Written by 11:45 am Poems

এটি প্ৰেমৰ কবিতা

ৰূপা বৰপূজাৰী

নীলা পাহাৰ এটাৰ বুকুত

ৰুই দিলোঁ এটা সপোন

আৱেগৰ ছাঁ আৰু চকুৰ পানীৰে জীয়ন দি

এদিন মোৰ লতাসেৰীয়া দুহাতেৰে

জানোচা ঢুকি পাওঁ তোমাক  

সপোনৰো থাকে নেকি মাণিকী মাধুৰী হিয়া

প্ৰতিশ্ৰুতি অথবা চৰ্তহীন

এক অদৃশ্য বলয়ৰ মাজতো যি দৃশ্যমান

সম্ভৱতঃ তুমি 

শিলত খোপনি পুতি

মই যে নিতৌ অহা-যোৱা কৰোঁ

দুভৰিৰ তেজেৰে শিলৰ ফলিত আঁকি থৈ আহোঁ কাৰ মুখ

নামনিলৈ বৈ পৰা বতাহজাকে সুহুৰিয়াই কৈ গৈছে

সম্ভৱতঃ তোমাৰে কথা

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close