ননী বৰদলৈ
বাঁহীৰ মাত এটা ঢপলিয়াই আহিছে
বাঁহীত ৰাতিৰ সুৰ
বাঁহীটোৰ সুৰত উটি আহিছে দুটি জোনাকী৷
***
মেঘৰ আঙুলিৰ ফাঁকেৰে
কেইটোপালমান বৰষুণ সৰি পৰিছিল
পানীপিয়াজনী চিঞৰি চিঞৰি উৰি গ’ল৷
***
বৰষুণৰ পাছত গো-বাটটোৰ গৰুৰ খোজত
অগণন জোন
আকাশত মাথোঁন এটা৷
***
ৰজনীগন্ধা এজোপা ফুলিলেই
বতাহজাক মতলীয়া হয়
মদাৰজোপাই নীৰৱে উচুপে৷
***
দুখ এটাই বুকুখন যেতিয়া দ-কৈ খান্দে
দুখন সাগৰৰ লহৰে
ওপচাই পেলায় কূল, দোকোলটকা বানেৰে৷কবিৰ ঠিকনা:বৰডুবিডাক : হুগ্ৰীজান৷পিন : ৭৮৬৬০১জিলা : তিনিচুকীয়া৷৯৪৩৫১৩৫৮৫০/ ৭৫৭৫৯৬৭৩৭২
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025