Written by 3:58 am Articles

বিপন্ন প্ৰাণী কাছৰ সংৰক্ষণত মঠ-মন্দিৰৰ ভূমিকা

বুবুল শর্মা 

কাছই সুদীৰ্ঘকাল ধৰি আমাৰ চাৰিওফালে বসবাস কৰি আহিছে৷ প্ৰায় দুশ নিযুত বছৰ পৃথিৱীত তিষ্ঠি থকাৰ পাছতো, আজিৰ পৃথিৱীত কিন্তু কাছ বিপন্ন হৈ পৰিবলগা হৈছে, বিশেষকৈ ভাৰতবৰ্ষত৷ সাপ, জেঠী আৰু কাছ সৰীসৃপ (Reptila) জীৱ৷ ৰেপটেলিয়া অৰ্থাৎ বগাই নাইবা চুঁচৰি যোৱা জীৱ৷

কাছৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এষাৰ জটিল যেন লগা বাক্য উল্লেখনীয়—

“সকলো দুৰাই কাছ। (কিন্তু) সকলো দুৰাই কাছ নহয়, টেৰাপিন বিলাকো কাছ। কিন্তু কাছ মাত্ৰেই টেৰাপিন নহয়, কিছুমান কাছ মাথোন কাছই৷” সাধাৰণতে পানীত বাস কৰা বিধক ‘কাছ’ (Turtle) আৰু মাটিত বাস কৰাবিধক ‘দুৰা’ (Tortoise) বোলা হয়৷ কিন্তু লগতে এইটোও মনত ৰাখিব লাগিব যে (আমি দেখাৰ দৰে) কিছু ক্ষেত্ৰত এই নিয়ম নাখাটে৷ প্ৰায়বোৰ কাছই সিহঁতৰ বেছিভাগ সময় পানীত কটায়৷ মাথোন ৰ’দ পুৱাবলৈ আৰু কণী পাৰিবলৈ সিহঁত পাৰলৈ উঠি আহে৷ আৰু টেৰাপিন হ’ল কাছসদৃশ আন এবিধ সৰীসৃপ, ই লৱণহীন পানী (Freshwater)-ত বাস কৰে৷ কাছৰ তুলনাত ইয়াৰ নাকটো ভোটা আকৃতিৰ৷ ভাৰতবৰ্ষত পোৱা লৱণহীন পানীত বাস কৰা ৩ টা গোত্ৰৰ (কোমল খোলা আৰু কঠিন খোলা)-ৰ ২৯ টা প্ৰজাতিৰ কাছৰ ভিতৰত, উত্তৰ-পূৰ্বাঞ্চলত পোৱা ২১ টা প্ৰজাতিৰ ১৯ টা প্ৰজাতিৰ কাছ অসমতে উপলব্ধ৷ সেয়ে উত্তৰ-পূৰ্বাঞ্চলক Turtle Hot spot বুলিও ক’ব পাৰি৷

আমাৰ দেশ তথা অসমত তিনিটা কাছৰ গোত্ৰ হ’ল— 

(ক) টেষ্টুড’(Testudo), (খ) ট্ৰিঅ’নাইচিডি (Trionychidae) আৰু (গ) জিঅ’মাইডিডি (Geomydidae)৷

ক) টেষ্টুড’ গোত্ৰৰ দুটা প্ৰজাতি— (১) হালধীয়া কাছ (Elongated Tortoise) আৰু (২) পাহাৰীয়া কাছ (The Asia Giant Tortoise)৷

খ) ট্ৰিঅ’নাইচিডি গোত্ৰৰ জলজ কাছ প্ৰায় ছয়টা প্ৰজাতি— (১) বাঘিয়া কাছ (Indian Narrow-headed Softshell Turtle), (২) হালধীয়া ফুটুকী কাছ (Indian Flapshell Turtle), (৩) গংগা কাছ (Indian or Ganges Softshell Turtle), (৪) বৰ কাছ (Black Softshell Turtle), (৫) চকৰী কাছ ( Indian Peacock Softshell Turtle), (৬) লাউমূৰা কাছ (Indian Softshell Turtle)৷

