Written by 12:31 pm Poems

এজেবা কেঁচা নিমখ

 ৰিপুঞ্জয় বৰুৱা ঋমন

নিয়মত নচলা ৰজাৰ বজাৰ

জীৱশ্ৰেষ্ঠ নে জানোৱাৰ ?

ব্যস্ত ফুটপাথ ভিৰ চিটিবাছ

কোনে শুনে কাৰ কথা

ভগাব নোৱাৰি জিভাৰ আধা !

ইণ্টেনচিভ্ কেয়াৰত আয়ুসৰ কেক্ কটা-কটি 

উদং উদৰৰ সমদলত কবিৰাজ বনবাসী

আবতৰত গৰুছালৰ বেবনি

এগৰাকী মগনীয়া আইৰ চকুত চকুপানী

কিজানি আয়ে জানে, চুলেই মহামাৰী !

পৰিৱৰ্তনে মাতে হাত বাউল দি

ডিঙিলৈকে উজায় পেন্দুকণা আশ্বাস

চহৰত চলন্ত বিস্কুটৰ বিজ্ঞাপন

বাত বিষত গেঙাই উঠে ভাবৰ ভাববাদন

কিম্বা আদমৰ বাতুলতা

টোপনি নাহে

বিষ ধুবলৈ হাতত লওঁ এবটল হুইস্কী

আৰু এজেবা কেঁচা নিমখ।

ভোক আৰু যুদ্ধৰ দুটা চকু

ধুমুহাতো সাৰে থাকে

সপোনতো সাৰে থাকে

সাৰে থাকে ব্যৰ্থ টোপনিতো।

ঠিকনা :

বিৰিণা পথ, গৃহ নং – ৩

জনকপুৰ চাৰিআলি, কাহিলিপাৰা

গুৱাহাটী-১৯

ভ্ৰাম্যভাষ-৬৯০০৫২৪১২০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close