সঞ্জীৱ সভাপণ্ডিত
চিত্ৰশিল্পী পুলক গগৈয়ে এখন ছবি আঁকি আছে৷ বহুদিনৰ পৰা৷ নিজৰ মাকৰ ছবি৷
তেখেতৰ নিজৰ বয়স এতিয়া প্ৰায় আশী বছৰ৷ মাক ঢুকোৱা বহু দিন হ’ল৷ মাকৰ মুখখন ভালকৈ মনত নাই৷ তেওঁ ঠিক ধৰিব পৰা নাই কোনখন মুখ আঁকিব— কেঁচুৱা হৈ তেওঁ মাকৰ গাখীৰ খাই থকা সময়ৰ নে মাকৰ বৃদ্ধা অৱস্থাৰ নে কেতিয়াবা ক’ৰবালৈ যাবলৈ সাজি-কাচি ওলাওঁতে ধুনীয়া দেখা মানুহজনীক!
বহি থকা অৱস্থাত নে থিয় হৈ থকা অৱস্থাত নে কেনে অৱস্থাত! মাককতো কেতিয়াও বহি থকা দেখাই নাছিল৷ সদায়তো কিবা নহয় কিবা কৰিয়েই আছিল— মজিয়া লিপি আছিল বা ধান মাৰি আছিল বা ঢেঁকী দি আছিল বা ধান দাই আছিল বা কাপোৰ ধুই আছিল বা বাৰীত-পাচলিত গোবৰ দি আছিল বা গোসাঁইঘৰত চাকি দি আছিল বা বিয়াত নাম গাই আছিল বা কাপোৰ চিলাই আছিল বা ভাত ৰান্ধি আছিল বা মাছ বাছি আছিল বা বৰশী বাই আছিল৷
মুঠতে গগৈয়ে মাকক আঁকিব পৰা নাই৷ বাৰে বাৰে আঁকিম বুলি— শেষ কৰিম বুলি যায়— নোৱাৰে৷
মাকক অঁকা ইমান কঠিন নে?
মানুহে মাকৰ দেহটো আঁকে নে কি আঁকে? মাকৰ বা ৰূপ কি আচলতে? মাক বুলিলে বা কি বুজায়?
আধা অঁকা ছবিখন সমুখত লৈ তেওঁ বহি থাকে৷ তেওঁ ভাবে— তেওঁ কাৰ মাকক আঁকিছে বাৰু! তেওঁৰ মাক আৰু আনৰ মাক বেলেগ নেকি বাৰু? তেওঁৰ মাকৰ সময় আৰু আন বেলেগ মাকৰ সময় বেলেগ হ’লেও মাক বেলেগ হৈ যায় নেকি বাৰু?
জয়মতীও মাক আছিল৷ মূলাগাভৰুও মাক আছিল৷ ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাঈও মাক আছিল৷ দিল্লীৰ সম্ৰাজ্ঞী ৰেজিয়া চুলতানাও মাক আছিল৷ মেক্সিম গৰ্কীৰ ‘মা’-ও মাক আছিল!
