Written by 10:04 am Poems

দৈনন্দিন

ফাৰহান জাৱেদ

টোপনিত পৰিভ্ৰমণ নকৰালৈকে
আমি এখন পৃথিৱীত মজি থাকোঁ
য’ত অতি নিৰ্মম নীতিয়ে আমাক কাবু কৰে
আমাৰ সম্ভাৱনা
আমাৰ দুৰ্ভাৱনাক প্ৰতিপালন কৰে

মানুহ হৈ থাকিবলৈকে
জীৱন জটিলতাৰ বিষ পান কৰিব লাগে
অন্যথা প্ৰাচুৰ্যই স্বভাৱ বেয়া কৰে…

মানুহ হৈ থাকিবলৈকে
অপ্ৰাপ্তিৰ বোজা কঢ়িয়াব লাগে
কোনো নীড়হাৰাৰ আশ্বাস হ’বলৈকে
অসুখ এটা গজাই ল’ব লাগে বুকুত

সপোন কিনি লোৱাজনে কি বুজিব সৰ্বহাৰাৰ ব্যথা?
চকুপানীৰ কাৰুণ্যই বিদ্ধ কৰাহ’লে বুকু
গেছ চেম্বাৰত নিৰ্দয়ভাৱে নমৰিলহেঁতেন মানুহ
অথবা ক্ৰুছবিদ্ধ নহ’লহেঁতেন যীশু…

বুকুত গুলীৰ আঘাত লাগিলেহে
স্বাধীন হ’ব পাৰি
স্বাধীন হ’বলৈকে যোদ্ধা হ’ব লাগে

স্বাধীনতা:
বুকুৰ তেজে ধোৱা মাটিৰে লিখে ইতিহাস…

বতাহত ওপঙি গৈ থাকে সময়বোৰ
অথচ
সময়ৰ গতিত আমি পৰাজিত হৈ যাওঁ!

ঠিকেই দৌৰিছিল বিল গেইট্‌ছে
অথবা আম্বানিয়ে ভোকৰ শৰীৰ ঠিকেই চিনিছিল
কিন্তু পেটৰ জুই নুমালেই
আমি পাহৰি যাওঁ ভোকৰ বায়ৱীয় উপস্থিতি!শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close