Written by 3:29 am Poems

kabita

ভোক অথবা এই অন্ধকাৰ কালবেলা

ভোক অথবা এই অন্ধকাৰ কালবেলা

। ৰুদ্ৰ সিংহ মটক।

ভোকৰ অন্য নাম দু:স্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ

ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা

অন্ধকাৰ কালবেলা

ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতক

ভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহা

ভয়

সন্ত্ৰাস

বিধস্ত অৰ্থনীতি

মৃত্যুৰ অচিন মহামাৰী

ভোকত বনৰীয়া কচু খাই চুবুৰীয়া ৰহমত চাচা মৰাৰ দিনা মই

আজাৰাৰ বাইজনীৰ ঢেঁকীয়াৰ আঙুলিবোৰ ভয়ে ভয়ে চুই চাইছিলোঁ

তেওঁ হয়তো কৈশোৰতে জানিছিল ভোক নামৰ আদিম দৈত্যটোৰ নিৰ্মম

ঘাতকতাৰ কথা, টুইন টাৱাৰৰ সপোন দেখা আত্মাহীন মহানগৰৰ কথা

তেওঁ হয়তো যৌৱনতে দেখিছিল তেজৰ অথাউনী এন্ধাৰত ক’লা সাপ এটা হৈ নাচি থকা নিজৰেই ছায়া

