ধীমান বৰ্মন
ৰাণী হ’বলৈ মহান হ’ব লাগে
নাৰী হ’বলৈ বিশাল –
এই কথা শিকায়
ধ্ৰুৱক বালিচৰত
পাৰি থৈ যোৱা
অজস্ৰ চিকমিক খোজে
আ কাৰ ই কাৰৰ ছায়াঘৰত
দুটা আখৰৰ মাথো স্থান সলনা-সলনি
মান নেহেৰুওৱাকৈও
সেয়ে নাৰীবোৰ ৰাণী
ৰাণীবোৰ নাৰী
দুষ্টক দমন কৰোXতেও
কাঠ কঠোৰ শাস্তিৰে
নাৰীৰ অন্তৰত ফুলি থাকে নেকি
গেজেপনিৰ ভিতৰৰ অচিন ফুল
অলপ পানী পালেই জঁপিওৱা ভেকুলীবোৰে
কেঁচা টোপনি ভাঙিলে মহীয়সী ৰাণীৰ
বিধান দি বেঁকা কৰোৱায়
উদণ্ড ৰাজহাড়
ক্ষমা কৰিব পৰাকৈ
একোখন সাগৰ আৰু উত্তাল ঢৌ
নাৰীয়ে কঢ়িয়াই ফুৰে তেজত
পানী পালে জঁপিওৱাতো
ভেকুলীৰ সহজ স্বভাৱ
যদিওবা
ক্ষমা কৰিব পৰা বাবেহে
নাৰীবোৰ ৰাণী
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025