Written by 10:04 am Articles

শীতৰ এটা ৰাতি

মামণি দাসকি ক’ব খুজিছিলোঁনক’লোঁশুনিবলৈ ব্যাকুল শ্ৰোতা‌ এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেনইমান ঠাণ্ডাত জুই একুৰাৰ আগতধোঁৱা ফুৱাই ফুৱাইকোনেও নুশুনিলেও এনেয়ে ক’লোঁএই ঘন কুঁৱলীখিনি মোৰ অনীহানিজতকৈ মুগ্ধ শ্ৰোতা কোনো নাইতথাপি পুহৰ এন্ধাৰত কল্পনাৰ খেলখন খেলি থকাৰ মাজতবিৰক্ত হৈ উঠোঁবিৰক্ত হ‌ওঁ এই ভাবিয়েই যেএই মুহূৰ্তত ভাবি থকা কথাটোনিজৰ লগত খেলা আমোদজনক খেল এটাৰ বাদে একোৱেই নহয়শ্ৰোতাহীন কথাবোৰ কিয় আখজাঅলীক আৰু অৰ্থহীনকিছু দেৰিৰ আগলৈকে মোৰ কাষত কোনো নাছিলকোনো নথকাটোৱেই বিচাৰিছিলোঁশুনিব খোজা কোনোবা থকা হ’লেও মই চাগে কিছু জেদী হ’লোঁহেঁতেনপুহৰ এই কঁপি থকা জুইকুৰামোৰ অস্থিৰতাৰ অনুবাদক …শীতৰ ছবি এখন মনলৈ আহিলতবিস্মৃতিত ভোগা মানুহৰ থৰ চকুবোৰমনত পৰিক’ম বুলিও নক’লোঁস্মৃতিত ভুগি ভুগিয়ে মানুহ বিস্মৃতিত ভোগেমই যেনিবা স্মৃতিহীন কাঙাল …আঁতছিগা কথা এগাল পাগুলি সেকি থকাহাত দুখনগালতে থৈশীতৰ ৰাতি এটা কটাই দিছোঁ।শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 4 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close