Written by 8:04 am Poems

মূল কবিতা: ছাৰা টীজডে’ল

অসমীয়া অনুবাদ: গীতুমণি তালুকদাৰ
(ছাৰা টীজডে’ল (৮ আগষ্ট, ১৮৮৪ – ২৯ জানুৱাৰি‍, ১৯৩৩) এগৰাকী আমেৰিকান কবি৷ তেখেতৰ সম্পূৰ্ণ নাম ছাৰা ট্ৰেভ’ৰ টিজডেল৷ তেখেতেই ১৯১৮ চনত  কবিতাৰ বাবে  ‘কলম্বিয়া  বঁটা’ লাভ কৰা প্ৰথমগৰাকী কবি,  যিটো পাছত পুলিৎজাৰ বঁটা (কবিতাৰ ক্ষেত্ৰত) হিচাপে জনা যায়৷)

৷৷ দুৰ্গুণ ৷৷
তেওঁলোকে মোৰ ওচৰলৈ আহিছিল
আপোনাৰ দুৰ্গুণবোৰৰ বিষয়ে ক’বলৈ

তেওঁলোকে এটা এটাকৈ খুঁচৰিছিল সেইবোৰ
মই চিঞৰি হাঁহিছিলোঁ তেওঁলোকে কোৱাৰ পাছত

মই ভালদৰে চিনি পাইছিলোঁ  তেওঁলোক সকলোকে
আগৰে পৰাই

অ’হ, তেওঁলোক বিবেচনাশূন্য আছিল, বৰ বিবেচনাশূন্য

আপোনাৰ দুৰ্গুণবোৰে মৰম বঢ়াইছিল আপোনাৰ প্ৰতি মোৰ৷

৷৷ বসন্তৰ মৌন নিশা ৷৷

বসন্তৰ মৌন নিশা
চৌদিশ আমোলমোল
প্ৰতিজোপা গছৰে ফুল

তেওঁলোকলৈ নৈঃশব্দ্যয়ো শান্তি আনে,
নানে মোলৈ

মোৰ শান্তি
তেওঁৰ কুচবৃন্তৰ মায়াত বন্দী
আৰু মই বন্দী অনিশ্চয়তাৰ অটলত

সকলোৰে বুকুত প্ৰেমৰ জোৱাৰ উঠে দিনে-ৰাতিয়ে
কে‍ৱল মোৰ বুকুতে নিৰৱধি বয় বিষাদৰ নৈখন৷

৷৷ নৱে‍ম্বৰ ৷৷
পৃথিৱীখন ভাগৰুৱা, বছৰটো পুৰণি,
জঁই পৰা পাতবোৰ পুলকিত মৰহিবলৈ পাই,
শীতলতাত বতাহছাটি কঁপিবলৈ ধৰিছে
য’ত বাদামৰঙী খাগৰিবোৰ শুকাই আছে৷

আমাৰ ভালপোৱা মৰহিবলৈ ধৰিছে ঘাঁহবোৰৰ দৰেই
আৰু আমি যে  চুম্বন কৰিছিলোঁ  আৱে‍গবিহীনভাৱে,
অৰ্ধপুলকিত হওঁ পুৰণি মৰম
হেৰাই যোৱালৈ চাই
বতাহৰ দিশে যোৱা পাতবোৰৰ দৰেই৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close