গীতাঞ্জলি বৰকটকী ভাগৱতীঅ-ই ক’লে অসমৰ অকণ-অকণি আমি
আ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।
ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজে
ঈ-এ বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?
উ-এ সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱা
ঊ-এ ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।
ঋ-এ বোলে ঋষি থাকে আশ্ৰমত ঋক্ জপ কৰি
এ-ই ক’লে এদিনত কেইঘণ্টা, চোৱাচোন ঘড়ী।
ঐ-এ বোলে ঐৰাৱত দেখি ভয় নাখাওঁ আৰু
ও-এ কয় ওখ ওক গছৰ পাত ছিঙিব নোৱাৰো।
ঔ-এ বোলে ঔ-টেঙাৰ চকলা খাওঁ নিমখ সানি
অ-ফলাৰ আখৰ পঢ়ি নাপাওঁ আমনি৷
ঠিকনা:বি.ভি.এফ্. চি.এল্. উচ্চতৰ মাধ্যমিক বিদ্যালয়নামৰূপ, শাখা-গডাক: পৰ্বতপুৰ, জিলা: ডিব্ৰুগড়, অসম
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025