Written by 4:37 am Poems

গুড়ি- চালনী

ড° দেৱজিৎ শইকীয়া
শুকান হৈ আহে আমাৰ সাহপিত,পাঠশালাৰ গোট মাৰি থকা মনোযোগক আগচি
মনু হাজৰিকা ছাৰৰ গপচ-গধুৰ কণ্ঠস্বৰ–
“মনত ৰাখিবিহঁক,
চালনীৰে চালি, কুলাৰে জাৰি মলখুকিটা বাছি
উলিওৱাৰ পাছতহে তহঁতৰ প্ৰমোচন!”

আমাৰ তলমুৱা বুকু-পাঠশালাৰ বহুনা-কোলাত
তেনেকৈয়ে খামি-পুতি বহে চালনীৰ বীৰত্ব-নিৰ্যাস৷

এদিন দেখিলোঁ—
ছাঁ-চুটি পিৰালিৰ গাখীৰতী-বতাহত
পিতাদেউৰ দাঁতৰ কামোৰ এখিনিৰ তল-সৰকা
মাইকী-গাঁঠি কিছুমানে
তেনেই পৃথিৱী-ঘূৰণীয়াকৈ গঢ়িছেএখন ঘন-চালনী—
আইৰ ফেলাহি-মেলা একোঁচ হেঁপাহৰ জোখত৷

বাঢ়নী-বতৰে বৰষুণ চালিব পৰা হিচাপৰ
এখন গুড়ি-চালনী!

মাল-লৰী গাড়ীৰ ধোঁৱা-নলিচাৰে ডিজেল গোন্ধোৱা
গাঁৱলীয়া আলিবাট এটাত
গুড়ি-চালনীৰ ষ্টিয়েৰিং পকাই আমাৰ ল’ৰা-চেঁকুৰ৷
চালনী-সৰকা কিনকিনীয়া বতাহে
জুৰ পেলাই থৈ যায় কলিজাৰ সৰিয়হ-ফুটা উত্তাপ৷

তুলসীতলীয়া মঙল বাৰৰ এটা ৰাতিপুৱা
মোৰ মূৰৰ ওপৰত নাচি উঠে এখন গুড়ি-চালনী,
যি এৱাঁ কলহ এটাৰ মুখত মুখ পাতি ধৰি
চালি দিয়ে মন্ত্ৰ-মৰা মুখভঙা পানীৰ নিছিগা-ধাৰ–
উটুৱাই নিবলৈ মোৰ
দুৰ্দিনৰ আটাইবোৰ গেলেপা-গেলেপ গোন্ধ৷

মিঠা-সমাজিক এটাৰ গুড়িবোৰ চালি দিবলৈ
অথবা,
ৰ’দৰ ৰং চালি হালধীয়া কৰি তুলিবলৈ বুকুৰ কুলা,
গুড়ি-চালনিখন মোৰ
মই পাহৰি এৰি থৈ আহিলোঁ
ল’ৰালি-পথাৰৰ শেলুকনিৰ বঁকীয়া এটাত৷

হ’লেও বুকুৰ ভিতৰত মোৰ
এতিয়াও আছে আন এখন গুড়ি-চালনী,
যি সন্ঢালনিকৈ চালি থাকে দুখৰ বৰষুণ এজাক!

ঠিকনা:

অধ্যক্ষ, মাজুলী মহাবিদ্যালয়, 

ডাকঘৰ- কমলাবাৰী, মাজুলী-৭৮৫১০৬, 

ম’বাইলঃ ৮৬৩৮৭৬৯০৪০,

ইমেইলঃ drdebajit23@gmail.com

শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 17 times, 1 visit(s) today
Last modified: May 23, 2025
Close Search Window
Close