বিস্ফোৰিত

ভৱিষ্যৎ

বনৰীয়া কচু বিষাক্ত কাঠফুলা খাই অকালতে মৰা কোনো সাংঘাতিক ডাঙৰ কথা

নহয় হেনো, বমি বদহজম তেজ-হাগনি হৈ মৰাও একো ডাঙৰ কথা নহয়

পৃথিৱীৰ মানুহ মাত্রেই মৰণশীল…

গণতন্ত্রই কোনোদিন খুলি চোৱা নাই

ভোক নামৰ কঠিন সত্যৰ কফিনৰ ঢাকনি

ভোকক প’ষ্টম’ৰ্টেম কৰাৰ স্বাধীনতা দিয়া হোৱা নাই ভাৰতবৰ্ষৰ দৰিদ্ৰ

নৰনাৰায়ণক

তেওঁলোকক দিয়া হৈছে পৃথিবীৰ বৃহত্তম গণতন্ত্র

তেওঁলোকক দিয়া হৈছে চকু মুদি ভোট দিয়াৰ

পৱিত্রতম স্বাধীনতা

কংকালসাৰ দিনবোৰে জনা হ’লে গণতন্ত্র নীলা পানীৰ চৰিয়াত গা ধোৱা শিয়ালতকৈ ধূৰ্ত

গণতন্ত্ৰ হায়েনা বা বাঘতকৈও হাজাৰ গুণে ভয়ংকৰ

দিনবোৰে চিনি পোৱা হ’লে বমি বিষ্ঠাৰ বাহিৰে একোকে ত্যাগ কৰিব নজনা ভোগবাদৰ

ঈশ্বৰহঁতক

ছদ্মবেশী যীশুহঁতক

ভালেই আছিল , হয় ভালেই আছিল দিনবোৰে চিনি পোৱা হ’লে বুকশ্বেলফত

হাঁহি হাঁহি বহি থকা আমাৰ দৰে বৰটোকোলা বুদ্ধিজীৱীহঁতক

০০০

ঠিকনা

——-

লাৰিকা গ্ৰীনভেলী, 

এয়াৰপোৰ্ট ৰোড্,

হাতখোৱাপাৰা-৭৮১০১৭

আজাৰা, গুৱাহাটী।

ফোন-৭০০২৩০৩৮৮২

৫৪৩ + ২৪৫ = ০

                 – হিমাংশু ভাগৱতী

৫৪৩ + ২৪৫ = ০

ভুল বুলি ভবা যোগটো অতি সৰলভাবে শুদ্ধ

মাজে সময়ে হাতৰ নখত লগাই দিয়া চিঞাহীকণ

নীলা বুলিয়ে সৰলভাবে ভবা যায়

অথচ বহুদিনলৈ লাগি থকা দাগটো কলা

সমদলত সৰলভাবে যোগ দিয়াৰ

এটা ঋতুৰ পাছতহে

কেমেলিয়নক অনুসৰণ কৰাৰ ভাগৰ আহে,

এই সাধুটো বাৰে বাৰে ঘূৰে

ইফালে সিফালে অকালতে নোহোৱা হোৱা মানুহবোৰ

আচলতে শূন্যহে

অধিকাৰ কোদোবাহ, চুব খুজিলেই বিপদ

৫৪৩+ ২৪৫ = ০

এই শূন্যটো শূন্য বুলি নাভাবিব

সৰলভাবে এই শূন্যটোৱে গিলি থয়

প্ৰায় এশ আঠত্ৰিছ কোটি  

লাখ লাখ শ শ

ছদ্মমুখ

 অনুলেখা বৰদলৈ

পৃথিৱীৰ ধূমায়িত গৰ্ভত

দোমোজাগ্ৰস্ত কোৱাভাতুৰীয়া মুখ

মুখত

অহৈতুকী হাঁহিৰ আস্ফালন

মুখৰ ওপৰত অনেক মুখৰ এঙেৰুৱা প্ৰলেপ

মন কৰিলেই যি

সলাব পাৰে মুখৰ আভাস

নিদ্ৰা আৰু জাগৰণৰ তফাৎ নোহোৱা

এইখন কি ঠাই

আন্ধাৰৰ মৰ-ৰাওচি

কিনো দেখোঁ কিনো শুনো

হেৰোৱা মাত একাঁজলি

জীৱনৰ মৈদাত কচি কচি

কালৰ আমঠু

হুমুনিয়াহৰ ডেউকা নাচে

প্ৰতিবেশীৰ নখৰ আঁচোৰ

শেলুৱৈ সময়ৰ

মৃত্যুসিক্ত পৰ্ঘুমা

কেৱল হানিবলৈ শিকিলোঁ

কুটুমৰ সখিয়তী কলিজা

হাতৰ তলুৱাত কেইপৰৰ উশাহ

হুকুমা*ত নিৰ্ণায়ক খেন

ততাপি শিলসৈয়া ৰাতিৰ শিতান

ছআঙুল তিলফুলৰ শেতেলিৰ অৰ্গলে

অনৰ্গল সিঁয়াৰে

অহৰ্নিশ সংঘৰ্ষ

কি যন্ত্রণা!

কাতিৰ আন্ধাৰে কঁপায় বন্দী জিভা

তেজত লুতুৰি-পুতুৰি মৃদংগ-দেহা

কোৱাৰি মেলা

হেৰ’ পুতনা কাল

ক’ত হেৰুৱালি তোৰ সোণৰ সোলেং

তোৰ তেজত নিঠৰ স্বজনৰ উশাহ

চকু মেলিলেই ছিটিকি পৰে

লালসাৰ আত্রাণি

অতৃপ্তিৰ অনন্ত আকাশ জুৰি

মূৰৰ ওপৰত নাচে

বুকুৰ দধিচী ভাবনা।

***********

 ধোনীৰ বাবে এটা কবিতা 

ধীমান বৰ্মন

(end of dhoni era or no end of dhoni era!!)

যদিওবা গুজৰি আছে

বাঘ বুঢ়া হৈছে

সময়ৰ এই নিৰ্ঘাত বেজীৰ পৰা

বাঘৰ ৰক্ষা নাই বুলি সি নিজেও জানে

তথাপি প্ৰাণটাকি দৌৰিছে

নখ মাৰিছে বতাহত

বনৰ ৰজা হৈ

মনোবল পৰিবলৈ নিদিয়াকৈ নিজ সৈন্যৰ

বুঢ়া বাঘে যুঁজিছে

হাৰিলেও ঘাঁহ খাবলৈ অপাৰগ

বাঘটোৰ যুগৰে ময়ো এক

আৱেগ আৱৰা জীৱ

চকুৰ লোতক দুধাৰিত

যেন লাহে লাহে বুৰ গৈছে

অতকাল হাঁহি আৰু উন্মাদনাৰ তৰংগত লৈ ফুৰা

বাঘৰ দিনৰ বেলি

****

চিনি নোপোৱা দূৰত 

গীতিমণি হাতীমূৰীয়া

অহৰহ বুৰ গৈ আছোঁ কোলাহলত

অথচ আমি নীৰৱতাৰেই নিসংগ

হাঁহি বিলোৱা মানুহবোৰো হঠাৎ

ঈশ্বৰৰ স’তে গুচি যায়।

ব্যস্ততাত খামুচি ধৰি মানুহবোৰে

 নিজকে বিচাৰি নাপায় …

আমি আকাশলৈ চাব নাজানো

শুনিবলৈ পাহৰি পেলাওঁ  চৰাইৰ কাকলি

চাবলৈ ফুলৰ পাহি

পখিলাৰ মিতিৰালি

কি জিনিবলৈ কি হাবিয়াস কৰোঁ আমি !