অ’ গৰ্কীৰ ‘মা’…
পুতেকে দেশৰ শাসনকৰ্তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল৷ ৰজাৰ খং উঠিছিল৷ তাক ধৰি আনিবলৈ হুকুম দিছিল৷ সি পলাইছিল পৰদেশলৈ৷ শত্ৰুৰ লগ লৈ সি নিজৰ জন্মভূমিক আক্ৰমণ কৰিছিল৷ কিন্তু তাৰ মাক নিজৰ দেশত থাকি গৈছিল৷ নিজৰ দেশ আক্ৰমণ কৰিলে মাকৰ মৃত্যু হ’ব পাৰে বুলি সি তাৎক্ষণিকভাৱে আক্ৰমণ নকৰি দেশখন অৱৰোধ কৰি ৰাখিছিল৷
তাৰ মাকক দেশৰ জনতাই ধিক্কাৰ দিছিল তেনে কুলাংগাৰ জন্ম দিয়াৰ বাবে৷ তেওঁক মানুহে ৰ্ভৎসনা কৰিছিল৷ তেওঁক ওচৰ চুবুৰীয়াই বৰ্জন কৰিছিল৷ ঠাট্টা কৰিছিল, ইতিকিং কৰিছিল, কটাক্ষ কৰিছিল৷
লাজে অপমানে মাক জৰ্জ্জৰিত হৈ পৰিছিল৷ ইমান দিনে সৰবৰহী মানুহ বুলি সমাজে জ্ঞান কৰা মানুহগৰাকী দুখত ম্ৰিয়মান হৈ পৰিছিল৷
অৱশেষত এদিন তেওঁ ৰাতি মনে মনে ঘৰৰ পৰা ওলাই গৈছিল— গৈ গৈ তেওঁ নিজৰ দেশৰ চিপাহী-চন্তৰীৰ-প্ৰহৰী-চোৰাংচোৱাৰ চকু ভেদি গৈ শত্ৰু দেশত প্ৰৱেশ কৰিছিল৷ পুতেকে সেই সোণালী সুযোগৰ অপেক্ষাত বিনিদ্ৰ ৰজনী কটাইছিল৷ মাকক দেখি তাৰ আনন্দ উপচি পৰিছিল ‘মাক আহি গ’ল যেতিয়া সি কাইলৈ পুৱাই তাৰ দেশ আক্ৰমণ কৰিব পাৰিব আৰু সেই দেশ দমন কৰি তাৰ ৰজা হ’ব পাৰিব৷’ সি ৰজা হোৱাৰ সপোন দেখিলে আৰু মাকৰ কোলাত নিচিন্তে শান্তিৰে মূৰটো থৈ শুই পৰিল— কাইলৈ তোমাৰ পুতেক ৰজা হ’ব আৰু তুমি হ’বা ৰাজমহিষী৷
পুতেকৰ টোপনি গ’ল; আৰু ঠিক তেনেতে মাকে নিজৰ কাপোৰৰ তলত লুকুৱাই নিয়া ডেগাৰখন পুতেকৰ বুকুত সুমুৱাই দিলে— গাৰ সমস্ত জোৰেৰে— মোৰ পুত্ৰস্নেহতকৈ মোৰ দেশ প্ৰেমৰ স্থান আগত৷ মই মোৰ সন্তানৰ ওচৰত নহয়, মোৰ দেশৰ ওচৰতহে দায়বদ্ধ৷
এয়াই মাতৃ৷ মমতাময়ী নাৰীৰ বজ্ৰকঠিন ৰূপ৷
ইতিহাসত খোদিত থাকি গ’ল৷
কিন্তু আমাৰ শিল্পীৰ মাকতো তেনেকুৱা নহয়৷ জোৱান অৱ আৰ্কৰ দৰে বীৰাঙ্গনাও নহয়৷ ফ্লোৰেঞ্চ নাইটিংগেলৰ দৰে প্ৰেমময়ীও নহয়৷ বা কল্পনা চাওলাৰ দৰে দুৰ্মদ সাহসী বিজ্ঞানী-অভিযন্তাও নহয়৷
গতিকে থম্ থম্কৈ বহি থকা মানুহ এজনীকে অঁকা যায় নেকি বাৰু!
শিল্পী চিন্তাত পৰিল৷
গাঁৱৰ মানুহ এজনীকনো কেনেকৈ অঁকা যায়! কেৱল চকুকেইটাৰেই সৱ কথা প্ৰকাশ হ’ব জানো!
তেওঁ মাকৰ চকুকেইটা মনত পেলাবলৈ চেষ্টা কৰিলৈ৷ নীলা চকুৰতো নহয়! হৰিণী নয়না— মৃগাক্ষীতো নহয়! ৰাণী গাইডালুৰ বিপ্লৱী চকুওতো নহয়! মায়া এঞ্জেলাৰ শতিকাজোৰা দুখৰ চকুওতো নহয়! অপ্ৰা ৱিনফ্ৰেৰ (Oprah Winfrey) আধুনিক টেঙৰ চকুওতো নহয়! ষ্টেফি গ্ৰাফৰ হাঁহি থকা চকুওতো নহয়! মনালিছাৰ ৰহস্যময়ী কেৰা চাৱনিটোওতো নহয়! শকুন্তলাৰ লাজুকী চাৱনিওতো নহয়!
