মূল: পাবলো নেৰুদা
ভাবানুবাদ: যশোৱন্ত নিপুণ
মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷
হয়তো, এনেকৈ লিখিম: “নিশাটি তৰাভৰা,
আৰু নীলা নীলা তৰাবোৰ দূৰত কম্পিত৷’’
নিশাৰ বতাহজাকে আকাশত পাকঘূৰণি খায় আৰু গায়৷
মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷
মই তাইক ভাল পাইছিলোঁ, আৰু কেতিয়াবা তায়ো মোক ভাল পাইছিল৷
এনে এটি নিশাৰ মাজত, মই তাক সাবটি লৈছিলোঁ৷
মই তাইক সীমাহীন আকাশৰ তলত কিমানবাৰ চুমা খাইছিলোঁ৷
তাই মোক ভাল পাইছিল, কেতিয়াবা মই তাইক ভাল পাইছিলোঁ৷
মই কেনেকৈ ভাল নোপোৱাকৈ থাকোঁ তাইৰ বিশাল, শান্ত চকুযুৰি?
মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷
এনেকৈ ভাবি যে তাই আৰু মোৰ নহয়৷ অনুভৱ কৰি যে মই তাইক হেৰুৱালোঁ৷
শব্দ শুনো গভীৰ নিশাৰ, তাইৰ অবিহনে যি আৰু বেছি গভীৰ৷
আৰু কবিতাৰ পংক্তি বুকুত সৰি পৰে যেনেদৰে নিয়ৰ সৰি পৰে দূবৰিত৷
এয়া কি ডাঙৰ কথা হ’ল যে মোৰ ভালপোৱাই তাইক ধৰি ৰাখিব নোৱাৰিলে৷
নিশাটি তৰাভৰা আৰু তাই মোৰ কাষত নাই৷
সেয়াই সকলো৷ দূৰত কোনোবাই গায়৷ বহু দূৰত৷
মোৰ আত্মা তাইৰ অবিহনে ক’ৰবাত হেৰাই গৈছে৷
তাইক কাষলৈ আনিবলৈকে বোধহয়, মোৰ দুচকুৱে তাইক বিচাৰি ফুৰে৷
মোৰ বুকুুৱে তাইক বিচাৰি ফুৰে আৰু তাই মোৰ লগত নাই৷
একেই নিশা যিয়ে ৰূপোৱালী কৰে সেই একেই অৰণ্য৷
আমি, আমি যি আছিলোঁ, আমি আৰু সেয়া একেই নহওঁ৷
মই তাইক আৰু ভাল নাপাওঁ, সঁচা, কিন্ত কিমান ভাল পাইছিলোঁ মই তাইক৷
মোৰ কণ্ঠই তাইক বতাহজাকত বিচাৰিছিল তাইৰ শ্ৰৱণক স্পৰ্শ কৰিবলৈ৷
আন কাৰোবাৰ৷ তাই আন কাৰোবাৰ হ’ব৷ ঠিক যেনেকৈ তাই
কেতিয়াবা মোৰ চুমাবোৰৰ আছিল৷
তাইৰ কণ্ঠ, তাইৰ বতাহৰ দৰে শৰীৰ৷ তাইৰ সীমাহীন চকুযুৰি৷
মই আৰু তাইক ভাল নাপাওঁ, সঁচা, কিন্তু মই সম্ভৱতঃ তাইক ভাল পাইছিলোঁ৷
ভালপোৱা ইমান ক্ষণস্থায়ী আৰু সুদীৰ্ঘ এই পাহৰি যোৱা৷
কাৰণ এনে নিশাবোৰতেই মই তাইক সাবটি লৈছিলোঁ,
মোৰ আত্মা তাইৰ অবিহনে ক’ৰবাত হেৰাই গৈছে৷
যদিও এয়াই হ’ব পাৰে তাই মোক দিয়া শেষ যন্ত্ৰণা,
আৰু এইটোৱেই হ’ব পাৰে মই তাইৰ প্ৰতি লিখা শেষ কবিতা৷<!—next-prev and print–>
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা