মুনমুন সৰকাৰ শইকীয়া
বোন্দাপৰ দিয়া ৰাতিটো হাঁহি-কান্দি কান্দি-হাঁহি সিকৈ আছে আৰু কৈ গৈছেতাৰ ক’লা বৰণৰআঁৰৰ কাহিনী।তাৰ কাহিনীত বুৰ গৈ
ময়ো ৰাতিৰ বৰণ লৈছোঁ;
মোৰ দাঁত আৰুহাতৰ
ভৰিৰ
নখকেইটাৰ বাহিৰে
মোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰ
আধিপত্য।মোৰো ক’বলগীয়া আছিল—
এন্ধাৰৰ আঁৰৰ কাহিনী।
ক’ব নোৱাৰিলোঁ,
মই এটা ৰাতি হ’ব নোৱাৰিলোঁ।মাগুৰ বৰণীয়া জঁকাটো লৈ
মই বাৰু
কি ক’ম কোনে শুনিব
শুনিব কোনে
ঠিকনা :মিছামৰা, গোলাঘাট৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025