ড° পোনা মহন্ত
হাইস্কুলীয়া দিনৰ এটা খতিয়ান:
নাজিৰা হাইস্কুলত নাম লগোৱাৰ পাছৰে পৰা মোৰ সাধাৰণ জীৱনটোৰ ল’ৰালি কালৰ গতি সলনি হ’বলৈ ধৰে৷ লগৰীয়াহঁতৰ সৈতে অনাই-বনাই ঘূৰি ফুৰা আৰু সময়ে-অসময়ে খেলা নানা প্ৰকাৰৰ খেলবোৰ প্ৰায় অন্ত পৰিল৷ এইবোৰৰ বাবে সময় ক’ত? আগতে কৈ আহিছোঁ প্ৰায় ছয় কিল’মিটাৰ বাট খোজ কাঢ়ি গৈ দহ বজাৰ কমেও দহ মিনিটমানৰ আগতে স্কুল পাবগৈ লাগে৷ তাৰ মানে পুৱা চাৰে আঠ নৌ বাজোঁতেই ঘৰৰ পৰা ওলাব লাগিব৷ জাৰ কালিয়েই হওক বা গৰম কালিয়েই হওক, ল’ৰা হওক বা ডেকা হওক, আগবেলা ভাত খোৱাৰ আগতে গা ধোৱাটো আমাৰ সকলোৰে এক দৈনন্দিন কাম৷ কিবা অসুখ-বিসুখ নহ’লে— অৰ্থাৎ স্বাভাৱিক অৱস্থাত গা নোধোৱাকৈ ভাতৰ পাতত বহিবলৈ বৌৱে আমাক কেতিয়াও নিদিছিল৷ আধাতকৈও বেছি দূৰ বাট ৰেইল আলিয়েদি খোজ কাঢ়ি গৈ কি দৰে স্কুল পাইছিলোঁগৈ, সেই বিষয়ে আগতে লিখিছোঁ৷ জাৰকালি স্কুললৈ যোৱা আৰু গৰমকালি বা বাৰিষা কালত যোৱাৰ অভিজ্ঞতা বেলেগ৷ জাৰকালি বৰষুণ আৰু বাটত বোকা-পানী হোৱাৰ চিন্তা নাই৷ ঠাণ্ডা ভেটিবলৈ কি পিন্ধিছিলোঁ মনত নাই, হয়তো হাফ ছুৱেটাৰ এটা পিন্ধিছিলোঁ৷ সেই বয়সত শীতে সিমান আমনি দিব পৰা নাছিল৷ তদুপৰি কিছু দূৰ খোজ কাঢ়ি যোৱাৰ পাছতে গাটো গৰম গৰম লাগিছিল৷ কিন্তু বৰ্ষা কালত স্কুললৈ অহা যোৱা বেচ কষ্টকৰ আছিল৷ আমাৰ ঘৰৰ পৰা ধোদৰ আলি বা ৰেইল পথ পোৱালৈ যিছোৱা ৰাস্তা যাব লাগে, সেই ছোৱা প্ৰকৃততে ঐতিহাসিক বাঁহগড়ৰ এটা অংশ৷ এই বিষয়ে আগতে কৈ আহিছোঁ৷ বাঁহগড়ৰ মাটি ৰঙচুৱা আৰু লিকটা৷ আমাৰ গাঁও বা সত্ৰৰ মানুহ বাহিৰলৈ আহ-যাহ কৰা এইটোৱেই একমাত্ৰ পথ হ’লেও ইয়াক ৰাজহুৱা যাতায়তৰ পথ ৰূপে গঢ়ি তুলিবলৈ তেতিয়াৰ চৰকাৰ বা সংশ্লিষ্ট কতৃপক্ষই কোনো ব্যৱস্থা লোৱা নাছিল৷ হয়তো চৰকাৰৰ গড়কাপ্তানি বা স্থানীয় পঞ্চায়তৰ বাট-পথৰ তালিকাত পথ হিচাপে ইয়াৰ নামেই নাছিল৷ ৰজাদিনীয়া স্মৃতি চিহ্ন হোৱা বাবে তেতিয়ালৈকে ঔপনিৱেশিক শাসকৰ দৰে দেশীয় চৰকাৰেও বোধকৰোঁ গড়টো ভঙা-কটাত হাত দিয়া