাটত কৈ কৈ
কি কথা নক’লে?
জিঞাৰ পাখিত ঢৌ তোলা বতাহে সেই কথা
কালক কেতিয়া ক’লে
নীৰৱে অকলে!

২.
পঢ়া মেজত
‘জীৱনৰ বাটত’ জপাই থ’লোঁ।
খুলি থ’লোঁ জিঞাৰ পাখি যেন
পাতল ভাবনা।
এমুখ ধোঁৱা উৰুৱাই
শেষ প্ৰহৰৰ ৰাতি
উকা কাগজ এখনত চাই থাকিলোঁ

বীণা বৰুৱাক

***কবিতাটোৰ শ্ৰব্য ৰূপ



বাৰীখন
জয়ন্ত দত্ত


বাৰীখন আছিল কেইজোপামান কঠনাৰ
এদিন চুচুক্-চামাক্‌কৈ সোমালহি
দোজোপা বিহলঙনী
বিহলঙনীক বিহ দিবলৈ আহিল
হাফলুৰ ফেঁটি…

ৰাস্তাটো বহলাবলৈ গছবোৰ ময়েই কাটিছিলোঁ
ডাল-পাতবোৰ জ্বলাবলৈ কাঠিটো ময়েই জ্বলাইছিলোঁ…

জুইকুৰাই যেতিয়া ঘড়ীটোক পুৰিলে
ঘড়ীটোৰ পৰা ছিটিকি অহা
মিনিটৰ কাঁটাৰ আগে আগে যিমানে
ভটিয়াই চেঁকুৰিছোঁ সিমানেই যেন উজাইছোঁ

তাহানি ককাই কথাইপতি কৈছিল:
“হাতৰ কুঠাৰ ভৰিত নামাৰিবি…”
আমি ককাৰ কথা তল পেলাবলৈ
চিঞৰিবলৈ লগাইছিলোঁ কিশোৰ, ৰফিক…

ককাৰ চকুত দেখিছিলোঁ
আপোনা-আপুনি আহি থকা এখন ভাগৰুৱা ৰেল
ধোঁৱাই ধোঁৱাই জলি থকা কয়লাই
যোগাব পৰা নাছিল তেজ…
কেঁহেৰাজ বৰণ লোৱা নিঠৰুৱা চালক
দবাই প্ৰতি আঁঠুৱনীয়া তেজ
তেজত অগণিত শ…

ৰেডক্লিফ ইমান তীক্ষ্ণ আছিল তোমাৰ
কলমৰ ধাৰ
আজিও ৰক্তাক্ত মানচিত্ৰৰ দুপাৰ…

বাৰীখনৰ নাম হ’ল আজি বিহলঙনী বাৰী
নতুন অতিথি কেইজোপামান ক’ব্ৰালিলি

 
পাহিত ঘা লৈ লৈ আজিও যুঁজি আছে
দুপাহি কঠনাই আকৌ পোহৰাম বুলি আকাশ
 

ঠিকনা :দ গাঁও,  নলনি খাত, ডাক :  গৰখীয়া দ’ল, যোৰহাট ১৫ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১কবিতাটোৰ শ্ৰব্য ৰূপ




