Written by 10:18 am Poems

প্ৰাৰ্থনা

এম. কামালুদ্দিন আহমেদ

অনুচ্চাৰিত শব্দবোৰ
মুখগহ্বৰতে লুকাই থাকে
স্বৰ্গীয় পোহৰৰ এচমকা
সেইবোৰতে লিপিট খাই থাকে

গোটেই ৰাস্তাতে‍
আখৈৰ অঞ্জলি
দোকমোকালিতে দোৰোণ ফুল ইমানকৈ ফুলিছে

আখৈৰ বৰণ একেই আছে
দোৰোণ ফুল দোৰোণ হৈয়েই আছে
ৰূপান্তৰৰ নিয়ম সিহঁতে পাহৰিছে

তোমাৰ জিভাত থিত লগা শব্দবোৰ উচ্চাৰিত হৈ
প্ৰাৰ্থনাগৃহতে আবদ্ধ হৈ আছে
বাহিৰ ওলাব নোৱাৰি দিগ্‌বিদিক হেৰুৱাইছে

তোমাৰ অনুচ্চাৰিত শব্দবোৰ
প্ৰাৰ্থনাগৃহৰ পৰা ওলাই আহিছে
ঈশ্বৰৰ ওচৰলৈ ঢাপলি মেলিছেশ্ৰব্য ৰূপ

Visited 4 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close