Written by 4:12 am Poems

খেৱালি জাল

গজেন মিলিআপুনি মোক সান্নিধ্য দি আহিছে চকু মেলাৰে পৰা
সহায়ৰ হাত উজান দিছে দুখৰ ক্ষণত
আপোনাৰ পৰাই শিকি দুখৰ দিনত আনলৈ
সহায়ৰ হাত আগবঢ়াওঁ

অন্ততঃ দুজনক যি বিপদৰ এন্ধাৰত বুৰ গৈছে
তেওঁলোকেও শিকক সহায় কৰিবলৈ

জীৱনটো খেৱালি জালযি ক্ৰমান্বয়ে তললৈ বহল হৈ গৈ থাকে

সহায়ৰ হাতো হওক খেৱালি জালআপোন মানুহৰ সংখ্যা বাঢ়ি গৈ আছে

হয় হয়, গুড়ি‍ পৰুৱাও মাউখি উঠিব পাৰে
খেৱালি জালখন বহলি পৰক পৃথিৱী পুখুৰীত<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close