ড০চন্দ্ৰধৰ চমুৱা (পোন্ধৰ)
সৈনিক আৰু বণুৱাসকল সাজি-কাচি যাত্ৰা কৰিছে। সৈনিক মানে একেজন মানুহেই সময়ত খেতিয়ক, সময়ত বাঢ়ৈ-খনিকৰ; কেতিয়াবা ভাৰী, কেতিয়াবা চিকাৰী; কেতিয়াবা অশ্বাৰোহী, কেতিয়াবা পদাতিক; কেতিয়াবা নাৱৰীয়া, কেতিয়াবা অস্ত্রচালক। তেওঁলোকে পিন্ধিছে আঁঠুৰ সামান্য তললৈকে পৰা কুন্বিন আৰু হাতখঁৰা কুন্খা চোলা; মূৰত ফাচৌ কাপোৰৰ পাগ। পাগ নমৰাবোৰে দীঘল চুলিবোৰ কপালৰ ওপৰত খোপা কৰি বান্ধিছে।
সূর্যোদয়ৰ পূর্বেই নির্ধাৰিত সময়ত সকলো আনুষ্ঠানিক কর্ম শেষ কৰি যাত্ৰা আৰম্ভ কৰা হৈছে। দলদোপ-হেন্দোলদোপ যাত্রা, লগতে আছে কিছু কন্দা-কটা, হাই-উৰুমি।
পৰিকল্পনা মতেই মানুহবোৰ গৈ আছে। পুৱাৰ পাছত দুপৰীয়া হৈছে, ক’ৰবাত নৈ-বিলৰ পাৰত খন্তেক জিৰাই পেটত এমুঠি পেলাই লৈছে। আকৌ যাত্রা। আন্ধাৰ হৈছে, ৰাতিটো কটাই এমুঠি খাই পুনৰ ওলাইছে।
তিনিদিন এবেলা উত্তৰমূৱা যাত্রা কৰি চতুর্থ দিন আবেলি নাম্কিউ নদীৰ কুঁজটো পালে। নাৱেৰে অহা দলটোকো এইখিনিতে লগ পোৱা হ’ল। ইয়াতে সকলোৱে ৰাতিটো থাকিবলৈ স্থিৰ কৰিলে। তাতে চোৰাং চাবলৈ থৈ অহা দলটোও আহি পোৱাহি নাই।
মানুহবোৰে ভাৰ আৰু টোপোলাবোৰ কান্ধৰ পৰা নমাইছে। নদীৰ পাৰৰ ঘাঁহনিতে কোনোবা বহিছে, কোনোৱে অকণমান দীঘল দিব খুজিছে। এনেতে দেখা গ’ল নদীৰ কাষে কাষে এটা ঘোঁৰা-চোৱাৰীৰ দল আহি আছে। কিমান আহিছে দূৰৰ পৰা ধৰিব পৰা হোৱা নাই৷ গছ-গছনিবোৰৰ বাবেও ধৰাত অসুবিধা হৈছে। কেইজনমান ফু-কিন্-মুঙ বিষয়াৰ দায়িত্বত থকা এহেজাৰমান লোক সস্তম হৈ উঠিল। পিছে কিছু সময়ৰ পাছত সেই সতর্কতাৰ ঠাইত হাঁহিহে বিৰিঙিল। পিছফালৰ পৰা পৰিস্থিতিৰ বাতৰি যোগাবলৈ থৈ অহা গুপ্তচৰসকলহে আহিছে। দলটো ওচৰ পালেহি আৰু খন্তেক হাঁহি বিনিময় হ’ল। কিন্তু পাছ মুহূৰ্ততে সেই হাঁহি ম্লান হৈ আহিল, আৰামৰ ঠাই ল’লে পুনৰ ব্যস্ততাই। কাৰণ দলটোৱে ছ্যু-কা-ফাক জনালে যে ছু-খান্-ফাৰ সৈন্যদল আহি আছে।
