Written by 3:57 am Poems

লতা আৰু ককা

স্বপ্নালী কলিতা

এদিন পুৱা ককাৰ পিঠিত লতা  উঠি ল’লে

ককাক বোলে, ব’লা ককা এৰাবাৰীৰ ফালে৷

ককাই বোলে হেৰৌ লতা!

ক’লৈ যাৱ তই?

এৰাবাৰীৰ আমৰ তলত 

ভূতৰ আপোন ঘৰ৷

ককা, ককা কিনো কোৱা!

সকলো যে‍ মিছা,

যোৱাৰ ভয়ত কিয় তুমি

মিছা মাতি আছা!

ভূতৰ ঘৰত বহি আমি আমৰ জুতি ল’ম,

ৰাহি হোৱা দুটা বাৰু ভূতলৈও থ’ম৷

আমাৰ স্কুলৰ ৰাতুল ছাৰক 

তুমি যদি চিনা,

তেনেহ’লে ছাৰে কোৱা

কথাখিনি শুনা৷

বিজ্ঞানে আমাক দিছে নতুন নতুন দান,

ভালদৰে চিনি-বুজি লোৱাই আমাৰ কাম৷

ভূত বুলি একো বস্তু পৃথিৱীতেই নাই,

ভয়ৰ বাবে সকলোৱে ভূত দেখা পায়৷

সেয়ে ককা, ব’লা ব’লা, এৰাবাৰীলৈ‍ যাম,

গছে-বনে কথা হোৱা উলাহেৰে চাম৷

পকা আমৰ ৰঙা ডালত হাঁকুটি লগাম,

আমৰ কলি চুপি চুপি বনৰ শোভা চাম৷

লতাৰ কথা শুনি ককাৰ হোৰাল মুখৰ বাক্,

খোজ ল’লে মনে মনে পিঠিত উঠাই লতাক।

ঠিকনা :

বৰটিং নাওশলীয়া

জিলা: গোলাঘাট(অসম)

পিন: ৭৮৫৬২৬

ফোন নং: ৯১০১৮৪০৭৫৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close