গ)  জিঅ’মাইডিডি গোত্ৰৰ টান খোলা (Hardshell)-ৰ অন্তৰ্গত ১৩ টা প্ৰজাতিৰ কাছ আছে, যি পানী আৰু মাটি উভয়তে দক্ষতাৰে বিচৰণ কৰিব পাৰে৷

১) জাপ দুৰা (Malayan Softshell Turtle), (২) সিৰীয়া বা পাহাৰীয়া জাপ দুৰা (Keeled Box Turtle), (৩) নল দুৰা (Spotted Pond Turtle), (৪) শিল দুৰা (Tricarinate Hill Turtle), (৫) বৰ দুৰা (Crowned River Turtle), (৬) তিনিসিৰীয়া দুৰা (Three-Striped roofed turtle, (৭) মুগা দুৰা Brown roofed turtle, (৮) শালিকা দুৰা Assam roofed turtle, (৯) ফুটুকী শালিকা দুৰা (Indian roofed turtle), (১০) ক’লা শিল দুৰা (Black pond turtle), (১১) হালধীয়া দুৰা (Indian eyed turtle) আৰু (১২) চেপেটা দুৰা (Indian leaf turtle)।

কাছ থিয়ডিঙীয়া প্রাণী। ভাৰতীয় বেছিভাগ কাছই মূৰটো খোলাৰ ভিতৰলৈ সুমুৱাই লৈ যাব পাৰে৷ কিছুমান কাছ অনুজ্জ্বল ৰঙৰ, দেখাত শিল যেন লাগে৷ আন কিছুমানৰ আকৌ ধুনীয়া ৰংচঙীয়া খোলাৰ৷ কাছ কণ্ঠস্বৰহীন৷ অৱশ্যে কিছুমান মতা দুৰাই প্রজনন ঋতুত বিশেষ শব্দৰ সৃষ্টি কৰে, তেনেকৈ তৰালেখীয়া দুৰাই ঘোটঘোটায়, ত্রিবাংকৰ নামৰ দুৰাই ফোঁচফোচায়, দক্ষিণ আমেৰিকাৰ ৰঙাঠেঙীয়া দুৰাই কক্‌ককায় আৰু গালাপাগাচৰ দৈত্যকায় দুৰাই ডেডাউৰিয়ায়।