ছ্যু অকণো অধৈৰ্য নহ’ল। সি ডাঙৰীয়া আৰু ম’লুংসকলক একাষৰীয়াকৈ মতাই আনিলে। সেই দলটোৰ নেতা চেং কঙকো আলোচনাৰ বাবে ওচৰলৈ মতা হ’ল। তেওঁ বিবৃতি দাঙি ধৰিলে। সেইমতে মাও-লুঙৰ সম্রাটে ছ্যু-কা-ফাক বন্দী কৰিবলৈ পঠোৱা এহেজাৰ সৈন্যই ছ্যু-কা-ফাই নগৰ এৰাৰ দুদিন পাছত মং-মিতত সোমাইছে। পৰিত্যক্ত ৰাজধানীত একো নাপাই যাকে য’তে পালে অত্যাচাৰ কৰি সিহঁত এইফালে অগ্ৰসৰ হৈছে।
ম’লুঙে মঙল চাই ক’লে যে ৰাতিৰ ভিতৰতে নদী পাৰ হ’ব লাগিব। সাপে খেদি আহিলেও আঘাত কৰোঁতাজনক আক্রমণ কৰিবলৈ নদী পাৰ নহয়। ছ্যু-খান্-ফাৰ সৈন্য সাপৰ লগৰ বস্তু। সি যি কি নহওক, সিহঁতৰ বাবেতো ইয়াত কোনেও নাও বা ভূৰ ৰাখি থোৱা নাই!
ছ্যু-কা-ফাই ডাঙৰীয়াসকলৰ লগত আলোচনা কৰি নির্দেশ দিলে যে ৰাতিৰ ভিতৰতে নদী পাৰ হ’ব লাগিব আৰু এই পাৰত কোনো কাৰণতে কোনো মানুহ ৰৈ যাব নোৱাৰিব।
নাও বেছি নহয়। ইমানবোৰ মানুহ বয়-বস্তুৰে কেনেকৈ পাৰ হোৱা যায়? ইফালে ঘাই সমস্যা হ’ল ঘোঁৰাবোৰক লৈ। তিনিশৰো অধিক ঘোঁৰাক পাৰ কৰা হয় কেনেকৈ? দুই-তিনিখন নাও মাৰ বান্ধি ল’লেও সহজ নহ’ব। বহুবাৰ তাঁত-বাতি কৰাৰ দৰে কৰিব লাগিব। গতিকে নাৱেৰে নহ’ব, ভূৰ বান্ধিবই লাগিব। ওচৰৰ হাবিত বহুতো কাকবাঁহ আছে, বেত আৰু গছত লতা আছে। গতিকে মানুহবিলাকক বাঁহ কাটি নদীলৈ কঢ়িয়াই ভূৰ বান্ধিবলৈ লগাই দিয়া হ’ল। বিষয়াসকলে কামৰ তদাৰক কৰিলে। বাঁহ কটাই কাটিলে, অনাই আনিলে; বেত কটাই বেত কাটিলে, লতা কটাই লতা কাটি আনিলে; পানীত ভূৰ বন্ধাই ভূৰ বান্ধিলে। কোনো মানুহ ৰৈ থকা নাই। সকলোৱে দুখ-ভাগৰ এফলীয়া কৰি থ’লে। তিৰোতাবোৰে শুকান জেং-জাবৰ গোটাই আনি জুই ধৰিলে। খুঁটি মাৰি ভাতৰ মটং বহুৱালে, এমুঠিমান যোগাৰৰ বাবে।
আন্ধাৰ হোৱাৰ আগে আগে আঢ়ৈ কুৰিখন ভূৰ হ’ল। ঘোঁৰাবোৰ ভূৰত তুলি প্রতি ঘোঁৰাৰ দায়িত্বত থকা ঘোঁৰাচোৱাৰীবোৰ ওচৰত লেকাম ধৰি ৰ’ল। বাকী মানুহবোৰৰ নাৱত উঠাই নাৱত, ভূৰত উঠাই ভূৰত উঠিল। হাতীবোৰ পানীত নমাই দিয়া হ’ল। হাতীৰ ওচৰে ওচৰে নাও আৰু ভূৰবোৰ গৈ থাকিল। যিহেতু সকলো একে সময়তে উঠিবলৈ নির্দেশ হ’ল কোনোবাই ভাত পানী খাবলৈ পালে কোনোবাই নাপালে। আধাসিজা ভাতৰ মটংবোৰো ভূৰত তুলি দিয়া হ’ল। পানীৰ মাজত যি যেনেকৈ পালে আধাসিজা ভাতকে দুই-এগৰাহ চোবাই পেটত ভৰাই ল’লে।
