Written by 8:11 am Articles

প্লেটফৰ্ম নং ২১

দ্বীপৰাজ

আজি জীৱনৰ কথাকে কোৱা যাওক :(অলপ পাছতে মই ৰাজহুৱাকৈ ঘোষণা কৰিম মদ নাখাওঁ ২১-ত২০ নম্বৰ ষ্টেচনতে শেষ চুৰটটো শেষ কৰি মোহাৰি পেলাম ভৰিৰে…)

কাইলৈৰ পৰা কেলেণ্ডাৰখন পঢ়া টেবুলত থাকিব ভেঁকুৰা ডায়েৰীবোৰ সোমাব আলমাৰীত…এদিন ল’ছালীয়ে পঢ়িব,কিদৰে ক’ত প্ৰথম পানী ভাঙি চুটি গৈছিল ৰাতিক’ত খাইছিলোঁ প্ৰথমটো দীঘলীয়া চুমা…বোধহয় সিহঁতে ক’ব … দেউতা ইমানেই আউটডেটেডনে! 

আৰু কেতিয়াও শোক আৰু যুদ্ধৰ সময়বোৰ ডায়েৰিীত নোটোকোঁ ইতিহাসে হাঁহিব  ইমান ধূসৰ আৰু বিষাদ জৰ্জৰিত হুমুনিয়াহবোৰ সাঁচি নাৰাখোঁ আখৰৰ মাজত৷ পুলিচৰ কোববোৰ , বেৰিকেড্ ভঙা চিঞৰবোৰক সোমাবলৈ নিদিওঁ কলমৰ চিঞাহীত… এয়াতো পাপৰ ইতিহাস ইয়াত না জীৱন আছে না ভাললগাবোৰ!

২০ নং প্লেটফৰ্মত সোমোৱাৰ আগতেওভচহু কথাবোৰ কোনোবা এজন অচিনাকি‍ যাত্ৰীক কৈ আছিলোঁ! কেনিনো তেওঁক এৰিলোঁ ২১ পাবৰ সময়তহে মনত পৰিছে… ২০ -ত  আকাশলৈ যোৱাৰ কথা আছিল২০ -ত বুকুৰ পোহৰেৰে আই পিতাইক নিচুকুৱাৰ কথা আছিল ২০ -ত হাতৰ আখৰেৰে জীৱনক গঢ়াৰ কথা আছিল!  

ই কেনে  দুঃস্বপ্ন যে মই মোৰ হাত দুখন কাটি ল’লোঁ  টোপনিতে আধা নাঙঠ হৈ মই বিছনাত পৰি আছিলোঁ বহু দিন কামনাতে জপটিয়াই আছিলোঁ অৰ্ধউলংগ এগৰাকী অচিন নাৰীক!তেতিয়ালৈকে ২০ নং প্লেটফৰ্মৰ পৰা সকলো নীৰৱে গুচি‍ গৈছিল 

গুচি‍ গৈছিল মোৰ আকাশ চোৱাৰ হেঁপাহ গুচি‍ গৈছিল কলমৰ আগত তিৰবিৰোৱা আখৰ… 

এয়া ২১ নম্বৰ প্লেটফৰ্মৰ উকি এনে সময়তে কাৰোবাৰ বয়স ২১ হ’বকাৰোবাৰ প্ৰেমৰ বয়স ২১ হ’বকোনোবা ঢুকুৱা বা বিবাহ বিচ্ছেদৰো ২১ বছৰ পূৰ হ’ব 

২১ -তে এদিন আমাৰো প্ৰেমত পৰাৰ বয়স হৈছিল ২১ -তে ধুম্ৰপানৰ টিপ্‌ছটো আদায় কৰিছিলোঁ নিচা কৰি ঢলি পৰিছিলোঁ হ’ষ্টেলৰ বাৰান্দাত আৰু ভুলতে তোমাক খেপিয়াই খেপিয়াই ভুল কৰিছিলোঁ নিৰ্জন চুক এটাৰ এন্ধাৰত  এয়া চাপি আহিছোঁ উৎকণ্ঠা প্ৰতিবাৰেই কাক বা লগ পাওঁ/ কি বা দি যাওঁ  ২২ -লৈ যোৱাৰ আগতে আহাঁ মনৰ কথাবোৰ কৈ লওঁ ২০ -ক আৰু নোসোধোঁ কৈ থকা কথাবোৰ কোনে শুনিছিল ২২ -ক হে সুধিম ২১ -ৰ কথাবোৰ তেওঁ শুনিছিলনে!শুনিছিলনে ৰাজহুৱাকৈ কৰা ঘোষণাবোৰ?শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 5 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close