সুখী হ’বলৈকে যে দুখৰ প্ৰয়োজন

পোহৰক নাম দিবৰ ববেই যে আন্ধাৰৰ আয়োজন

তাকো পাহৰি যাওঁ ।

আচলতে বিশ্বাসী এক অন্ধকাৰৰ মাজত আমি

বাৰে বাৰে নগ্ন

নগ্নতাৰ স’তে বাস …

সেয়ে বিশ্বাস নামৰ সাঁকোডাল আমাৰ পৰা

বহু আঁতৰত

চিনি নোপোৱা দূৰত … 

কথকতা

কৌস্তুভমণি শইকীয়া দত্ত

সঁচাই মিছাই কথা কোৱা

কথকী চৰাই এজাক

মোৰ চৌপাশে কলৰৱ কৰি উৰি ফুৰে।

সিহঁতে বাহ সাজোঁতেও হাজাৰ গল্প কৰে

অমুকৰ বাহটো দুষ্প্ৰাপ্য এক ঘাঁহেৰে সজা

তমুকৰ বাহটো ধুমুহাই ভাঙিব নোৱৰা

কাৰোবাৰ বাহটো ভেমেচা

কাৰোবাৰটো হেনো ৰঙীন পলিথিন আৰু কাগজৰ কৃত্ৰিমতাসনা।

(কথাৰ প্ৰকোপত নেদেখাকৈয়ে মই সিহঁতৰ বাহবোৰ দেখোঁ।)

কেতিয়াবা সিহঁতে মানুহৰ কথাও ৰসালকৈ কয়

কোনে ফৰ্মুটি মাৰে

কোনে ছটিয়াই দিয়ে এমুঠি মচুৰ দাইল।

বেমাৰৰ ভয়ত লক্ডাউনত থকা মানুহৰ কথা কৈ কৈ সিহঁতে কিচিৰ মিচিৰকৈ হাঁহি পাখি কঁটালে।

মানুহে চলোৱা উৰাজাহাজৰ কথা কৈও বৰ আমোদ পায়।

মোক তাচ্ছিল্য কৰি আকাশত এপাক উৰি দেখুৱায়।

প্ৰকৃতিক বুজিবলৈ পৰিৱেশ বিজ্ঞান পঢ়াটো সিহঁতে বৰকৈ হাঁহে।

ব’টানী জুলজীৰ প্ৰকাণ্ড কিতাপবোৰত লিখা কথাবোৰো হেনো 

চৰাই পোৱালিবোৰে পাখি নৌগজোতেই জানে।

সভ্যতাত পিছপৰা মানুহৰ উন্নয়নৰ বাবে আলোচনাচক্ৰ পাতে, মোৰ সমুখতে।

(মোৰ সঁচাই লাজ লাগে।)

চটফটীয়া যৌৱনা দুটিমান আহি

অদৰকাৰী কথা চোবায়-

এইবেলি উমনিত সহায় নকৰাটোক

অহাবেলিলৈ হেনো ঘূৰিকে নাচায়।

পৰচৰ্চাৰ কোৰ্হাল প্ৰহৰত মই কথাছবিৰ মনোৰঞ্জন পাওঁ

(সিহঁতৰ সুৰীয়া কাকলি যেন বোলছবিৰহে গীত!)

বোধকৰোঁ মোৰ দৰে মানুহক চঞ্চল কৰি

তোলাই সিহঁতৰ প্ৰধান কাম ।

এদিন এটা গহীন চৰাই আহি

মাত লগালেহি – শুনিছা নে নাই

চৰাইৰ কোনো শ্মশান বা কবৰস্থান নাই

মানুহ ইমান মৰে নে.. নমৰে নেকি চৰাই!