সাপ আৰু জেঠীৰ দৰে কাছও শীতলৰক্তী প্রাণী। ই চাৰিওফালৰ পৰিৱেশৰ পৰা তাপ আহৰণ কৰে৷ উদাহৰণস্বৰূপে ৰ’দত ওলাই বা পানীত সোমাইহে ইহঁতে তাপ লয় বা এৰি দিয়ে। কাছৰ শ্ৰৱণশক্তি সাধাৰণ পৰ্যায়ৰ হ’লেও, দৃষ্টিশক্তি বৰ প্ৰখৰ৷ কাছৰ দাঁত নাই যদিও দাঁতৰ মাৰি বৰ শক্তিশালী। কোমল খোলাৰ কাছবোৰে উদ্ভিদ আৰু প্রাণী দুয়োবিধকে খাদ্য হিচাপে গ্রহণ কৰে৷ ইহঁত ইমান শক্তিশালী যে পানীত চৰি থকা হাঁহক পানীৰ তললৈ টানি লৈ যাব পাৰে৷ কোমল খোলাৰ কাছবোৰে পানীত থকা গেলা-পচা মৃত জীৱ-জন্তুক ভক্ষণ কৰি পানীক প্ৰদূষণমুক্ত কৰি ৰাখে৷ আমাৰ দেশৰ গংগা নৈৰ শ্মশানঘাটসমূহত এই কাছই শৱদেহৰ অৱশিষ্ট খাই নদীখনক প্ৰদূষণমুক্ত কৰি ৰখাত সহায় কৰি আহিছে৷ বেছিভাগ কাছই মাংসাহাৰীৰূপে জীৱন আৰম্ভ কৰি এটা নিদিষ্ট আকাৰ পোৱাৰ পাছত সিহঁত পূৰাপূৰি তৃণভোজী হৈ পৰিব পাৰে৷ কোমল খোলাৰে হওক বা কঠিন খোলাৰ দুৰাই হওক, কাছই চৰাইৰ দৰে কণী পাৰি উমনি নিদিয়ে, ই মাটি বা বালিত গাঁত খান্দি কণী পাৰে৷ কণীবোৰ আকাৰত ঘূৰণীয়া নতুবা দীঘলীয়া হ’ব পাৰে৷ কণী ফাটি পোৱালি ওলোৱাৰ সময় কেইবা সপ্তাহৰ পৰা কেইবামাহমানো লাগিব পাৰে, ই নিৰ্ভৰ কৰে বাহিৰৰ উষ্ণতাৰ ওপৰত৷ আমাৰ কিছুমান জনজাতীয় লোকৰ মাজত প্রচলিত বিশ্বাস আছে যে মেঘৰ গাজনিৰ শব্দই কণীৰ ভিতৰত থকা পোৱালিক হেনো বাহিৰ ওলোৱাৰ উপযুক্ত সময়ৰ জাননী দিয়ে। অৱশ্যে কথাষাৰৰ কাৰণ এটা নথকা নহয়, বাৰিষা কালত পোৱালি জগিলে, বৰষুণে পানীৰ লগত প্ৰচুৰ পৰিমাণে সৰু সৰু উদ্ভিদ আৰু কীট-পতংগ উটুৱাই আনে আৰু কণমানি পোৱালিহঁতৰ কাৰণে সেই সময়ত খাদ্যৰ যোগান ভাল হয়।

কঠিন খোলা থকা সত্ত্বে‍ও কাছৰ শত্রু অনেক৷ বাঘ, ঘোং, পেলিকান, উদ, কুম্ভীৰ, গুঁই, বনৰীয়া গাহৰি, কেঁকোৰা আৰু আনকি নীলগাই নামৰ তৃণভোজী প্রাণীয়েও কাছ চিকাৰ কৰে৷ অৱশ্যে এইসকল চিকাৰী জন্তুৰ হাতত কাছ নিঃশেষ হোৱা নাই, যিমান সভ্য মানুহৰ অত্যাচাৰত নিশ্চিহ্ন হৈছে৷ ভাবিলে আচৰিত লাগে, যি কাছই ডাইন’ছৰৰ দৰে হিংস্র জন্তু আৰু আদিম বর্বৰ মানুহৰ সৈতে বসবাস কৰিও দুশ নিযুত বছৰ কাল তিষ্ঠি থাকিবলৈ সক্ষম হৈছিল, আজি সেই কাছই পৃথিৱীৰ আটাইতকৈ শ্রেষ্ঠ ‘সভ্য মানুহ’-ৰ নির্মমতা আৰু পাশৱিকতাৰ সন্মুখত নিশ্চিহ্নপ্ৰায় হ’বলগা হৈছেহি৷ মাংসৰ নামতেই হওক বা ঔষধ, চর্বি, হাড়, খোলা আৰু কেঁচা তেজ পান কৰা বিলাসী মানুহৰ বাবে কাছ মানুহৰ পাশৱিক অত্যাচাৰৰ বলি৷ মুখেৰে মাতিব নোৱৰা নিৰীহ কাছ একোটাক লুটিয়াই লৈ কম জুইৰ ওপৰত এনেকৈ সেকা হয়, যাতে খোলাৰ ভিতৰতে মাংস সিজি উঠে! এনে অমানুষিক আনন্দক বাৰু বর্ণনা কৰা সম্ভৱনে! জীৱিত অৱস্থাতে চোকা অস্ত্ৰৰে ৰেপি ৰেপি জীৱন্ত অৱস্থাত যেতিয়া কাছৰ তলৰ খোলাটো কাটি, সর্বশক্তি প্রয়োগ কৰি আঁজুৰি যেতিয়া উভালি পেলোৱা হয়, তাতকৈ নৰক যন্ত্রণা বাৰু থাকিব পাৰেনে? যন্ত্ৰণাত লেতুসেতু হৈ পৰা কাছৰ কোমল মঙহৰ ওপৰত গ্রাহক ৰাক্ষসৰ দৰে জঁপিয়ায়ো জানো তৃপ্তিৰ শাম কাটে? কাছৰ দৰে বিলুপ্তিৰ পথলৈ আগবঢ়া প্রাগঐতিহাসিক প্রাণী এটাক কেৱল মাংসৰ বাবে ব্যৱহাৰ কৰা যুক্তিসংগতনে? যিসকলে জিভাৰ লোভত কাছৰ মঙহৰ বাবে বলিয়া হয়, সিহঁতে বাৰু মুৰ্গীৰ দৰে কাছ উৎপাদন কৰেনে?

