Written by 11:45 am Poems

বাইচাইকেল

সুদৰ্শনা বৰদলৈ

পুৰণি সুহুৰি এটা ৰৈ ৰৈ বাজে

আদিম সপোন এটা চকামকাকৈ সাৰ পায়…

ৰৈ ৰৈ টিলিঙা বাজে

বাৰশ টকীয়া জলপানিৰে

চাকৰিৰ অহা-যোৱা বাটত

চাইকেল

বৰপিতাইৰ আভিজাত্যৰ চিন

ওফন্দি উঠা বুকু

এদিন

চাইকেলৰ কেৰিয়াৰত উঠি

গুচি আহে বৰপিতাইৰ অৰ্ধআকাশ

গোটেই আকাশ ছানি

ওৰণিৰ তলৰ পৰা ওলায়

মিচিকিয়া হাঁহি

চাইকেলৰ আত্মকথাত খোদিত হৈ থাকে

কুটাধানৰ চাউলৰ ভৰ

গেলামাল

সাপ্তাহিক আলু-কচু, কণবিলাহী

আৰু

বৰবৌৰ আখলৰ পৰা ওলোৱা

কচুটেঙাৰ গোন্ধ

ভৰুণ হৈ থাকিলেও

আখলৰ মলমলীয়া গোন্ধ

বগাই বগাই লাগি থাকিলেও

চাইকেল অচল হয়

একে ঠাইতে থাকি যায়

পুৰণি দিনৰ সাক্ষী হৈ

চাইকেলৰ ঠাই লয়

মেচিনৰ দুচকীয়া 

বিলাসৰ চাৰিচকীয়া

হ’লেও বৰপিতাইৰ চাইকেল

একে ঠাইতে ৰৈ থাকিলেও

পুৰণিৰ সাক্ষী হৈ

বৰপিতাইৰ চাইকেল

আভিজাত্যৰ তাহানিৰ চিনাকি

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close