তেন্তে কি?
বাস্তৱৰ কষটি শিলত কটা নিৰ্মম চাৱনিয়েই নেকি?
তেওঁৰ ছবিখন চাই চাই মোৰ মনলৈ আহিল সেই চিৰিয়াখানাৰ জন্তুটোৰ চকু দুটালৈ যি দুটা চকু মই চাই আছিলোঁ, এদিন কোনোবা সন্দিগ্ধ দুপৰীয়া— ভাৱলেশহীন সময়ত— এনেয়ে অলসভাৱে কটোৱা সময়ত৷ মই নাজানো মই কি চকু দেখিছিলোঁ সেই জন্তুটোৰ সেই গড়ালৰ মাজৰ চাৱনিত৷
তাৰ পাছৰ পৰা মই বাটে ঘাটে লগ পোৱা মানুহৰ মাজত সেই চকুৰ সন্ধান কৰিছিলোঁ৷ দেখিছিলোঁ— হয়— সেই চাৱনিয়েই এই চাৱনি৷ এক অসহায় বন্দিত্বৰ চাৱনি৷ মৃত্যুৰ অপেক্ষাত থকা এটা জীৱন নে আনৰ আনন্দৰ বাবে উৎসৰ্গিত এটা জীৱন!
দুৰ্ভাগ্যবশতঃ মই ৰাস্তাই-ঘাটে লগ পোৱা চকুবিলাকত দেখা সেই চাৱনি— বন্দিত্বৰ৷
মই ক’লোঁ— নাৰীৰ চকু দেখোন চিৰন্তন বন্দিত্বৰ চকু৷
— ‘‘কিয় ক’লা তেনেকৈ?’’
— ‘‘মুক্তি ক’ত দেখিলে!’’
শিল্পী ভাবুক হৈ পৰিল৷ নাৰীৰ মুক্তি এটা প্ৰক্ষেপিত মুক্তি৷ আমি ভাবিছোঁ— আমি কৈছোঁ— আমি লিখিছোঁ— আমি বুজাইছোঁ৷ সেয়ে বন্দিত্বকে নাৰীয়ে মুক্তি বুলি ভাবে, যেনেকৈ প্ৰেমৰ বন্দিত্বৰ মাজেৰে সৃষ্টিৰ আনন্দত মুক্তি নিহিত হৈ থাকে৷
— ‘‘নহয়, মই ৰঙেৰে মুক্তি দিম, যদি তুমি তেনেকৈ ভাবিছা৷’’
— ‘‘কিন্তু ক’তা? আপুনি দেখোন ক’লা-নীলা-ৰঙৰহে সমাহাৰ ঘটাইছে?’’
