Written by 12:32 pm Poems

মকৰাজাল

আবেদুৰ ৰহমান

মোৰ শোৱনি কোঠাৰ বেৰত

গা-ধোৱা ঘৰত

আনকি বাৰাণ্ডাখনৰ খুঁটাবোৰতো

মকৰাই জাল বান্ধিছে

পত্নীৰ খেচখেচনি

এনেদৰে দিনৰ দিনটো বিছনাখনতে পৰি থকাতকৈ

জালবোৰনো নুগুচায় কিয়? জালেই জাল তৰা সময়ত

জালেই জাল তৰা দেশত

পত্নীৰ কথাবোৰ শুনি হাঁহি উঠে

তৰোঁতাই তৰি আছে জাল জালত পৰিবলৈ বিজ্ঞাপন দিছে

জালত ফচিবলৈ প্ৰচাৰ চলিছে

আপোনাৰ আগফালে জাল

পিছফালে জাল

সোঁৱে জাল

বাঁৱে জাল

আপুনি জালত লাগিছে

আপোনাৰ মন মগজু জালৰ ভিতৰত

শক্তিশালী বুলি ভবা হাত ভৰি আনকি আপোনাৰ আৱেগ বিবেকো জালত বন্দী

অলসভাৱে বিছনাতে পৰি তন্ময়তাৰে চাই আছোঁ

মকৰাই নান্দনিকতাৰে সজোৱা প্ৰতিখন জাল

হঠাতে নিজকে আৱিষ্কাৰ কৰিছোঁ তেনে এখন মকৰাজালেই মোক এফালৰ পৰা গিলি আহিছে

জাল এৰুৱাই উঠিব খুজিছোঁ

মোৰ চলমান হাত-ভৰি ক্ৰমে জঠৰ হৈ পৰিছে

মই জালত ফচি চটফটাইছোঁ

যিদৰে হাজাৰজন জালত পৰি ককবকাই আছে

ফোন :  ৯৩৬৫৪ ৪৮৩৬১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close