ভাগ্য ভাল যে পৃথিৱীৰ কিছুমান অঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন ধর্মীয় মানুহে কাছক ভিন ভিন ৰূপত কল্পনা আৰু ভক্তিভাৱ পোষণ কৰি আহিছে৷ হিন্দুসকলৰ মতে কাছ ভগৱান বিষ্ণু অৱতাৰ৷ উত্তৰ-পূব ভাৰতৰ একাংশ ধর্মীয় লোকে সন্তান জন্ম হ’লে পুখুৰীত কাছ এৰি দিয়ে (অৱশ্যে প্রাকৃতিক মুক্ত পৰিৱেশৰ পৰা কাছ একোটা ধৰি আনি কৃত্রিম পুখুৰীৰ আৱদ্ধ পানীত এৰাটো কিমান যুক্তিসংগত কথা, সি আন এক আলোচনাৰ বিষয়।), তেওঁলোকে বিশ্বাস কৰে এনে কাম কৰিলে সন্তানৰ মংগল হ’ব আৰু কাছৰ দৰে দীর্ঘজীৱী হ’ব৷ প্রাচীন চিত্র, সাধুকথা আৰু বহু মন্দিৰৰ শৰীৰত খোদিত চিত্ৰ-ভাস্কৰ্যতো কাছই বিশেষ মৰ্যাদাপূৰ্ণ স্থান লাভ কৰিছে৷ হিন্দুশাস্ত্রই কয় যে পৃথিৱীখন তল ফালৰ পৰা এটা বৃহৎ আকাৰৰ কাছইহে ধৰি আছে৷ আচৰিত কথা, এনে ধৰণৰ বিশ্বাস উত্তৰ আমেৰিকাত বাস কৰা ৰেড ইণ্ডিয়ানসকলৰ মাজতো প্রচলিত। চীনদেশীয় লোককথাৰ মতে কুৱেই (Kwei) নামৰ এটি প্রাচীন কাছই বিশ্ব-ব্রহ্মাণ্ডক সৃষ্টি কৰিছে৷ এই কাছক উত্তৰীয় চতুষ্কোণৰ দেৱতা বুলি গণ্য কৰা হয়। পৃথিৱীৰ বিভিন্ন জনজাতীয় লোকৰ মাজতো এটা প্রচলিত বিশ্বাস আছে যে তেওঁলোক কাছৰ পৰাই সৃষ্টি হৈছিল৷ সেয়ে বহু জনজাতিলোকে কাছৰ মাংস ভক্ষণ নকৰে৷

