জুবিলী গগৈ
বৰ ধাৰাল এই তেজৰ টোপাল
শিপা হৈ ভেদি যায়
পৃথিৱীৰ বুকু
শিলাময় স্পৰ্শ
তপত বলুকা
ফাটি চিৰাচিৰ হোৱা
মাটিৰ মালিতা
শূন্যতাৰ উশাহ সামৰি
শিপা বাঢ়ি যায় অতললৈ
চুলি মেলি বহি ৰয় পৃথিৱী
উন্মাদ চকুত
বিৱসনা হাজাৰ ৰাতি
সকলো থাকিও আজি
অকলশৰীয়া
মেলা চুলিৰ অস্থিৰতা
কাক ক’ব
কোনে শুনিব
আন্ধাৰ ৰাতি
আকাশৰ তৰা লেখি কৈ যোৱা
এইবোৰ যেন একো একোটা
সাধুকথা
কোনে ফুলাবহি
পৃথিৱীৰ মেলা চুলিত
আজিৰক্ত কৰৱী…
Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025