নাছিল৷ এই অনুমান এই বাবেই কৰা হৈছে যে বাটৰুৱা অহা যোৱা কৰা মাজৰ সামান্য অংশৰ বাহিৰৰ গড়টোৰ দুয়ো কাষ হাবি-বননিৰে ভৰা আছিল৷ কেতিয়াবা কোনো কোনো ঠাইত জাৰ্মানি বন আৰু ফুটুকা গছ আগুৱাই আহি পথছোৱাৰ মাজ ভাগ পাইছিলহি৷ মাজে-সময়ে গঞাসকল লগ হৈ হাবি-বন কাটি থকাৰ বাবেহে বাটছোৱা মানুহ অহা-যোৱা কৰিব পৰা হৈ আছিল৷ বাৰিষা নেৰানেপেৰা বৰষুণ হ’লে লিকটা বোকা লাগি ভৰি দুটাৰ কি অৱস্থা হৈছিল সেইটো এতিয়া ভাবিবলৈকে টান লাগে৷ গড়টো পাৰ হৈ ধোদৰ আলি বা ৰেইল পথত উঠাৰ আগতে কাষৰ খাৱৈ বা পথাৰত ভৰি ধুই লৈহে আমি যাত্ৰা পথত আগ বাঢ়িছিলোঁ৷ যি দুই-এজন ডেকা বা বয়সিয়াল মানুহে জোতা-চেন্দেল পিন্ধি চাইকেলেৰে অহা যোৱা কৰিছিল সেই পথছোৱাত তেওঁলোকৰ পাদুকা হাতত আৰু চাইকেল কান্ধত উঠিছিল৷ উল্লেখযোগ্য যে পথছোৱাৰ এনে দুৰৱস্থা মই হাইস্কুলৰ ওপৰ শ্ৰেণী পোৱালৈকে অৰ্থাৎ দেশে স্বাধীনতা লাভৰ দহ বছৰমানৰ পাছলৈকে চলি আছিল৷ মোৰ এতিয়াও ভালকৈ মনত আছে এনে অৱস্থাত তেতিয়া নাজিৰা হাইস্কুলৰ শিক্ষকৰূপে যোগদান কৰা মাজু দাদাৰ চাইকেলখন এজন গঞাই কান্ধত লৈ সেই পথছোৱা পাৰ কৰি দিছিল৷
তুমি চিত্ত বৃত্তি মোৰ…
যেই কি নহওক, বাৰিষা হওক বা খৰালি হওক আমি বোকা-পানী গচকি, ৰ’দে-বৰষুণে যেনেতেনে দহ বাজিবলৈ কেইমিনিটমান থাকোঁতে স্কুল পাইছিলোঁগৈ৷ নিৰ্দিষ্ট বহা ঠাইৰ ডেস্কত কিতাপ-বহীবোৰ থৈয়ে লৰ মাৰিছিলোঁ দৈনিক সামূহিক প্ৰাৰ্থনা হোৱা ঠাইলৈ৷ কোনো দিনা পলম হ’লে কিতাপবোৰ লৈয়ে পোনে পোনে প্ৰাৰ্থনাসভালৈ দৌৰিছিলোঁ৷ আমাৰ শিক্ষকসকল বহা কমনৰূম আৰু প্ৰধান শিক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা মুকলি ঠাইডোখৰতে প্ৰাৰ্থনাসভা অনুষ্ঠিত হৈছিল৷ সেয়ে কেতিয়াবা কিবা কাৰণত স্কুল পোৱা সামান্য দেৰি হ’লেও ‘হেড্ছাৰ’-এ নেদেখাকৈ লুকাই লুকাই গৈহে একাষত থিয় হৈছিলোঁগৈ৷ সেই সময়ৰ হেড্মাষ্টৰ আৰু পৰৱৰ্তী কালৰ প্ৰিন্সিপাল চাংকাকতী ছাৰে সময় আৰু নিয়ম-বিধি পালন কৰাৰ ক্ষেত্ৰত ইমানেই কঠোৰ আছিল যে প্ৰাৰ্থনালৈ যোৱা পলম হোৱা দেখিলে কি ধৰণৰ শাস্তি হ’ব পাৰে, সেই বিষয়ে সকলো ছাত্ৰ সজাগ আছিল৷ মোৰ যিমান দূৰ মনত পৰে প্ৰাৰ্থনাসভাত গোৱা দুটা গীত আছিল মহাপুৰুষ মাধৱদেৱৰ ‘তুমি চিত্ত বৃত্তি মোৰ… আৰু গান্ধীজীৰ প্ৰিয় ভজন ‘ৰঘুপতি ৰাঘৱ…৷’ শুকুৰ বাৰৰ দিনা প্ৰাৰ্থনাৰ এক বিশেষ কাৰ্যসূচী পালন কৰা হৈছিল৷ সেই দিনা আমি প্ৰথম দুটা ক্লাছ হৈ যোৱাৰ পাছতে এঘণ্টীয়া পানীখোৱা ছুটি পাইছিলোঁ৷ প্ৰকৃততে ইছলামধৰ্মী ছাত্ৰ আৰু শিক্ষকসকলৰ বাবে এই ব্যৱস্থা কৰা হৈছিল৷ দ্বিতীয়টো ক্লাছৰ পাছত দীঘলীয়া ঘণ্টা পৰাৰ লগে লগে মুছলমান ল’ৰাবিলাক মছজিদলৈ আৰু আমি প্ৰাৰ্থনাৰ স্থানলৈ দৌৰিছিলোঁ৷ সেই দিনা উক্ত গীত দুটাৰ উপৰি গীতাৰ এটা শ্লোক আমাৰ সংস্কৃত শিক্ষক সাধু-সন্ন্যাসী-সদৃশ অম্বেশ্বৰ ভূঞা ছাৰে অতি সুন্দৰকৈ গাইছিল৷ ‘ওম্ ত্বমক্ষৰং পৰমং ৱেদিতব্যং তমস্য বিশ্বস্য পৰং নিধানম’ বুলি আৰম্ভ কৰি ‘স্বতেজসা পিবশ্বমিদং তপন্ত্’-ত শেষ কৰিহে ছাৰে চকু দুটা মেলিছিল৷ ছাৰে ইমান সুন্দৰ আৰু সুললিত সুৰত গাইছিল যে ইয়াৰ অৰ্থ বুজা-নুবুজা আটায়ে তন্ময় হৈ শুনিছিল৷ ‘ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, পতিত পাবন সীতাৰাম…’ গাওঁতে প্ৰফুল্ল দত্ত ছাৰে তবলা সংযোগ কৰিছিল৷ তেতিয়া বিশেষ একো বুজা নাছিলোঁ যদিও পাছলৈ বুজিছিলোঁ যে তিনিওটা গীতৰে সাৰমৰ্ম মূলতে একেই৷ ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শন কৰি অৰ্জুনে বুজি পায় যে এইজনেই আদি মধ্য-অন্তহীন পৰম ব্ৰহ্মা ভগৱান, যি সনাতন ধৰ্মৰ পালক আৰু সকলোৰে আশ্ৰয়স্থল৷ মহাপুৰুষ মাধৱদেৱেও এইজন নাৰায়ণৰ ‘চৰণ ছত্ৰৰ ছায়া’-ত আশ্ৰয় বিচাৰিছে৷ বিংশ শতিকাত মহামানৱ মহাত্মা গান্ধীয়েও একেজন ঈশ্বৰকে প্ৰাৰ্থনা কৰিছে৷ তেওঁৰ সৃষ্ট সন্তানসকলৰ মাজত যেন শান্তি আৰু ভাতৃত্ববোধ বিয়পাই মানৱতাবাদৰ জ্ঞান প্ৰদান কৰে৷ ৰাম, কৃষ্ণ, ঈশ্বৰ, আল্লাহ যি নামেৰেই নামাতোঁ লাগে, ঈশ্বৰ এজনেই৷ জীৱন আৰু জগতৰ সৃষ্টি, স্থিতি আৰু লয়ৰ গৰাকী তেওঁৱেই৷
পানী খোৱা ছুটী কেঁচা বুট নে চাহ-চিঙৰা :
শুকুৰ বাৰৰ দিনা ইছলামধৰ্মী ছাত্ৰ-শিক্ষকসকলৰ সুবিধাৰ বাবে প্ৰথম দুটা ক্লাছৰ পাছত এঘণ্টীয়া পানী খোৱা ছুটী দিয়াৰ কথা ওপৰত কৈ আহিছোঁ৷ পোন্ধৰ মিনিটমানৰ ভিতৰত প্ৰাৰ্থনাসভা শেষ হোৱাৰ লগে লগে ল’ৰাবোৰে পানী, কেঁচা বুট, চাহ-মিঠাই যেয়ে যি পাৰে খাবলৈ যাবৰ বাবে লৰা-ঢপৰা লগাইছিল৷ সপ্তাহৰ প্ৰথম চাৰি দিন অৰ্থাৎ সোমবাৰৰ পৰা বৃহস্পতি বাৰলৈ পানীখোৱা ছুটী আধাঘণ্টীয়া নে চল্লিছমিনিটীয়া আছিল৷ শনিবাৰৰ দিনা চাৰিটা ক্লাছৰ পাছত ‘স্কুল হাফ’ হৈছিল৷ সেই সময়ত স্কুলৰ চকীদাৰ সৰুকণ বৰগোহাঁয়ে পানীখোৱা ছুটীত কোমলকৈ তিওৱা কেঁচা বুটমাহ বিক্ৰী কৰিছিল৷ তল ক্লাছৰ ল’ৰাবোৰে সেই বুটমাহ খাবলৈ হেতা-ওপৰা লগাইছিল৷ ময়ো ক্লাছ ছিক্সমানলৈকে পানীখোৱা ছুটীত বুট আৰু টিউবৱেলৰ পৰা পানী খাইছিলোঁ৷ সৰুকণ ককায়ে প্ৰতিজন ল’ৰাক এটুকুৰা কাগজত দহ নয়া পইচাৰ বুট দিছিল৷ বুট কিনিবলৈ ল’ৰাবোৰে এনেদৰে হেতা-ওপৰা লগাইছিল যে সেই ছেগতে দুই-একে ককায়ে টলকিব নোৱৰাকৈ পইচা নিদিয়াকৈ আঁতৰি গৈছিল৷ ওপৰ ক্লাছ পোৱাৰ পৰা— অৰ্থাৎ ছেভ্ন-এইটমানৰ পৰা ময়ো কেঁচা বুট এৰি স্কুলৰ চৌহদৰ বাহিৰৰ দোকানত চাহ-মিঠাই খাবলৈ লৈছিলোঁ৷ উল্লেখযোগ্য যে তেতিয়ালৈ আমাৰ ঘৰুৱা অৱস্থা কিছু ভাল হৈছিল৷ মাজু দাদাইও বি.এ. পাছ কৰি শিক্ষক হিচাপে যোগদান কৰিছিল৷ সাতে-সোতৰই আজিকালিৰ ভাষাত মোৰ ‘পকেট মনি’ সামান্য বাঢ়িছিল৷ সেই সময়ত স্কুলৰ ওচৰত চাহ-মিঠাইৰ দোকান দুই-তিনিখনমানহে আছিল৷ একেবাৰে কাষৰখনলৈ ল’ৰাবোৰ বৰকৈ নগৈছিল, কাৰণ তাত কেইগৰাকীমান ডেকা শিক্ষকে একেলগে বহি চাহ খাই আড্ডা মাৰি থকা দেখিছিলোঁ৷ যিখন হোটেলত (তেতিয়াৰ দিনত সাধাৰণ চাহ-মিঠাইৰ দোকানৰ ক্ষেত্ৰতো এই শব্দ ব্যৱহৃত হৈছিল৷) ল’ৰাবোৰে বৰকৈ ভিৰ কৰিছিল, সেইখন আছিল সদায় বগা খদ্দৰৰ পায়জামা-কুৰ্তা পিন্ধি থকা নিৰ্জু প্ৰকৃতিৰ এগৰাকী আদবয়সীয়া মালিকৰ৷ দোকানখনত পোৱা মিঠাইবোৰ আছিল গজা, খাজা, লং, খুৰ্মা, জেলেপি আৰু ৰসগোল্লা-লালমোহনকে ধৰি দুবিধমান