বহল নদী। ইপাৰত থকা মানুহটো আনপাৰৰ পৰা বগলীটোৰ সমান দেখি। দ পানী। আঠহতীয়া লগীৰে ঠায়ে ঠায়ে কোনোমতেহে ভূৰ ঠেলিব পৰা গৈছে। মানুহবোৰে এৰি অহা পাৰটোলৈ ঘনাই ঘনাই চাই গৈছে। আন্ধাৰ ৰাতি। তথাপি ওচৰতে বাট-পথ, মানুহ-দুনুহ, জন্তু-জানোৱাৰ চিনিব পৰাকৈ ক্ষীণ আভা বিৰাজমান। নদীৰ পাৰৰ বালিত ভৰি দি মানুহবোৰে আনটো পাৰলৈ চাই পঠিয়ালে। এক যেন বিভীষিকা; সিপাৰত জোনাকী পৰুৱাৰ দৰে পোহৰৰ লানি! ৰৈ থকাটো মঙ্গলজনক নহয়। ভূৰৰ বান্ধবোৰ দাৰে ৰেপি কাটি বাহবোৰ পানীত এৰি দিয়া হ’ল। গুপ্ত নিৰীক্ষণকাৰী অশ্বাৰোহী কুৰিজনক গোপনে শত্ৰুৰ আলেখ-লেখ চাবলৈ কাষৰ অৰণ্যৰ মাজত থৈ, হাতী, ঘোঁৰা আৰু পদযাত্ৰীসকল নদীৰ বালিয়ে বালিয়ে আগুৱাবলৈ ধৰিলে। শিশু আৰু ৰুগীয়া হৈ পৰা দুই-এজন মানুহক লৈ নাওবোৰ উজালে।
পুৱাৰ ভাগত সম্পূর্ণ উত্তৰমুখী যাত্ৰা আৰম্ভ হ’ল। দুপৰীয়াৰ আগতে ক’তো আহাৰ বা জিৰণি নহ’ল।
নামকিউ পাৰ হৈ দুটা দিন যোৱাৰ পাছত তেওঁলোকে বুজিলে যে এতিয়া তেওঁলোক সম্পূর্ণ মওগঙ্ বা নৰা দেশত সোমাইছেহি। নাৱৰীয়াসকলে নাওবোৰৰ দিহা-পোহা লগালে আৰু সকলো থলপথেদি ৰাজধানীৰ ফালে আগুৱাবলৈ ধৰিলে।
ছ্যু-কা-ফাৰ ককায়েক নয়-ছান্-ফাই আগতে বাতৰি পাই দলটোৰ তৎকালীন আশ্রয়স্থল আৰু ৰচদ-পাতিৰ যোগাৰ কৰি ৰাখিছিল। মুঠ সাত দিনৰ যাত্ৰাকালৰ অন্তত ছ্যু-কা-ফাৰ দল নগৰৰ বাহিৰগড়ত উপস্থিত হ’লত তেওঁ সকলো দিহা কৰি দিলে। গড়ৰ কাষতে শিবিৰ পাতিবলৈ দিয়া হ’ল। নয়-ছান্-ফাই ছ্যু-কা-ফা আৰু পৰিয়ালবৰ্গক ঘৰুৱাভাৱে নিজৰ হাউলিতে ৰখাৰ কথা কৈছিল; কিন্তু ছ্যুৱে শিবিৰ এৰি নগ’ল, সি ৰাণী আৰু কোঁৱৰসকলকে পঠাই দিলে। বোলে চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়— কথাষাৰ তাৰ মনত আছে। তাৰ পৰিয়ালৰ বাকীসকল ককায়েকৰ পৰিয়ালৰ লগত চকুৰ ওচৰ হৈ থাককগৈ, সেয়ে যথেষ্ট; কিন্তু যিবোৰ মানুহে তাৰ লগত জীৱনে মৰণে থকাৰ প্রত্যয়েৰে দুখক দুখ নুবুলি নৈ-বিল-জান-জুৰি-অৰণ্য পাৰ হৈ আহিছে সেইবোৰ মানুহৰ চকুৰ পৰা আঁতৰি এদিনৰ বাবেও গৈ কাৰেঙৰ সুখত থকাটো সি উচিত বুলি ভাবিলে, আৰু তেনে কার্য এজন সমৰ নায়কৰ গুণ আৰু স্বভাৱৰ বিপৰীত কাম বুলি বিবেচনা কৰিলে। সি নিজে ৰাজধানীৰ গড়ৰ বাহিৰৰ শিবিৰত স্থিতি ল’লে। বিভিন্ন সমস্যাৰ আলোচনাৰ বাবে অৱেশ্য নিতৌ সি কাৰেঙলৈ অহা-যোৱা কৰি থাকিল।
শিবিৰলৈ নৰা দেশৰ নানা লোক আহি থাকে। কোনোৱে খাদ্যবস্তু লৈ আহে। বনৰীয়া আৰু বাৰীৰ ফল-মূল শাক-পাচলিৰ পৰা আৰম্ভ কৰি চাউল-পাতলৈকে; এড়ী আৰু মুগাৰ লেটা, হাবিৰ কীট-পতঙ্গৰ পৰা আৰম্ভ কৰি গৰু-ম’হ-গাহৰিৰ মঙহলৈকে; কাৰণ তাই মানুহে নোখোৱা বস্তু নাই; আজিয়েই যদি সর্বস্বান্ত হৈ শিবিৰ এৰি যাবলগা হয়, তথাপি হয়তো তেওঁলোকৰ খাদ্যাভাৱত মৰণ নহ’ব।
ইফালে ৰজা নয়-ছান্-ফাই ৰাজ্যৰ মানুহক শুনাই দিছে এই আশ্রয়প্রার্থী মানুহবোৰক যাতে সকলো প্ৰকাৰে সহায় কৰা হয়, আপোন মানুহৰ দৰে ব্যৱহাৰ কৰা হয়। এই আপাহতে ওচৰৰ মানুহবোৰে দলটোৰ মানুহৰ লগত সুসম্পর্ক গঢ়ি তুলিছে। শিবিৰলৈ নগৰৰ মানুহৰ উপৰি দূৰ-দূৰণিৰ আনকি হুকং উপত্যকাৰ ফালৰ মানুহ আহে। অৱশ্যে দূৰৰ মানুহ বেহা-বেপাৰৰ কাৰণেহে এইফালে ঘাইকৈ আহে৷ ৱাইছালি দেশৰ ফালৰ পৰা ডইখামৰ গিৰিপথ আৰু পাহাৰীয়া বেপেৰুৱা পথেদি অনেক মানুহ আহে। হুকঙৰ মানুহৰ লগত বেপাৰ চলে। এই ফালৰ পৰা লোণ, আদা, জলকীয়া আদি নিয়ে। ইফালে চিংফৌ, নগা, ফাকে, আইতন আদি বহু লোকৰো আহ-যাহ আছে। পশ্চিমত সামৰিক অভিযান কৰি থাকোঁতে চা-লুঙ-ফাৰ অনেক পলৰীয়া সৈনিকে বাট হেৰুৱাই এইফালে অ’ত-ত’ত ৰৈ গৈছে।
