Written by 8:11 am Poems

মই পাহৰি থকা এটা দিন

মৈত্ৰেয়ী পাটৰ

দিনৰ দিনটো দিন এটাপাহৰি থাকিলোঁ

আঙুলিত এতিয়া শীতসেমেকা নীৰৱতা

দিন এটা পাহৰি থকাৰ দৰেপাহৰি থাকোঁ নিজকো

বাঢ়ি আহে সুখময় বিষাদপাহৰাৰ কুচকাৱাজ

পাগুলি থাকোঁহেৰাই যোৱা বহুতো বাট

পাহৰণি এটা গানগুণগুণাই থাকোঁ

এতিয়া মই এডাল গছআঙুলিত যাৰ মাথোঁ নীৰৱতা

দিনৰ দিনটো দিন এটাপাহৰি থাকোঁ, মোৰ গা ছানি

বাঢ়ি আহে সেই একেটা দিনমই পাহৰি থকা

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close