তোক লৈ
মদাৰজ্যোতি
 
লিখিব নোৱাৰোঁতে এটা প্ৰেমৰ পদ্য
অথবা কবিতা
তোৰ ভীষণ অসুখ
 
ঈষৎ হালধীয়াৰ সৈতে বগা-গোলাপ ফুলে
আৰু বৃন্তক নগ্ন কৰি সৰে পাহি
 
নিশাৰ তৰাৱলী চাই বিভোৰ নয়ন
আৰু পপীয়া তৰাৰ বাবে নিগৰায় চকুলো এসোঁতা
 
কুন্দত কটা এযোৰ ওঁঠে কৰোঁতেই প্ৰৰোচিত
পৰ্যটকে বাট সলায় আওবাটে
 
লিখিবলৈ কৰোঁতে কিছু প্ৰয়াস
এটা কবিতা অথবা প্ৰেমৰ পদ্য
গা টঙাই উঠে ৰ’দ
 
হাৰমনি‍য়ামৰ ৰিব এডাল ভাগিছে
গা মা-ৰ যোৰাত গম আঠা
 
নীলা বতাহৰ দ্ৰুত আঘাতত
পখিলাৰ পাখি এখন ভাগিছে
বাঁহৰ কাঠি চুঁচি লগাইছোঁ জোৰা
 
পশ্চিমা পছোৱাই ভাঙিছে পানীৰ ঘৰ
নাও ডুবোঁ ডুবোঁ ব’ঠা ডুবোঁ ডুবোঁ এই ক্ষণ
 
প্ৰেমৰ নতুন পদ্য অথবা স্পন্দিত গদ্যৰ ঢৌ
উঠা-নমা উঠা-নমা কৰি ভাব-সাগৰৰ তটৰেখাত
দুগালৰ বলিৰেখা মচি
এযোৰ চকুৱে সাবটে আনযোৰক
দহোটি কঁপা আঙুলিয়ে বুলায় স্মৃতিৰ মুখ
 
এতিয়া কাৰো নাই অসুখ
মাটিয়ে বিচৰা পা‍ঁচ শিকিৰ জনজননিত
নূপুৰ পিন্ধি ধনগুলৈৰ জুই ডাৱৰৰ পানীগছাত
 

ঠিকনা:

উত্তৰ পেটবঢ়া— ৭৮২১৪৪

নগাঁও (অসম) 

ভ্ৰাম্যভাষ: ৬০০২৫৭৬০৯৮

ই-মেইল: modarjyoti@gmail.comকবিতাটোৰ শ্ৰব্য ৰূপ



বিসংলগ্ন: এটা এণ্টিকবিতা
বাব্‌লু প্ৰসাদ বৰুৱা

 
অংকৰ শ্রেণীকোঠাত শিক্ষকে সোধে:
কচোন বোপাই, গছৰ ডালত বহি আছিল দুটি চৰাই
চিকাৰীৰ অব্যৰ্থ গুলীত এটি চৰাই নিহত হ’লে
কেইটা থাকিব জীয়াই?
শ্রেণীকোঠাৰ পৰিধি এৰি ঢাপলি মেলোঁ
বাচি থকা নিঃসঙ্গ সেই চৰাইটিৰ কাষলে’
হঠাতে মনত পৰে তুমি স্কুললৈ নহাৰ কথা।
*****
 
লহৰে লহৰে জীৱনৰ বাৰংবাৰতা মিলাই দেখোঁ—
সাগৰে কদাপি নাগায় নিমখীয়া প্ৰাৰ্থনা।
বিষাদ-বৰষুণত তিতিলে আমি কিয়
হত আকাংক্ষাত উদ্বাস্তু হৈ পৰোঁ?
অপ্ৰাপ্তিৰ দাবানলত পুৰি মানুহ মাথোঁ
ছাই হ’ব বিচাৰে, সোণ নহয়।
*****

 
জানো সঠিক, তোমাৰ তন্বী কঁকালৰ ঋজু ভাঁজত
প্ৰেম-ধতুৰাৰ বিহ সাঁচি থোৱা, মাধৱীলতা চুলিৰ অৰণ্যত
ফণা তোলা সাপৰ নিঃশ্বাস, তথাপি
তোমাৰ চাৱনিৰ চন্দ্ৰমাই শৰৎ
সজোৱা দেখি মই হওঁ জোনাক-অভিযাত্ৰী।

*****
 
ডিটেনশ্যন কেম্পৰ শিশু এটিয়ে যিদৰে উচুপে,
লিবিয়া অথবা লেবাননৰ শিশুহঁতেও একেদৰেই
কান্দে। সিহঁতৰ ভাষা বা উচ্চাৰণ একে।
অনুবাদ কৰিবলৈ কোনো ভাষা-বিজ্ঞানীৰ প্ৰয়োজন
নহয়। পৃথিৱীজুৰি পশু-পক্ষীৰ বৰ্ণমালা এক।
শিশু আৰু পশু একেই, সহজ স্বভাৱৰ।
মানুহ উদ্ধত ব্যতিক্ৰম।

ঠিকনা:প্ৰজ্ঞানুসন্ধান, ৰজাহাউলি, বালিগাঁও,ডাক: কোৰোকাতলি, জিলা: যোৰহাটডাক সূচকাংক: 785015ভ্ৰাম্যভাষ: 9859566017কবিতাটোৰ শ্ৰব্য ৰূপ