ভাৰতবৰ্ষত সুদীর্ঘকাল জুৰি মানুহে গংগা নদীত মৃতদেহ পেলাই আহিছে, কিয়নো মানুহে জানে যে কাছই শৱদেহৰ বিহিত ব্যৱস্থা কৰিব৷ পিছে আজিকালি গংগা নদীতো কাছৰ সংখ্যা দুখ লগাকৈ কমি যোৱাৰ বাবেই গংগাক প্ৰদূষণমুক্ত কৰি ৰখা কার্যবিধ কাছই ভালদৰে কৰিব নোৱৰা হ’ল৷ ইতিমধ্যে আমাৰ দেশৰ ৭০% কাছ ইতিমধ্যে লুপ্ত হৈ গৈছে৷ বিভিন্ন জলজ উদ্ভিদে যি সময়ত পৃথিৱীৰ বিভিন্ন জলসংযোগ বন্ধ কৰি পেলোৱাৰ বাবে এই বন্ধ পানীত দ্ৰুতহাৰত বিভিন্ন ৰোগৰ মহ, বীজাণু বৃদ্ধিত সহায় কৰি তীব্র সংকটৰ সৃষ্টি কৰিছে, সেই সময়ত কিন্তু আমাৰ পুখুৰী, নদীত থকা কেইবাটাও প্ৰজাতিৰ কাছই সেই উদ্ভিদ বিধকে খাই জীয়াই থকাৰ উপৰি ৰোগ সৃষ্টিকাৰী মহবোৰক আহাৰ হিচাপে গ্রহণ কৰি পৰিৱেশ তথা মানুহৰ স্বাস্থ্যৰক্ষকৰ ভূমিকা পালন কৰিছে৷

কিন্তু সম্প্রতি ভাৰতবৰ্ষৰ আন ঠাইৰ কথা বাদেই দিলোঁ, প্রকৃতিৰ ৰাণী অসমৰ প্ৰাকৃতিক জলাশয়, অৰণ্য, পাহাৰ আদিৰ পৰাও কাছ ক্রমান্বয়ে বিলুপ্তি ঘটিছে৷ মাছ ধৰা মিহি জালৰ বাবে, জলাশয়, পুখুৰী, বনাঞ্চল ভাঙি মানুহে নির্মাণ কৰা ঘৰ-দুৱাৰ, উদ্যোগ আদি স্থাপনে কাছৰ ভৱিষ্যৎ অন্ধকাৰ কৰি আনিছে। অলপতে বাঘজানৰ ঘটনাই মতাপুং আৰু ডিব্রু-ছৈখোৱাৰ বিশাল জলৰাশিক ভীষণভাৱে প্ৰদূষিত কৰাৰ ফলত বহু দুষ্প্রাপ্য মাছ-কাছই কৰুণ মৃত্যুক সাৱটি ল’ব লগা হ’ল৷

আমি এটা কথা মনত ৰখা উচিত-কাছ মাছ নহয়, মাছৰ দৰে কাছই দ্ৰুত বশবৃদ্ধি কৰিব নোৱাৰে বা সহজো নহয়৷ সেয়ে ভাৰতৰ বন্যজীৱ সংৰক্ষণ আইন ১৯৭২-ৰ প্ৰথমটো অনুচ্ছেদ মতে গঁড়ক হত্যা কৰা আৰু কাছক হত্যা কৰা একেই কথা, একেই অপৰাধ হিচাপে গণ্য কৰা হ’ব পাৰে৷ অসমত পোৱা বৰ কাছ (Black Softshell turtle) ২০০২ চনত IUCN-ৰ বিপন্ন তালিকাত অন্তর্ভুক্ত হৈছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বহু অঞ্চলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কাছৰ বাবে উত্তম আৱাসস্থলী হিচাপে সঘনাই চৰ্চাৰ কেন্দ্রবিন্দু হৈ থাকিলেও, প্রায় ৫০% লৱণহীন পানীৰ কাছ প্রজাতি আজি বিপণ্ণ হোৱাৰ পথত। গতিকে দেখা গ’ল— খাদ্যৰ বাবে কাছ হত্যা কৰা; প্রাকৃতিক আৱাসৰ পৰা কাছক আঁতৰাই অনা; অবৈধভাৱে কাছ সৰবৰাহ; গোলকীয় উষ্ণতা বৃদ্ধি প্রাকৃতিক আৱাসস্থলী ধ্বংস তথা জলপ্ৰদূষণ আদিৰ বাবে অসমতো কাছই মৃত্যুৰ ক্ষণ গণিবলৈ ধৰিছে৷

