Written by 10:04 am Poems

অতীত

জুবিলী গগৈ

সকলোৰে এটা অতীত থাকে

কেতিয়াবা উৰুখা চালৰ ফুটাৰে
অতীত জিলিকি থাকে
আকাশ হৈ

কেতিয়াবা সোণালী সূতা হৈ
দেহত ওলমি থাকে অতীত
শৌৰ্য হৈ

শিলে শিলে ঘঁহনি খাই
জ্বলি উঠা জুইৰো
এটা অতীত আছে
যি জুইত জাহ গৈছিল 
সৰি পৰা হালধীয়া পাতবোৰ

গছৰ গুটিবোৰ 
বগাই ফুৰিছিল
বুকুৱে বুকুৱে
চলন্ত চকা হৈ

দুৱাৰ নথকা ঘৰবোৰ

ঘৰবোৰলৈ যেতিয়াই 
দুৱাৰ আহিল
কিছুমান অতীত 
পৰ্দাৰ সিপাৰে
লুকাই পৰিল

যেতিয়াই সূৰ্যমুখী ফুলৰ পৰাও জ্বলি উঠিল জুই
কিছুমান অতীত 
দাহ গ’ল জুইত

যেতিয়াই দ্ৰুত হৈ পৰিল
জীৱনৰ গতি
কিছুমান অতীত
ধূসৰ হৈ পৰিল
সময়ৰ ধূলিয়ৰিত

কিছুমান অতীত থাকি যায়
কেৱল আই-পিতাইৰ
বুকুৰ ভাঁজতে

আই-পিতায়ে নজনাকৈও
কিছুমান অতীত থাকে

যি অতীত নিজৰ লগতে
অতীত হৈ যায়শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close