Written by 3:03 am Poems

বিষয় : বুদ্ধ

মিণ্টুল হাজৰিকাৰাতিৰ বিছনাখনত কথাবোৰ পিটিকি চাওঁ
বুদ্ধ শ্ৰমিক হোৱা কথা
বুদ্ধই কাৰখানা গঢ়াৰ কথা

গোটেই দিনটো মোৰ কামিজৰ পকেটত বুদ্ধ শুই থাকে বহি থাকে থিয় হৈ থাকে আৰু
বেলি শুবলৈ গ’লে ফুলবাহাৰ, মালতীহঁতৰ বস্তিৰ গলিয়েদি আহি দেৱীৰ কোলাত মূৰ থৈ শোৱে

তানপুৰাত নাচি থাকে দেৱীৰ আঙুলিৰ বিষাদ

ৰাতিৰ বিছনাখনত কেৱল যে বুদ্ধৰ কথাবোৰেই ভিৰ কৰে এনে নহয়
প্ৰেম আৰু মদৰ এখন মুকলি বজাৰ আমাৰ চাৰিওপিনে ঘূৰি থাকে অহৰহ
আৰু বুদ্ধৰ তৃপ্ত-অতৃপ্ত মুখ, মাদাৰ ইণ্ডিয়া বিড়িয়ে সেকা দুটা ওঁঠ, টোকোৰা চৰাইৰ বাহৰ দৰে এহালি চকু …

শতিকাজোৰা এটা উত্তেজনাৰ স’তে সনা-পোটকা

বুদ্ধ বক্তা

ধাৰাসাৰ বীৰ্য পৰিছিল
প্ৰতিবাদমুখৰ নলা-নৰ্দমা অলি-গলিত

কিন্তু কেতিয়াও সিংহ হোৱাৰ চাং পতা নাই৷

বুদ্ধ গায়ক

এখন ৰাজপাটৰ সাধু কোৱা দেশ আছে
সেই দেশৰ গছে বনে ডাল ডাল চুলি ছিঙা জোন
ঘৰগোনা ৰজা তিৰীসেৰুৱা প্ৰজা

কিন্তু কেতিয়াও গায়ক হোৱাৰ ঢং পুহি থোৱা নাই৷

বুদ্ধই পেইণ্টিং আঁকে

এখন গৰু গাড়ীত এটা লণ্ঠন আৰু হাতীখোজত
কেইবাখনো ট্ৰেজিক আকাশ৷ সৰি পৰা বাট-পথ হালধীয়া

কিন্তু কাহানিও প্ৰদৰ্শনীত ওলোৱাই থোৱা নাই মুখ৷

তোমাৰ অক্ষমতাৰ অন্তৰালত পুৰুষ নেদেখা নদী
যৌনতা সাঁকো হ’ব পাৰে নে নোৱাৰে অ’ সখা প্ৰাণ বুদ্ধ৷ মোৰ মুখতো আঁকিব পাৰাচোন 
আন নহ’লেও নৱজাতক হাঁহি এটা

বুদ্ধ মোৰ কামিজৰ পকেটত থাকে
তথাপি এফাল খালী মোৰ ৰাতিৰ বিছনা

অ’ মোৰ নৈৰ পাৰত শুই থকা পূৰ্বপুৰুষৰ কামিহাড়!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close