Written by 4:54 am Poems

কিয় সোঁৱৰণি এপাহ গোলাপ

অমিতাভ ফুকন

কিয় তুলিকাত

ওমলে আন্ধাৰে

লুকুৱাই থোৱা বিলুপ্ত উশাহ

টঙি ৰখা চিত্ৰকৰ

গ্লানিৰ নয়ন

ধুমকেতুৰ পছোৱা

কিয় সৃজনত বালিচৰ

আপোনঘাটী পিৰালিত খৰাং

চৌপাশে বিস্তৰ অসুৰ

পিছলি পৰে অগৰু

নিস্তব্ধ ৰঙ্গস্থলী

তন্দ্ৰাতে সৰিল

ধঁতুৰা এপাহ

কিয় সোঁৱৰণি

এপাহ গোলাপ<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close