Written by 3:03 am Poems

এই চহৰ

ভাস্কৰ জে নাথআগৰ দৰেই হ’ৰ্ডিংবোৰ
ইলেক্ট্ৰিক খুঁটাবোৰ
ইমান শালিকী : মাতি আছে ইলেক্ট্ৰিক তাঁৰত বহিইমান কাউৰী : কা কা কৰি
তেনেকৈয়ে ক’ৰ্ট-কাছাৰীনিয়ম মতেই 
নিয়ম মতেই বৰষুণ পৰিছেৰ’দ পৰিছে
বতাহ বলিছে
ধূলি উৰিছে
দূৰত দুটা কুকুৰ দেখিছোঁ 
এটাই ভুকিছে
আনটোৱে প্ৰস্ৰাৱ কৰিছে

ইয়াত ভাল সলনি বুলিনো কি হৈছে?

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close