গীতাঞ্জলি বৰকটকী
হেৰা অকণি ,
গছ পুলি ৰোওঁ আহাঁ
গছ অবিহনে জানা
সেউজী নহয় ধৰা ৷
সেউজ ধৰণী
দেখিবলৈ শুৱনি
ফুলে-ফলে গছে-বনে
কিযে লাৱণী।
গছেহে আমাৰ প্ৰাণ
কথাটো জানি থ’বা
গছৰ অবিহনে
কিদৰে উশাহ ল’বা
উশাহত আমাক অম্লজান
গছেহে যোগান ধৰে
নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড
গছেই শুহি ৰাখে
তাকে বুজি হে’ৰা অকণি
গছ নাকাটিবা
গছৰ অবিহনে পৃথিৱী হ’ব মৰুভূমি
কথাটো গমি থ’বা ৷
সেয়েহে অকণি
গছ পুলি ৰোওঁ ব’লা
প্ৰদূষণ মুক্ত এখন সেউজ
পৃথিৱী গঢ়োঁ আহাঁ ৷
ঠিকনা :
বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়
নামৰূপ ৷ জিলা : ডিব্ৰুগড় ৷
ডাক : পৰ্বতপুৰ
অসম ৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025