Written by 12:31 pm Poems

ঠিকনা

 ৰাশ্বেল চৌধুৰী

প্ৰতিদিনেই ঘৰৰ ঠিকনাটো হেৰুৱাই পেলাওঁ

যদিও কাগজ এটুকুৰাত লিখি লগত লৈ ফুৰোঁ।

প্ৰজাপতি এটাৰ পিছে পিছে 

ওলাই আহিছিলোঁ ঘৰৰ পৰা

এতিয়া ঘৰখন বিচাৰি বিচাৰি হয়ৰান হৈ পৰিছোঁ

প্ৰতি দিনেই ঘৰৰ পৰা ওলাওঁতে

কাগজ এটুকুৰাত লিখি আনো

কেনেকৈ যে হেৰাই যায় ঘৰৰ ঠিকনা !

ট্ৰেফিক জামৰ লাইটৰ তলত আছোঁ বহি

চিনাকি কোনোবাই ঘৰখন দেখুৱাই দিব বুলি।

ভিখাৰী এজনক ঠিকনাটো সোধাত দাৰ্শনিকৰ দৰে ক’লে

মানুহৰ ঘৰৰ ঠিকনা থাকে নেকি

যেতিয়া য’লৈকে যায় তাতেই তেওঁৰ ঘৰ

পুলিচ এজনক সুধিলোঁ

তেওঁ ক’লে – চিনি পাইছোঁ !

বুকুত ৰে’লভৰ্তি ভয়ঙ্কৰ কষ্ট লৈ ফুৰি

মহানগৰক বেয়াকৈ চিন্তাত পেলাইছা

৪৪ ধাৰাৰ অধীনত কেতিয়া যে ক্ৰছফায়াৰ কৰি দিম

সাৱধানে থাকিবা !

ভয়তে পলাই আহি

পাঁচ টকা এটা দি বাদাম খাই আছিলোঁ

বাদাম ফাঁক কৰি কাগজ টুকুৰাৰ পৰা

কবি এজনে বহি পৰিল হাতত

পাঞ্জাৱীৰ জেপৰ পৰা জোনাকী পৰুৱা এটা এৰি দি ক’লে-

ঘৰলৈ গৈ নো কি হ’ব

পৰুৱাৰ পিছে পিছে যোৱা

গৈ গৈ পাবও পাৰাঁ কবিতা এটা ।

কি আজব বেপাৰ

নিজৰ ঘৰৰ ঠিকনাটো

কেনেকৈ যে মানুহে হেৰুৱাই পেলায় !

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close