(কিছু কথাৰ আগো নাই গুৰিও নাই)

মোৰ চৌপাশে

সঁচাই মিছাই কথা কোৱা

কথকী এজাক চৰাই ।

***

>> কুসুমিত কলাজ <<

(১)

ছোঁ হৈ দুলি আছিলোঁ পথাৰত

বতাহৰ বেগেৰে কোনে আহি ক’লেঃ

জীৱনৰ গণিতে সৰল অঙ্কৰ উপপাদ্য নামানে

বনৰীয়া ফুলবোৰ শুই থকা শিশুৰ একোখন মুখ 

 (২)

বুকুৰ বলুকাত এপাহ বকুল 

ছায়া-ছবিৰ তুলিকাত উঠি আহিছে

এখনি জীর্ণপ্রায় এজাৰফুলীয়া হাত

স্মৃতিকাতৰতা কবিৰ পুৰণি অসুখ

(৩)

ক্রন্দনৰতা আকাশ আজি নিঃসংগ

শিলচেঁচা শূন্যতা এখিনি বতাহত এৰি

মুক্তি মঙ্গল ভটিমা আওৰাইছে ফেঁচাই 

হেৰাই যোৱাৰ বাটটো ইমান সুলভ কিয়!

>> প্ৰেৰক : খনিন্দ্র ভূষণ মহন্ত।

                   ভ্ৰাম্যভাষ নং : ৯১০১৯৮৬১৪০

গুড়ি- চালনী    

শুকান হৈ আহে আমাৰ সাহপিত,

পাঠশালাৰ গোট মাৰি থকা মনোযোগক আগচি

মনু হাজৰিকা ছাৰৰ গপচ-গধুৰ কণ্ঠস্বৰ–

“মনত ৰাখিবিহঁক,

চালনীৰে চালি, কুলাৰে জাৰি মলখুকিটা বাছি

উলিওৱাৰ পাছতহে তহঁতৰ প্ৰমোচন! ”

আমাৰ তলমুৱা বুকু-পাঠশালাৰ বহুনা-কোলাত

তেনেকৈয়ে খামি-পুতি বহে চালনীৰ বীৰত্ব-নিৰ্যাস৷

এদিন দেখিলোঁ–

ছাঁ-চুটি পিৰালিৰ গাখীৰতী-বতাহত

পিতাদেউৰ দাঁতৰ কামোৰ এখিনিৰ তল-সৰকা

মাইকী-গাঁঠি কিছুমানে

তেনেই পৃথিৱী-ঘূৰণীয়াকৈ গিI.ছে এখন ঘন-চালনী–

আইৰ ফেলাহি-মেলা একোঁচ হেঁপাহৰ জোখত৷

বাI.নী-বতৰে বৰষুণ চালিব পৰা হিচাপৰ

এখন গুড়ি-চালনী!

মাল-লৰী গাড়ীৰ ধোঁৱা-নলিচাৰে ডিজেল গোন্ধোৱা

গাঁৱলীয়া আলিবাট এটাত

গুড়ি-চালনীৰ ষ্টিয়েৰিং পকাই আমাৰ ল’ৰা-চেঁকুৰ৷

চালনী-সৰকা কিনকিনীয়া বতাহে

জুৰ পেলাই থৈ যায় কলিজাৰ সৰিয়হ-ফুটা উত্তাপ৷

তুলসীতলীয়া মঙল বাৰৰ এটা ৰাতিপুৱা

মোৰ মূৰৰ ওপৰত নাচি উঠে এখন গুড়ি-চালনী,

যি এৱাঁ কলহ এটাৰ মুখত মুখ পাতি ধৰি

চালি দিয়ে মন্ত্ৰ-মৰা মুখভঙা পানীৰ নিছিগা-ধাৰ–

উটুৱাই নিবলৈ মোৰ

দুৰ্দিনৰ আটাইবোৰ গেলেপা-গেলেপ গোন্ধ৷

মিঠা-সমাজিক এটাৰ গুড়িবোৰ চালি দিবলৈ

অথবা,

ৰ’দৰ ৰং চালি হালধীয়া কৰি তুলিবলৈ বুকুৰ কুলা,

গুড়ি-চালনিখন মোৰ

মই পাহৰি এৰি থৈ আহিলোঁ

ল’ৰালি-পথাৰৰ শেলুকনিৰ বঁকীয়া এটাত৷

হ’লেও বুকুৰ ভিতৰত মোৰ

এতিয়াও আছে আন এখন গুড়ি-চালনী,

যি সন্ঢালনিকৈ চালি থাকে দুখৰ বৰষুণ এজাক!

[ডঃ] দেৱজিৎ শইকীয়া, অধ্যক্ষ, মাজুলী মহাবিদ্যালয়, ডাকঘৰ- কমলাবাৰী, মাজুলী-৭৮৫১০৬, ম’বাইলঃ ৮৬৩৮৭৬৯০৪০,

ইমেইলঃ drdebajit23@gmail.com

Visited 5 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close