আচলতে নৰা দেশৰ ৰজাও মাও-লুঙৰ অধীনহে। মাও-লুঙৰ বশ্যতা স্বীকাৰ কৰাৰ পাছত নয়-ছান-ফাক নৰা ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিবলৈ দিয়া হৈছে। চাম-লঙ-ফাই মওগঙ্ এৰি যোৱাৰ পাছত ইয়াকে নৰা ৰাজ্যৰ ৰাজধানী কৰি লোৱা হৈছে। নয়-ছান্-ফা মাও-লুঙৰ সম্রাটৰ আজ্ঞাৱহ হ’লেও ছ্যু-কা-ফাই আজি ইয়াত নিৰাপদ অনুভৱ কৰিছে এইবাবেই যে মাও-লুঙৰ প্ৰতাপী বীৰ চাম্-লুঙ্-ফা দৃশ্যপটৰ পৰা ইতিমধ্যে আঁতৰি গৈছে। মাও-লুঙৰ অৱস্থাই আজি এটা নতুন মোৰ লৈছে। পৰিস্থিতিৰ এই পৰিৱৰ্তনে ছ্যু-কা-ফাৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিছে, যিটো এসময়ত সি সপোন দেখাৰ দৰে ভাবি আছিল। সঁচাকৈয়ে মানুহৰ কিছুমান কল্পনা অথলে নাযায়। সি যি কি নহওক, কথাটো হৈছে মাও-লুঙৰ ৰাজপৰিয়ালত চলিছে ঘৰুৱা বিবাদ, ককাই-ভাইৰ মাজত পাৰস্পৰিক সন্দিগ্ধতা। তথাপি ছ্যুৱে অনুভৱ কৰিছে ককায়েকৰ ৰাজ্যত বেছি দিন আশ্ৰয় লৈ থকাটো সমীচীন নহ’ব, তাৰ বাবেই শত্রুপক্ষৰ ফালৰ পৰা ককায়েকৰ ৰাজ্যৰ বিপদ হোৱাটো সি নিবিচাৰে। ইত্যাদি অনেক দিশ আজি সি ৰজা নয়-ছান্-ফাৰ লগত বিতংভাৱে আলোচনা কৰাৰ কথা। আনহাতে পিছফালে নাম-কিউৰ পাৰত ৰাখি অহা অশ্বাৰোহী দলটো আহি পোৱাহি নাই। কি বা পৰিস্থিতিৰ সন্মুখীন হৈছে মানুহবোৰে! শত্রু সৈন্যই যদি নদী পাৰ হৈছে! ককায়েক নয়-ছান্-ফাই তাক নির্ভয় দিছে যদিও চিন্তা আৰু উৎকণ্ঠা আছেই। এই বিষয়টোৰ গুৰুত্ব সম্পর্কে আজি পুনৰ আলোচনা নকৰিলে নহ’ব। তাৰ আগতে সি শিবিৰটোত পাক এটা মাৰিব খুজিলে।
শাৰী শাৰী কাপোৰৰ তম্বু আৰু বাঁহ-খেৰৰ জুপুৰি। কোনোটোত ৰন্ধা-বঢ়া আৰু থকা-খোৱা সকলো হয়, কোনোটোত কেৱল ৰন্ধা-বঢ়াৰ কাম চলে। সাধাৰণতে তিনিজনীয়া পাগ। ভাল বতৰত তম্বুৰ বাহিৰতে ৰন্ধা-খোৱা হয়। ওচৰৰ গছবোৰৰ তল চিকুণাই ফৰ্ফৰীয়া কৰি ৰখা হৈছে। তম্বুৰ ওচৰৰ পৰা শাৰী শাৰীকৈ সজা, দুশ-তিনিশকৈ মানুহ থাকিব পৰা দীঘল দীঘল ঘৰবোৰ ইটোৰ মুধত সিটো লাগি আছে, মাজত দুটা মানুহ পাৰ হৈ যাব পৰা পটি। প্ৰতিটো পঁজাৰ মুধেদি ভিতৰলৈ সোমোৱা বাট। দুৱাৰ নাই। তম্বু আৰু পঁজাবোৰ এপাক মাৰি আহোঁতে ছখনমান তামোল চোবোৱাৰ সময় লাগে।