অসমত কাছ সংৰক্ষণৰ নতুন বার্তা :

অসমত এইবাৰ কাছ সংৰক্ষণৰ বিৰল দৃষ্টান্ত দাঙি ধৰিছে অসমৰ মঠ-মন্দিৰ, দেৱালয় আদিত থকা পুখুৰীসমূহে। দ্রুতগতিত প্রাকৃতিক আৱাসস্থলীৰ পৰা কাছ নোহোৱা হোৱাৰ ক্ষণত, অসমত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শোণিতপুৰৰ নাগশংকৰ মন্দিৰ, গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰ আদিয়ে কাছ সংৰক্ষণৰ বেলিকা নতুন দিশ উন্মোচন কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ২৯-টা মঠ-মন্দিৰৰ পুখুৰীত বসবাস কৰা কাছ সম্পর্কীয় এক সমীক্ষা চলাইছে— Turtle Survival Alliance (TSA) নামৰ সংস্থাটিয়ে। অসম বনবিভাগ, মঠ-মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত TSA-ই কৰা পর্যবেক্ষণ আৰু সমীক্ষা এটি Hepetological Bulletin-ত প্রকাশ পাইছে৷ সেই সমীক্ষা মতে— অসমৰ মঠ-মন্দিৰৰ পুখুৰীসমূহত ১৬ টাৰ পৰা ২১ টা কাছৰ প্ৰজাতিয়ে বাস কৰে৷ সেই কাছসমূহৰ ভিতৰত কেইবাটাও দুষ্প্রাপ্য প্রজাতিৰ কাছ, যেনে— বৰ কাছ, শালিকা কাছ, হালধীয়া ফুটুকী কাছ, বাঘীয়া কাছ থকাৰ কথাই আশাৰ বতৰা কঢ়িয়াই আনিছে৷

শোণিতপুৰ জিলাৰ নাগশংকৰ মন্দিৰটো অগণন কাছৰ বাবে ন ন পর্যটক আৰু ভক্তি‍প্ৰাণ ৰাইজৰ বাবে আকর্ষণৰ অন্যতম কেন্দ্রবিন্দু হৈ পৰিছ৷ বুট, কল দলিয়াই দিলে জাকে জাকে শতায়ু গৰকা কাছই পুখুৰী তলৰ পৰা ওপৰলৈ উঠি আহে৷ পুখুৰীটোৰ বাহিৰে-ভিতৰে প্ৰায় ৫,০০০ সৰু-বৰ কাছই পিয়াপি দি ফুৰা দৃশ্য সঁচাকৈ বিস্ময়কৰ৷ পুখুৰীৰ কাষতে কাছই কণী পাৰিব পৰাকৈ হাবি-জংঘলৰ সংৰক্ষণ কৰা হৈছে৷ এই মন্দিৰৰ পৰিচালনা সমিতিৰ পৰা ভক্তি‍প্ৰাণ ৰাইজে কাছসমূহক ভগৱান শিৱৰ সহচৰ হিচাপে জ্ঞান কৰিছে৷ আনকি মন্দিৰৰ চৌহদৰ পৰা বাহিৰলৈ ওলাই যোৱা কাছক অঞ্চলটোৰ বাসিন্দাসকলে কোনো ক্ষতি নকৰাকৈ পুনৰ পুখুৰীত মেলি দি মহানতাৰ পৰিচয় দাঙি ধৰিছে৷ তেনেকৈ হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ মাধৱ পুখুৰীটো বিপন্ন প্রজাতিৰ কাছ, দুৰাক হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ মানুহে দেৱতা জ্ঞান কৰি অহা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ উগ্রতাৰা মন্দিৰৰ যোৰপুখুৰীটো শালিকা দুৰা, বৰ কাছৰ দৰে দুষ্প্রাপ্য কাছ সংৰক্ষণ কৰা দেখা গৈছে৷

গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ পুখুৰীটোত ভক্তি‍প্ৰাণ ৰাইজে বিভিন্ন বিশ্বাসৰ আধাৰত মনোবাঞ্ছা পূৰণার্থে কাছ দান কৰা দেখা গৈছে৷ তোলনি বিয়া আদিত ব্রাহ্মণসকলে লাভ কৰা কাছকো এই পুখুৰীত এৰি দিয়া হয়। মাজতে পুখুৰীটো টাইলছেৰে বন্ধাই দিয়াৰ বাবে সচেতন ৰাইজৰ মাজত চর্চা লাভ কৰিছিল যদিও সম্প্রতি ইয়াতো কাছই কণী পাৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত হৈছে৷ একেদৰে গোলাঘাটৰ চিনাতলী পুখুৰী, শিৱসাগৰৰ বৰপুখুৰী, জয়সাগৰ পুখুৰী সৰভোগৰ গৰখীয়া গোসাঁই থান আদিৰ পুখুৰীতো কাছই বসবাস কৰা দেখা গৈছে৷

তেনেকৈ বাংলাদেশৰ বোস্তামী মাজাৰতো কাছ সংৰক্ষণৰ ইতিহাস আমি পঢ়িবলৈ পাওঁ। অষ্টম-নৱম শতিকাত হেনো সাগৰৰ পাৰৰ চট্টগ্রামত বায়েজিদ বোস্তামী নামৰ ধর্মপ্রাণ মানুহজনে এক মাজাৰ প্ৰতিষ্ঠা কৰাৰ সময়ত সেই ঠাইত থকা দুষ্ট জিন আৰু পাপী আত্মাক শাস্তিৰূপে কাছলৈ ৰূপান্তৰিত কৰি মাজাৰৰ পুখুৰীত এৰি দিয়া হৈছিল বুলি প্রচলিত এক জনবিশ্বাস আছে৷ এদিন সেই বিশ্বাসেই বিভিন্ন কাৰণত কাছ সংৰক্ষণৰ বৈজ্ঞানিক চিন্তালৈ পৰিৱর্তন ঘটি সেই মাজাৰত বোস্তামী কাছ নামেৰে নামাকৰণ কৰা কাছৰ বাবে Bostami turtle breeding Centre প্রতিষ্ঠা হয়। পিছে দুখৰ বিষয়, অঞ্চলটোত জনসংখ্যা বৃদ্ধিৰ বাবে আৰু মানুহৰ অবাধ হস্তক্ষেপৰ ফলত মাজাৰৰ পূৰ্বৰ মৰ্যাদা তথা অৱস্থা লোপ পালে৷ আঙুলিৰ মূৰত হিচাপ কৰিব পৰাকৈ বোস্তামী নামৰ বৃহৎ আকৃতিৰ কাছ দুটামানহে সেই অঞ্চলত জীয়াই আছেগৈ। উল্লেখযোগ্য যে এই বোস্তামী কাছ পৃথিৱীৰ অন্য ঠাইৰ পৰা কাহানিবাই বিলুপ্তি ঘটিল৷