সমকামী
মিণ্টুল হাজৰিকা

কেঁচুৱাপুৱাতে
ৰিক্সা লৈ ওলায়
বুদ্ধ

যাত্ৰী বিচাৰি
কঁকালত বান্ধে
গামোচা

হিন্দী গীতৰ কলি
বুদ্ধৰ মুখত
আখৈ ফুটাদি ফুটে

বুদ্ধৰ পানজাপিৰ ৰং
পকা ঔটেঙা

কটা জিন্‌ছৰ হাফ্ পেণ্ট
য’ত অঁকা আছে
ৰাতিৰ বুৰঞ্জীৰ
প্ৰচ্ছদ

বুদ্ধৰ ওঁঠ
মাদাৰ ইন্দিয়া বিড়িয়ে
পোৰা

এই ওঁঠে
পোৰণি তোলে
নাভীৰ উপত্যকাত

বুদ্ধৰ
পাজিসেৰীয়া
আঙুলিৰ ফাঁকেৰে সৰকি পৰিছিল
কাহানিও লিখিব নোৱৰা
এটা কবিতা

ত্ৰিভুবনত
বুদ্ধ অকলে থাকে

বুদ্ধৰ ঘাম ওলালে
মনৰ অসুখত ভুগোঁ
আৰু লুণীয়া ঘামৰ গোন্ধটো
নাকত সানো
ওঁঠত সানো

লগে লগে
শলখা খুলি ওলোৱা-সোমোৱা কৰে
মেঘপুত্ৰ

বুদ্ধ
মোৰ এটা ছটফটনিৰ নাম

এই ছট্‌ফটনি যশোধৰাৰ আছিল নে নাই
মই নাজানো

বুদ্ধৰ জ্বৰ হ’লে
মই ভ্ৰম বকোঁ

সেই কথা বুদ্ধই নাজানে

নাজানিলেও থ’ব পাৰি
ওঁঠত ওঁঠ

দুটা আমিষ
আৰু দুটা নিৰামিষ ওঁঠ

আকাশৰ বাবে
পৃথিৱী কঁপে

আকাশে জানো
সেই কথা জানে?

মই জানো
পৃথিৱীয়ে জানে
বছ!

আস!
যাৰ ঘামত পৃথিৱীয়ে হাঁহে
সিয়ে বুদ্ধ

আৰু মই
বুদ্ধৰ সত্য-সূৰ্য

অৰ্ধনাৰীশ্বৰ!

বুদ্ধ
মোৰ উপাসনাগৃহৰ
হেৰেমত ফুলা

ঔ-ফুলীয়া উশাহ৷

ভ্ৰাম্যভাষ: ৮৬৩৮২ ৫৯০৭৩কবিতাটোৰ শ্ৰব্য ৰূপ



 
সাম্প্ৰতিক : চাৰিটা স্তৱক
সংগীতা মেধি
(১)
ঠিক এইখিনি সময়তে ডেও ডঁৰিকটো আহে
ঠিক এইখিনি সময়তে ন বাজি ফুলবোৰ ফুলে
সোণাৰুপাহৰ পৰা ছিঙি অনা গহণা পিন্ধি পখিলাবোৰ উৰে
আৰু আমি কি চাওঁ কি চাওঁ বুলি জপনাখন খোলোঁ
কিছুমান মুখা অতৰ্কিতে ভিতৰলৈ সোমায়
লাহে লাহে ঘৰ হৈ পৰে পোতাশাল
আৰু পোহৰৰ সন্ধানত আৰ্তনাদ
 
(২)
স্বাদ আৰু গোন্ধহীন চেতনাটোৱে উজাবলৈ নিদিয়া
উশাহকণ বিচাৰি মানুহে কৰা সকলো নালিচ খাৰিজ
কৰা হৈছে
মুক্ত পথাৰ, পাহাৰ, নদী আৰু গছবোৰৰ বিজয় উৎসৱৰ মাজত
অস্পৃশ্য বন্দীশাল নিৰ্মাণ হৈ আছে
ঘোলা চকুৰ মানুহবোৰ ঠাইতে নোহোৱা হৈ গৈছে
 
(৩)
শলিতাৰ অৱশিষ্টখিনি ভগাই লোৱাৰ কথা সময়ে জানে
ধানখেৰীয়া ছাঁ এটায়ো কেনেকৈ প্ৰাণক পোহৰ কৰি ৰাখিব পাৰে!
অপেক্ষা কোনে ক’ত নকৰাকৈ থাকে
হেৰাই যোৱা স্মৃতিবোৰেও অপেক্ষা কৰে
কোনোবাটো সৰে, কোনোবাটো গজে
পুনৰ জন্মৰ বাবে কিছু মূল্য আদায় দিব লাগে

(৪)
অকণি হাতবোৰ খিৰিকী পাৰ হৈ গুচি গৈছে
 
ৰং বুলি শিপাই ছাঁ কিছুমানকে আকাশলৈ নি
ৰামধেনু সাজিছে
 
ফু মাৰি বতাহে সী থৈছে চকু দুটা
আঁজলি পাতি হাতবোৰ ওপঙিছে
শুকান বুকুত একোপাহ ফুল 
সুঘ্ৰাণ বিয়পিছে, ক’ৰবাত বাঁহী এটাই সুহুৰিয়াইছে
চকুপানী এটোপাল
সঞ্জীৱনী বৰষিছে
 
বন্ধ কোঠাত জালিকটা পোহৰ
হাঁহি নে তালি
অকণমানি হাতত জোনাকী ফুলিছে

…………………কবিতাটোৰ শ্ৰব্য ৰূপ



 
কবিতা
শিখা গোস্বামী মহন্ত
১.

চুলি মেলি থম্‌থম্‌কৈ কি জানো ভাবি আছিলোঁ 

সোণাৰুবোৰে মেলি ল’লেহি জেঠৰ এখন চিঠি

বকুলফুলবোৰে লাহেকৈ বুলাই দিছে তানপুৰাত বৰষুণৰ আঙুলি

 
২.    

মই নজনাকৈ তুমি যিটো কবিতা লিখিছিলা

তাৰ গাত গা লগাই এখন ভৰপক পথাৰ

বেলিৰ তামীঘৰা এটা

আৰু বতাহৰ বাবে আছিল এটা স্নানাগাৰ
 
৩.    

ৰাতিটোতে গোপনে গজি উঠা এখন হাতে

চুই চাইছিল বাঢ়ি অহা দূৰত্বৰ সিটো পাৰ

চুব খুজি থমকি ৰৈছিল এটা নেজাল তৰাৰ সাধু
 
৪.    

পোহৰত গাব নোৱৰা সুৰ এটা মই মিলাই আছোঁ

গিলিপত লিপিট খাই জলপীৰা পাৰি বহিল দুটা ফুল

আৰু ৰাতিপুৱাই উৰি গ’ল এজাক পখিলা 

***** কবিতাটোৰ শ্ৰব্য ৰূপ



শূন্যৰ পৰা জীৱনলৈ 
সুদৰ্শনা বৰদলৈ


এন্ধাৰবোৰ আঁটি আঁটি বান্ধি
নিঃপালি দিয়ে ৰাজপথে
পয়া লগা সাধু এটাই উচুপি থাকে
মহানগৰীৰ গৰ্ভত

জ্বলি জ্বলি শেষ হোৱা কাহিনীবোৰ
ফুটছাই বৰণ লৈ আকাশত ওপঙি ফুৰে
এটা ভোকাতুৰ কলমে থপিয়াই ধৰে বাংময় আৱেগ

কিমান যে কথা
হুমুনিয়াহৰ
বিষাদৰ জ্বালামুখী
তলাবন্ধ হৃদয়ৰ আটাহ…

প্ৰেমেৰে ভৰুণ হোৱাৰ পাছতো
এই শূন্যতা… এই শূন্যতা…
সামৰি-সুতৰি ৰাখে এন্ধাৰৰ দৰে এটা সাধু

সমাপ্তিত খোদিত হয়
যাত্ৰাৰ আদিপাঠ
শূন্যৰ পৰাই যে আৰম্ভ হয় জীৱন…

ঠিকনা :তৰাজান বাইপাছ, যোৰহাটমন্দাকিনী বিবাহ ভৱনৰ সমীপত৷ভ্ৰাম্যভাষ: ৮৮৭৬৯১৮৯৬৩কবিতাটোৰ শ্ৰব্য ৰূপ

Visited 4 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close