Written by 12:31 pm Poems

হ’ল-নহ’লৰ ছনেট

সমুদ্ৰ কাজল শইকীয়া

হ’লবোৰেৰে জীৱনটো হ’ল নে নহ’লবোৰেৰে হ’ল?

হ’লবোৰেৰে কিছুমান যে নহয় – বুজিলোঁ অতখিনি

নহ’লবোৰেৰে হ’ল কি কি সেয়াও দেখিলোঁ ভালেখিনি।

নামটো এৰি মালিকৰ আত্মকথা পঢ়িবলৈ নহ’ল।

পদূলিয়ে পদূলিয়ে কোনে ৰিঙিয়াই গ’ল, শুনো- “গ’ল”;

গ’ল অ’ গ’ল বুলি কান্দোনৰ ৰোল উঠিল চোতালত।

চকুলো যি নোলাল তেতিয়া, ওলাল ফুটবল খেলত

হাজাৰ মানুহে উল্লাসেৰে যেতিয়া চিঞৰিছিল- গ’ল।।

তোমাৰ নামটো হোৱাৰ ঘৰত ৰ’ল নে নোহোৱাৰ ঘৰলৈ গ’ল?

পূৰ্ণতাৰ-শূন্যতাৰ নহৰু-পনৰু দুয়োটা বাটি তোমাৰে হ’ল।

ঘিটিঙাই বজা কাঁহৰ বাটিৰ ধ্বনিটোহে কিজানিবা মোৰ হ’ল।

তুমি নহালৈকে বাৰু ব্ৰহ্মাণ্ডখনেই মোৰ আছিল, এজ এ হ’ল।

তাৰ পাছত অ’ ব্লেক হ’ল, বাৰ্কাৰ’ল বাৰ্কাৰ’ল, কি বা জানো হ’ল!

কি যে ৰ’ল, কি কোন হাতে গ’ল তাকে চাবলৈকেনো কোনেই বা ৰ’ল?

কবিৰ ইমেইল: kankhowa@gmail.com,ভ্ৰাম্যভাষ: ৯৮১১৩৭৫৫৯৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close