— ‘‘ক’লা-নীলাকনো তুমি বন্দিত্বৰ প্ৰতীক বুলি কিয় ভাবিলা! এইবোৰ অৱলোকিত ধাৰণা৷ আফ্ৰিকাত ক’লা মানুহৰ মাজত সেইটোৱেই স্বাভাৱিক ৰং আছিল৷ ব’গাবিলাক গৈহে ক’লেগৈ যে ক’লাবিলাক বেয়া— তলৰ— নীচ৷ সিহঁতেতো নিজকে নিজে তেনেকৈয়ে ভাল দেখিছিল৷ নাক চেপেটা হ’লেও ধুনীয়া দেখিছিল৷ হটঙা হ’লেও সুন্দৰী বুলিছিল৷ ৩৬-২৬-৩৬ ধাৰণাটো ব’গাবিলাকেহে ক’লে৷ স্বাস্থ্যহে মূল, ধুনীয়াটো মূল কথা নহয় নহয়৷
গতিকে মোৰ মাক মই মোৰ মতে আঁকিম৷ অন্য কথা ভাবিলে মই নোৱাৰিম— মোৰ সৱ গণ্ডগোল হৈ যাব৷
মইতো তেওঁৰ মাকক দেখা নাই৷ মই মোৰ মাক হে দেখিছোঁ৷ শিৱসাগৰ টাউনৰ পৰা বিয়া হৈ নাজিৰাৰ দিখৌ নৈৰ পাৰৰ জঁয়াল বাঁহবঢ়ীয়া গাঁৱলৈ গৈ মায়ে দিনতে বাঘ ওলোৱা ঠাইত কেনেকৈ থিতাপি লৈছিলগৈ— সেইটো মায়েহে জানে৷ ইংৰাজ মেম চাহাবনীৰ ওচৰত কুৰ্চ্চাৰ কাম শিকা ছোৱালীজনীয়ে কেনেকৈ কুঠাৰ লৈ খৰি ফালিবলৈ শিকিলে মইতো দেখা নাই৷
আমি যি দেখিলোঁ, নাকে-কাণে-হাতে-চুলিয়ে কেৱল কামৰ অলংকাৰ পিন্ধা এজনী মানুহ৷ ৰাতি ভাত খাই খৰ-ধৰকৈ আহি আমি শোৱাৰ আগেয়েই কাশীদাসী মহাভাৰতৰ দুপৃষ্ঠামান আমাক গাই শুনাই তাৰ ব্যাখ্যা কৈ যোৱা মানুহজনীক৷ পুৱা ৫ বজাতে ‘মই গ’লোঁ’ বুলি কৈ চোতাল-পদূলি সাৰি শৌচ-প্ৰস্ৰাৱ কৰি নৈলৈ গা ধুবলৈ যোৱা মানুহজনীয়ে আমাক ‘শুচি’ কাপোৰখিনি লৈ যাবলৈ কোৱা আদেশাত্মক আহ্বানটো৷ নৈৰ পাৰৰ বালি সবাহত— ‘‘আঁউসীৰ এৰাতি কৃষ্ণ উপজিলে এ এ, নুশুনি প্ৰজাৰ মাত, পালি পহৰীয়া সবে নিদ্ৰা গৈল, উপজিল জগন্নাথ’’ বুলি নাম জোৰা মোৰ জীৱনৰ হাতৰ গোল সোণৰ খাৰুৰ মাজনী৷ ঘড়ীকহে মাৰ মতে চলা দেখিলোঁ৷ মা ঘড়ীৰ মতে নহয়৷
সেইজনী মানুহক মই এতিয়া কেনেকৈ মনত ৰাখোঁ বাৰু৷ গগৈয়েতো আঁকিবলৈকে চেষ্টা কৰিছে; মইতো শিল্পী নহওঁ— মই কি কৰোঁ এতিয়া৷ তথাপি মোৰো মন গ’ল— মোৰ মাক আঁকিবৰ বাবে৷
মই এফালৰ পৰা মানুহবিলাকক চাই গ’লোঁ— মোৰ পৰিয়াল, মোৰ চুবুৰি, মোৰ গাঁও, মোৰ চহৰ, মোৰ নগৰ, মোৰ ৰাজ্য, মোৰ দেশ— সকলোতে৷ সকলোতে একেই দৃশ্য৷ পুৱাতেই সকলোৱে চাইছে নিজৰ নিজৰ মাকৰ মুখলৈ— খাবলৈ দিব— কিবা ক’ব৷ দিনান্তত সকলো ঘূৰিছে নিজৰ নিজৰ মাকৰ ওচৰলৈ— খাবলৈ দিব, হাঁহিৰে আদৰিব, মাতিব, আব্দাৰ কৰিব৷
বাঃ! এটা অমোঘ-অৱধাৰিত সত্য৷ সামাজিক মান্যতা৷
পৃথিৱীৰ জীৱ-জড় সকলোৰে মাজত বেলেগ৷
গতিকে মই ক’লোঁ— কিবা এটা বেলেগ কৰি দিয়ক, যিটো ক’তো নাই৷
তেওঁ মোৰ মুখলৈ চালে— তেনেকুৱা বস্তু কি আছে?