২০১৯ চনৰ ডিচেম্বৰ মাহত TSA সংস্থাই বনবিভাগ আৰু মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত উগ্রতাৰা মন্দিৰৰ পুখুৰীৰ পৰা ৭০-টা দুৰা কাছ সংৰক্ষিত প্রাকৃতিক আৱাসস্থলীত পুনৰ সংস্থাপিত কৰা হয়। লগতে সেই পুখুৰীৰ পৰা অসংখ্য কাছৰ কণী সংগ্রহ কৰি উপযুক্ত স্থান আৰু পৰিৱেশত কণীৰ পৰা পোৱালি জগাই, সেই কাছ পোৱালিবোৰকো প্রাকৃতিক পৰিৱেশত সংস্থাপিত কৰা হয়৷ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহতো হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু উগ্রতাৰা মন্দিৰৰ পৰা বহুতো দুষ্প্রাপ্য প্রজাতিৰ কাছ সংগ্রহ কৰি পবিতৰা অভয়াৰণ্যত এৰি দিয়া হয়। তদুপৰি বিশ্বনাথ ঘাটৰ শিপিনীসকলক লৈ গঠিত ‘কাছ সখী’ (KASO SAKHI) নামৰ আত্মসহায়ক গোটৰ দ্বাৰা গামোচাত কাছৰ ছবি অংকন কৰি কাছ সম্পৰ্কীয় সজাগতা সৃষ্টিৰ নিদর্শন দাঙি ধৰিছে৷ কাছৰ ছবি থকা এই গামোচাসমূহে দেশৰ লগতে বিদেশৰ কাছপ্রেমীসকলৰ মাজতো সমাদৃত হৈছে৷ অসমৰ মঠ-মন্দিৰৰ পুখুৰীসমূহৰ পৰিৱেশ যাতে সদায় কাছৰ বাবে অনুকূল হৈ থাকে, তাৰ বাবে পুখুৰীসমূহত বিস্কুট আদিৰ দৰে পৰিৱেশ নষ্ট কৰা বস্তু যাতে কোনেও পুখুৰীত নদলিয়ায়, তাৰ সুব্যৱস্থা কৰা উচিত৷ ইতিমধ্যে TSA, বন বিভাগ আৰু মন্দিৰ পৰিচালনা সমিতিসমূহৰ মাজত আলোচনা মর্মে অসমৰ ১৮ টা মন্দিৰ, দেৱালয়ৰ পুখুৰী নির্বাচন কৰি এই পুখুৰীসমূহৰ পৰিচালনা সমিতিসমূহৰ মাজত এক শক্তিশালী নেটৱৰ্ক প্ৰস্তুত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছে। আগন্তুক সময়ত এই পুখুৰীসমূহৰ পৰা ১,০০০ কাছ অসমৰ সংৰক্ষিত প্রাকৃতিক পৰিৱে‍শত পুনঃসংস্থাপিত কৰাৰ লক্ষ্যই বিশ্ব কাছপ্রেমীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে।

সামৰণিত এটা কথা দোহাৰিব বিচাৰোঁ— আপোনাৰ-মোৰ ঘৰখন কাছৰ বাবে প্রাকৃতিক আৱাসস্থলী নহয়। সেয়ে কাছ দেখিলেই বন বিভাগক খবৰ দিয়ক, লগতে সেই কাছৰ ফট’ তথ্যসহ তৎক্ষণাৎ TSA, FTTI আদি কাছ সংৰক্ষণৰ সৈতে জড়িত সংস্থাৰ ৱেবছাইটত আপল’ড কৰি কাছ সংৰক্ষণৰ অংশীদাৰ হওক!

ঠিকনা:মেচার্চ আশাদীপ মেডিক’জ।খৃষ্টীয়ানপট্টি, আৰকেবি ৰ’ডনগাঁও (অসম)।পিন: ৭৮২০০১ভ্ৰাম্যভাষ: ৮৬৩৮৫৬৫৪৩৯bubulkaziranga 10may@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close