Written by 4:37 am Articles

ৰন্ধনকলা

পম্পী শৰ্মা খাউণ্ড
ছুইট কৰ্ন চাট

উপকৰণ
কৰ্ন১ বাটি  (সিদ্ধ কৰি লোৱা)
বিলাহী১টা (মিহিকৈ কাটি লোৱা)
পিঁয়াজ১টা (মিহিকৈ কাটি লোৱা)
কেঁচা জলকীয়া১-২ টা (মিহিকৈ কাটি লোৱা)
ধনিয়া পাত১ মুঠি (মিহিকৈ কাটি লোৱা)
নেমু ৰস২-৩ চামুচ
বাটাৰ১ চামুচ
জলকীয়া গুড়ি১ চামুচ
চাট মচলা১ চামুচ
ৰ’ক ছল্ট/ক’লা নিমখজোখ অনুপাতে

প্ৰণালী: প্ৰথমে এটা ছছপে‍নত পানী উতলাই ১০ মিনিটমান সময়ৰ বাবে কৰ্নখিনি সিজিবলৈ দি তাৰ পাছত পানী নথকাকৈ টুকি ল’ব। তাৰ পাছত তাৰ লগতে কাটি লোৱা পিঁয়াজ, বিলাহী, ধনি‍য়া পাত, কেঁচা জলকীয়া, নিমখ, জলকীয়া গুড়ি‍, চাট মচলা, নেমুৰস আৰু বাটাৰ- এইখিনি ভালদৰে মিলাই সানি লৈ পৰিৱেশন কৰক। এই ছুইট কৰ্ন চাট বিধ স্বাস্থ্যসন্মত হোৱাৰ লগতে খাবলৈও অত্যন্ত সুস্বাদু।

স্পাইচি ছি‍জি ব্ৰেড

উপকৰণ
ব্ৰেড৫/৬ চকল (টুকুৰা কৰি কাটি ল’ব)
কণী৩ টা
পিঁয়াজ২ টা (মিহিকৈ কাটি লোৱা)
বিলাহী২টা (কুটি লোৱা )
আদা, নহৰুৰ পেষ্ট১ চামুচ
কেঁচা জলকীয়া২টা (কুটি লোৱা)
ধনি‍য়া পাত১ মুঠি (কুটি লোৱা)
জীৰাগুড়ি‍, জলকীয়া গুড়ি‍, নিমখ, হালধি‍জোখ অনুপাতে
ৰিফাইন তেল/বাটাৰজোখ অনুপাতে
ছি‍জজোখ অনুপাতে

প্ৰণালী: প্ৰথমে এটা পাত্ৰত কণীকেইটা দি ফেটি লৈ তাৰ লগত কাটি লোৱা পিঁয়াজ, বিলাহী, জলকীয়া, ধনি‍য়া পাত আৰু নিমখ দি ভালদৰে মিলাই লৈ ব্ৰেডৰ টুকুৰাখিনি দি আকৌ এবাৰ ভালদৰে মিলাই ল’ব।

এতিয়া এখন নন্‌ষ্টিক কেৰাহিত তেল নাইবা বাটাৰ দি আদা ,নহৰু পেষ্ট্খিনি দি লগত জলকীয়াগুড়ি‍, জীৰাগুড়ি‍, হালধি দি লৰাই লৈ তৈয়াৰ কৰি লোৱা ব্ৰেডৰ টুকুৰাখিনি ঢালি দি ভালদৰে লৰাই অলপ সময় ভজাৰ পাছত ব্ৰেডখিনিত ছি‍জ দি আৰু অলপ সময় ভাজি নমাই দি গৰমে গৰমে টমেট’ ছছৰ লগত পৰিৱেশন কৰিব। সদায় খাই থকা ব্ৰেডটো  এইদৰে প্ৰস্তুত কৰিলে খাবলৈ অত্যন্ত সুস্বাদু হৈ পৰে।

পম্পী শৰ্মা খাউণ্ড

পূৰ্বৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Last modified: May 23, 2025
Close Search Window
Close