Written by 3:17 am Poems

হাতী বনাম পৰুৱা

 ঋষভ নাথ

তুলাচনীৰ এফালে এটা হাতী

আনফালে এটা পৰুৱা তুলি দি

উকীলে ক’লে – চাওক এতিয়া মহাশয়

হাতী মাৰিলে যিমান ডাঙৰ অপৰাধ হয়

পৰুৱা মাৰিলে তিমান কেতিয়াও নহয়

হাতীয়ে এটা জীৱনলৈ আহোঁতে

সময় লয় অতি কমেও ছশ ষাঠি দিন

আৰু বিশ দিন লাগে এটা পৰুৱাক

কণমানি কণীৰ কামোৰ এৰাবলৈ

উকীলে ক’লে – চিন্তা কৰি চাওক

হাতী জী থাকে আঠশ চল্লিছ মাহ

আৰু পৰুৱা জাহ যায় তিনি বছৰতে

বৃহৎ অমিল ক’ত থাকিল জানেনে

হাতীয়ে নাকৰ নলী পোনাওতে

যিখিনি সময় যায় তাৰ আগতেই

পৰুৱাৰ আত্মাই মৃত্যুৰ ঘ্ৰাণ পায়

হাতীয়ে যেতিয়া দিঠকত প্ৰথম ঠেং থয়

পৰুৱাৰ সপোন উজাৰি ভূঁইকঁপ হয়

তাৰ পাছৰ প্ৰতিটো খোজ

গজেন্দ্ৰ-বীৰত্বৰ ধ্বজ

কোনো পৰুৱা পোনেই নমনি

সিহঁতৰ লৰ গণি গণি যাবলৈ হ’লে

হাতীৰ বাবে এই পৃথিৱী যথেষ্ট কিদৰে

উকীলে ক’লে- মাউত উঠিলে নামিলে

নিয়ম-নমনা দুই এজাক পৰুৱা মৰে

পিছে সি সভ্যতাৰ ক্ষতি নকৰে

গাড়ী চলি থাকিবই লাগিব

অন্যথা থমকিব প্ৰগতি

যিমানেই ওখ নহওক কিয় মহাশয়

পৰুৱাই বগাই আগ পোৱাৰ আগতে

গছ এজোপাৰ গুৰি ভাঙিবলৈ হাতীক

লাগে মাথোঁ এক নিমিষৰ সময়

গতিকে হাতীৰে পৰুৱাৰ

সন্মান তুলনীয় নহয়

হাতীয়ে জংঘল গচকি মংগল গঢ়ে

পানীৰ আখৰ বতাহ লুটিয়াই পঢ়ে

লক্ষ্মীৰ ছাঁত বাঢ়ি যায় হাতীৰ দাঁত

হাতী-কণ্ঠত এশ পাঞ্চজন্যৰ নিনাদ

হাতীৰ হাড় ধাননি-শালনিৰ সাৰ

আনকি বিষ্ঠাও মাখিৰ আহাৰ

হাতীক বাঘে ভয় কৰে

ফপৰা কুকুৰে ভুকি ভুকি

মৰিলেও হাতীৰ নোম নলৰে

অথচ সেই কুকুৰ আৰু বাঘে

যদি পাল পাতি এবাৰ মূতে

পৰুৱা এপীৰি উটে

উকীলে ডাঠি ক’লে- মহাশয়

হাতী কাঁইটীয়া লতাৰ ঘৰ ভাঙি

হাবিলৈ নতুন ডাল-পাত আনি

আলপৈচান ধৰা চিকিৎসক

আকৌ হাতী অভিযন্তাও

দুৰ্গম বাটৰ বিধাতা

ত্ৰাসৰ সংৰক্ষক

হাতী নেতা

আনহাতে অবাধ্য এই পৰুৱাবোৰ

ইহঁত যে কোন নৰকৰ পৰা আহে

মৰাই জীয়াই খাই স্বৰ্গক বিশ্ৰী কৰে

গাঁতৰ আন্ধাৰত সাঁতুৰি নাদুৰি

বংশ বৃদ্ধিৰে পৰিশ্রান্তি সামৰে

নাক-কাণৰ ভিতৰ সোমাই

আমাৰ হাতী-নিদ্ৰা হৰে

গতিকে মহাশয়, উকীলে ক’লে-

পৰুৱাক নাকী লগাই ৰাখিবলৈ

বিহিত ব্যৱস্থাৰ আজ্ঞা দৰকাৰী

গাঁত হওক সিহঁতৰ একমাত্ৰ বাট

কাৰাগাৰ ঘৰ যদি মৰে কবৰ

আৰু হাতীৰ স্বাচ্ছন্দ্যক

দিওক আইনী স্বীকৃতি

নিৰ্ধাৰণ কৰক নীতি

হাতীৰ হানি ডাঙৰ পাপ

এই কথাৰে আৰম্ভ হওক

পৰুৱাৰ প্ৰতিখন কিতাপ

ঠিকনা :

বাপুজীনগৰ, ৱাৰ্ড নং ১৬

ডাকঘৰ আৰু জিলা- গোৱালপাৰা

সূচাংক-৭৮৩১০১,

ভ্ৰাম্যভাষ-৯৮৫৯৯৭৬৬৪৩

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close