মই ৰৈ গ’লোঁ৷ হয়তো সকলোতকৈ বেলেগনো কি বস্তু আছে!
বহি থকা মানুহজনীক ৰঙেৰে গতি দিবলৈ চেষ্টা কৰি থকা শিল্পীজনৰ দুচকুত এটা অসহায়তা ফুটি উঠিল৷
তেওঁ এতিয়া একো আঁকিব নোৱাৰে৷ তেওঁ ৰৈ গৈছে৷ তেওঁৰ মাতৃতে তেওঁৰ আৰম্ভণি— তেওঁৰ মাতৃতে তেওঁ শেষ৷
মোৰ মগজুৰ সীমাবদ্ধতাই মোকো তাতে ৰখাই দিলে৷
দুটা জীৱন্ত মানুহ একেঠাইতে— কিন্তু দুঠাইত ৰৈ থাকিল— মই মোৰ মাক অনুধাৱন কৰি, তেওঁ তেওঁৰ মাকক ধিয়াই৷
অৱয়বেৰে ছবি নহয়— মই বুজি পালোঁ৷
ৰঙেৰে ছবি নহয়— মই বুজি পালোঁ৷
সময়েৰে ছবি নহয়— মই বুজি পালোঁ৷
মই লাহেকে তাৰ পৰা ওলাই আহিলোঁ৷ ক’লৈ আহিলোঁ ক’ব নোৱাৰোঁ৷ কিন্তু ছবিখনৰ সমুখত সৃষ্টি হোৱা মৌনতাৰ কোলাহল মই আৰু সহ্য কৰিব পৰা নাছিলোঁ৷
ঘৰটোৰ পৰা ওলাই ৰাস্তাৰ গাড়ী-মানুহৰ শব্দত মই এক আচৰিত নীৰৱতা অনুভৱ কৰিলোঁ৷ গৰু-ছাগলী-হাতী-বাঘ-মানুহ-চৰাই-মাছ— সকলোৰে মাক মোৰ কাৰণে একে হৈ পৰিল৷ মহানগৰীৰ ব্যস্ত ৰাজপথৰ পৰা উৰি গৈ মই কোনোবাখন পালোঁগৈ—
বহুত দিনৰ আগতে ঘৰত নিগনি হোৱাৰ কাৰণে এদিন এটা কোঠাৰ ডিভানখন আঁতৰাই তলখন চাফা কৰিবলৈ লৈছিলোঁ৷ হঠাৎ দেখিছিলোঁ এজনী ডাঙৰ এন্দুৰৰ গাত লিপিট খাই লাগি আছে ৮/১০ টামান পোৱালি৷ মই যিমানেই হাতৰ সোতাটোৰে সিহঁতক আঁতৰাবলৈ চেষ্টা কৰিছিলোঁ, সিহঁত সিমানেই মাকৰ গাত লাগি ধৰিছিল৷ মই বহুত চেষ্টা কৰিছিলোঁ সিহঁতক আঁতৰাবলৈ৷ কিন্তু মোৰ প্ৰায় এঘণ্টীয়া চেষ্টা সম্পূৰ্ণ বিফল হৈছিল৷ অৱশেষত আলফুলে সিহঁতক টিং এখনত তুলি নি মই ৰাস্তাত এৰি থৈ আহিছিলোঁগৈ৷
হঠাৎ সেই ভাবটোক মনলৈ আহিল৷ মই ঘূৰি গ’লোঁ— ক’লোঁ— আপুনি নিজৰ মাক আঁকিব নালাগে৷ যাকে-তাকে আঁকক৷ এইখনটো আৰু ফট’ নহয়৷ আপোনাৰ দৃষ্টিহে৷ আপোনাৰ মনলৈ যি আহিছে তাকে আঁকক৷ ৰৈ নিদিব৷
বৰ্তমান সময়ত এজনী মাকক অঁকাৰ বৰ প্ৰয়োজন হৈছে৷ নহয় নহয়৷ এজনী নহয়, বহুত মাকক আঁকক একেজনী মানুহৰ মাজতে৷