Written by 4:54 am Poems

লেণ্ডস্কেপ

গায়ত্ৰী দেৱী বৰঠাকুৰ 

(এক)

কুৰি শতিকাটো

উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ

ইপিঠি-সিপিঠি আছিল

এটি মুদ্ৰাৰ দৰে খলকনি

সুক্ষ্ম ঝনঝননি

উজ্জ্বলতাত

তীব্ৰতাৰ অস্বাভাৱিক উপস্থিতি

(দুই) 

চোৱাঁচোন মাটিছ

মানুহ বোৰে  কিছুমান কথা ক’ব লাগে বাবেই কৈ থাকে

তুমি আৰু ডেৰেইন

হোনো বন্যপ্ৰাণী

কি কৰিবা টেমছ

মাটিছ নিৰুপায়

পাহৰি যোৱা সকলো। পৰিহাসো

দুখৰ সকলো স্মৃতি ধুই নিব পৰাকৈ

শক্তিশালী সময় তোমালোকৰ পক্ষতে আছিল

(তিনি) 

টেমছৰ বোঁৱতী পানীৰ শপতে

যি ছবি আঁকিলে

ডেৰেইনক

হুইচলাৰ, মনেটৰ কান্ধত কান্ধ থ’ব পৰাকৈ

ওখ কৰি তুলিলে

ইউকেলিপটাছ তোমাৰ দুচকুত টেমছৰ প্ৰতিচ্ছবি

চহৰীয়া জীৱনৰ সজীৱ-সতেজ-তীক্ষ্ণ

সংমিশ্ৰণ 

ৰূপ-ৰস-গন্ধ

(চাৰি) 

ডেৰেইন

তুমি ঠিকেই কৰিছিলা

ৰঙৰ উজ্জ্বলতা আৰু পৰম্পৰাগত কৌশলেৰে

অথিৰ জীৱনৰ থিৰ যান্ত্ৰণাবোৰ

ঢাকি থৈছিলা 

(পাঁচ) 

লেণ্ডস্কেপে ৰঙেৰেই মাতে আজিও 

গছবোৰে শিপাৰে খামোচে

সেউজীয়াৰ শিপা-গভীৰতাৰে গছে ৰঙৰ পৃথিৱীক আৱৰে

অভিজ্ঞতাৰ ৰঙে

জীৱন বৃক্ষক যে আৰু অধিক তাত্পৰ্য্পূৰ্ণ কৰি তোলে

কালজয়ী ছবি আঁকে

(ছয়)

পূৰ্ণগ্ৰাস গ্ৰহণৰ দৰে

চেজানে

গিলি থ’ব পৰা নাছিলে

তোমাৰ প্ৰাকৃতিক পৰিঘটনাৰাজি

ঘনক দূৰৈত কিউবিজিম

(সাত)

বন্ধুত্বৰ গভীৰ এনাজৰীৰে মাটিছে

তোমাক ভাল পাবলৈ  শিকাইছিলে

সুকুমাৰ পৃথিৱীৰ বিশালতা গাঁঠি দিছিলে 

তোমাৰ হৃদয়-তুলিকাত 

ৰঙৰ সীমাহীন ব্যাখ্যাত তুমি

চাতক  হৈ পি খাইছিলা

অপাৰ ৰঙৰ অসীম অমিয়া সুধা

সৰ্বশেষত ডেৰেইন

জীৱন মাৰ্চেলিৰ এক তৈলচিত্ৰ 

এক লেণ্ডস্কেপ*  

*এণ্ড্ৰে ডেৰেইনৰ শিল্পকৰ্ম লেণ্ডস্কেপৰ আধাৰত।

ঠিকনা:

তেজপুৰ।<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close