চানা মিঠাই৷ ইবোৰৰ উপৰি তাত পোৱা গৈছিল চিঙৰা, নিম্কি আৰু বুন্দিয়া-ভুজিয়াৰ মিক্সাৰ৷ চানা মিঠাই আকাৰত সৰু আৰু দাম বেছি হোৱা বাবে ল’ৰাবোৰে সাধাৰণতে সেইবোৰ নেখাইছিল৷ বাকীবোৰ মিঠাইৰ ভিতৰত সেয়ে যি মন যায় খাইছিল৷ কোনো কোনোৱে চিঙাৰাৰ লগত গজা, খাজা বা জেলেপিৰে জুতি লগাই পেট ভৰাইছিল৷ সেই দিনত এনে হোটেলবোৰত চাহ দুই ধৰণে পোৱা গৈছিল৷ সম্পূৰ্ণ একাপ চাহ আৰু ‘এক ছিংগল’ চাহ৷ পিছৰবিধত সাধাৰণ আকাৰৰ কাপটোৰ আধালৈকে বা একোটা সৰু কাপত চাহ দিয়া হৈছিল৷ হাফ কাপ বা আধা কাপ চাহৰ ঠাইত এই ‘এক ছিংগল ’ চাহ শব্দ সমষ্টি ক’ৰ পৰা কেনেকৈ আহিছিল সেইটো জনা নাযায়৷ এইখন দোকানত চাহ-মিঠাই খাবলৈ ল’ৰাবোৰে ভিৰ কৰাৰ আৰু এটা কাৰণ আছিল চাহ দিয়া ল’ৰা আছিল দুটা, এটা দেখাত বেচ চুটি-চাপৰ হোৱা বাবে আটায়ে পোৱালি বুলি মাতিছিল৷ চাহ-মিঠাই খোৱাৰ পইচা লৈছিল মালিকে নিজে৷ কিন্তু ভিৰ ইমানেই বেছি হৈছিল যে কোনটো ল’ৰাই কি খাইছিল, চাহ একাপ নে এক ছিংগল খাইছিল সেই কথা মালিকে জানিব পৰা নাছিল বা ল’ৰা দুটাই ভালকৈ ক’ব পৰা নাছিল৷ ইয়াৰ সুযোগ লৈ অনেক ল’ৰাই পইচা নিদিয়াকৈ বা খোৱাতকৈ কম পইচা দি গুচি আহিছিল৷ দেখাক দেখি দুবাৰমান ময়ো এনে কাম কৰিছিলোঁ৷ এতিয়া এই কথা মনলৈ আহিলে মৰমিয়াল মালিকজনলৈ বেয়া লাগে আৰু নিজে নিজেই লজ্জিত হওঁ৷ আমাৰ স্কুলখন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী স্কুল হোৱাৰ পাছত চাহ দোকানৰ এই মালিকগৰাকীয়ে ‘টেইলৰিং টীচাৰ’ (Tailoring Teacher) হিচাপে যোগদান কৰিছিল৷ পাছত জানিব পাৰিছিলোঁ তেতিয়াৰ দিনৰ নাজিৰা চহৰৰ কেন্দ্ৰস্থল চক বজাৰৰ কাষতে তেখেতৰ এখন টেইলৰিঙৰ দোকানো আছিল৷
বিৰতিৰ পাছত…
আমাৰ দিনত সপ্তাহৰ প্ৰথম চাৰিদিন পানীখোৱা ছুটীৰ পাছত আৰু তিনিটা ক্লাছ হৈছিল৷ অৰ্থাৎ পুৱাৰ পৰা আবেলিলৈ মুঠতে সাতটা ক্লাছ কৰাৰ পাছতহে আমি মুকলি হৈছিলোঁ৷ বিৰতিৰ পাছত যেই কোনো কাম নতুন উৎসাহেৰে কৰা হয় বা কৰিব লাগে যদিও আনবোৰ ল’ৰাৰ কথা নাজানো, মোৰ হ’লে আবেলিৰ ক্লাছকেইটাত প্ৰায়েই মন বহা নাছিল৷ ইয়াৰ প্ৰধান কাৰণ আছিল ছুটীৰ পাছত ঘৰলৈ উভতি যোৱাৰ চিন্তা৷ বিশেষকৈ বাৰিষাৰ দিনত আকাশখন কেনে হৈ আছে, সেইটো জানিবলৈ বাৰে বাৰে খিৰিকীৰে বাহিৰলৈ চাই থকাটো মোৰ এটা অভ্যাসত পৰিণত হৈছিল, যিহৰ বাবে ক্লাছ লৈ থকা ছাৰৰ পৰা অনেক গালি খাইছিলোঁ৷ বৰষুণ আহিলে তিতি-বুৰি ছয় কিল’মিটাৰ বাট খোজ কাঢ়ি কেতিয়া ঘৰ পাওঁগৈ সেইটোৱে আছিল ঘাই চিন্তা৷
পাছবেলাৰ ক্লাছত সাধাৰণতে ভূগোল, বুৰঞ্জী, ড্ৰইং আৰু হাতৰ আখৰৰ পাঠদান কৰা হৈছিল৷ শেষৰ দুটা বিষয় বোধ কৰোঁ ক্লাছ ছেভ্নৰ পৰা নাইকিয়া হৈছিল৷ আমাৰ ড্ৰয়িং টীচাৰ আছিল বাপীৰাম দত্ত ছাৰ৷ মই হাতৰ আখৰ আৰু ড্ৰইং দুয়োটাতে মজলীয়া ধৰণৰ ছাত্ৰহে আছিলোঁ৷ ভাগ্য ভাল এই দুটা বিষয় যেনিবা মেট্ৰিকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নাছিল৷ তেতিয়াই মোৰ ভাব হৈছিল হাতৰ আখৰ বেছি ভাল হোৱাতনো কিয় ইমান গুৰুত্ব দিব লাগে৷ আখৰ আনে পঢ়িব পাৰিলেই হ’ল৷ অৱশ্যে মোৰ এই ধাৰণা যে শতকৰা এশ ভাগ শুদ্ধ নাছিল সেই কথা মই এতিয়াও মানো৷ আখৰ ভালকৈ লিখিব পৰাটো বা ভালকৈ ছবি আঁকিব পৰাটো একোটা আৰ্ট য’ত সৃষ্টিশীলতাৰো (Creativity) প্ৰকাশ ঘটে৷ তদুপৰি এনে বিষয়ৰ চৰ্চাই মনলৈ এক প্ৰকাৰ ‘ডিচিপ্লিন’ আনে বুলিও মোৰ বিশ্বাস৷ অন্য হাতেদি মই এনে একাধিক লোকৰ কথা জানো যাৰ হাতৰ আখৰ কোনো পধ্যেই ‘ভাল’ বুলিব নোৱাৰি, কিন্তু যি নিজৰ মেধা আৰু ধী শক্তিৰ বলত পৰীক্ষাত সুন্দৰ ফল দেখুওৱাৰ উপৰি নিজকে লেখক, সাহিত্যিক সমালোচক, চিন্তাবিদ আদি ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷ সেয় মই ভাবোঁ, যিসকলে নিজৰ হাতৰ আখৰ ‘ভাল’ নহয় বুলি ভাবে, তেওঁলোক হতাশ হ’ব নালাগে৷ মাত্ৰ চাব লাগে আমি লিখা আখৰ যাতে স্পষ্ট আৰু কোনো খোকোজা নলগাকৈ আটায়ে পঢ়িব পাৰে৷ অৱশ্যে হাতৰ আখৰ কাউৰীঠেঙীয়া হ’লে সৰু কালৰ পৰাই ইয়াক উন্নত কৰিবলৈ চেষ্টা কৰা বাঞ্ছনীয়৷<!—next-prev and print–>
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা