Written by 11:37 am Articles

হাত

পৰিস্মিতা বৰদলৈ


(১)

কঁহুৱা বন…

কাগজখিলাৰ ওপৰত হাতখন খুব খৰকৈ চলিছে৷ খচ্ খচ্..খচ্ খচ্…

‘খিৰিকীখন খুলিলেই দেখা যায় হালি-জালি থকা কপাহ কোমল কঁহুৱাৰ শাৰীবোৰ৷ ভাৰাক্ৰান্ত মনবোৰ যেন কঁহুৱাডৰাই ভাৰশূন্য কৰি তোলে পলকতে৷ মিহিকৈ বলি থকা কোমল বতাহজাকে আহি তাইৰ চুলিবোৰ খেলি-মেলি কৰি দিয়েহি৷ তাইৰ ভাল লাগি যায়৷ মনৰ, শৰীৰৰ ভাগৰবোৰ যেন নিমিষতে বতাহৰ সৈতেহে মিলি যায়৷ কঁহুৱাৰ লাহি-পাহি হাতত ধৰিয়েই যেন শৰতো নামে ধৰালৈ৷’ 

…এইখিনিলৈকে লিখি তাইৰ হাতখন থমকি ৰয়৷ কি লিখিব আৰু! উস্ একোৱেইচোন মনলৈ অহা নাই৷ অলপ আগতে মাথোঁ কলমটোৰে স্বতঃস্ফূৰ্তভাৱে ওলোৱা ভাবখিনিয়ে হঠাতে যেন আঁত হেৰুৱায়৷ আগতেতো এনে নাছিল৷ যেতিয়াই বহিছিল কাগজ-কলম লৈ, আপোনা-আপুনি চোন শব্দবোৰে আহি ভিৰ কৰিছিলহি কাপৰ আগত৷ থল-থলকৈ সৰি পৰিছিল নীলা শব্দবোৰ, উকা কাগজখন পলকতে ভৰুণ হৈ পৰিছিল৷ তেন্তে এতিয়া কি হ’ল তাইৰ! উস্ এই বন্ধ্যাত্ব! 

“তোৰ ৰাইটাৰ্ছ ব্লক হৈছে বুজিছ? লিখা মানুহবোৰৰ মাজে-মাজে এনেকুৱা হয়েই৷”

ভাৰ্গৱীয়ে কৈছিল তাইক সিদিনা৷ তায়ো ভাবিছিল হয় চাগে! পাছ মুহূৰ্ততে ভাবিছিল, ইস্ এনে লেখিকাজনী তাই ৰাইটাৰ্ছ ব্লক হ’বলৈ৷ কিন্তু এনেকুৱাতো তাইৰ কোনোদিনেই হোৱা নাছিল৷ ডায়েৰীৰ পৃষ্ঠাবোৰ, বাহিৰা বহীৰ শেষ পৃষ্ঠা আৰু স্মাৰ্টফোন হোৱাৰপৰা ফেচবুকৰ ৱাল, নোট-পেড সকলোবোৰচোন বাংময় হৈ উঠিছিল তাইৰ নিঃশব্দ অনুভৱৱেৰে৷ হয়তো তাইৰ ভিতৰত কিবা এটা ঘটিছে, যাৰ উহ হয়তো বৰ্তমানৰ পৰিস্থিতি নতুবা এই অস্থিৰ সময়৷ বছৰটোৰ আৰম্ভণিৰে পৰাই এইবাৰ মাথোঁ চাৰিওপিনে মৃত্যুৰ কিৰিলি, ৰোগ, ইয়াৰ উপৰি পলকতে সংহাৰী ৰূপ ধাৰণ কৰা বেমাৰটোৰ বাবে হোৱা লকডাউন আৰু তাৰ পৰিপ্ৰেক্ষিতত হোৱা আৰ্থিক অভাৱ৷ দুখীয়াৰ এমুঠি অন্নৰ বাবে হাহাকাৰ৷ উস্, ইমানৰ পাছতো কেনেকৈ কলমেৰে নিগৰিব পাৰে সৃষ্টিশীল কাব্য! 

তাইৰ লগৰ নৱাৰুণে শৰৎ বিশেষ সংখ্যাৰ বাবে কিবা এটা লিখিবলৈ কুটুৰি আছে তাইক৷ তাৰ অহৰহ খোচামতিত তাই মান্তি হৈছিলগে৷ আৰু এয়া শৰতৰ সৈতে ৰজিতা খুৱাই কঁহুৱাৰ ওপৰতে কিবা এটা লিখিবলৈ লৈছে তাই, কিন্তু নহৈছেহে নহৈছে৷ আজি শব্দবোৰে বৰ বেয়াকৈ প্ৰবঞ্চনা কৰিছে তাইক৷ বহুপৰ যুঁজি যুঁজিও নোৱাৰি লিখি ৰখা কাগজখিনিৰ ওপৰতে পেপাৰ-ৱেইটটো থৈ, একোবত তাই খিৰিকীৰ কাষলৈকে উঠি আহিল৷ পৰ্দাখন কোঁচাই দিয়াত মুকলি হৈ পৰিল বাহিৰৰ পৃথিৱীখন৷ অদূৰত আঁহতজোপা৷ তাৰ কাষেদি পথটো৷ পথটোৰ কাষৰে গুমটিখন যি যোৱা দুটা সপ্তাহে বন্ধ হৈ আছে লকডাউনৰ বাবে৷ তদুপৰি সৌৱা সেই জান-নিজানকৈ তাই দেখা পাইছে কঁহুৱা ফুলাৰ যো-জা আৰম্ভ হ’লেই৷ বাকী সকলো স্থবিৰ হ’লেও প্ৰকৃতি থমকি নৰয়৷

সময়ে সময়ে ই নিজৰ কাম কৰি গৈ থাকে৷

মানুহৰ হাতে কেতিয়াবা মইমতালি কৰিলেও, প্ৰকৃতিৰ হাতে নিত্য নতুন উন্মাদনাৰে সিঁচি দিয়ে সম্ভাৱনাৰ কোঁহ৷ প্ৰকৃতিৰ হাতৰ পৰশে মৃতসঞ্জীৱনীৰ সঞ্চাৰ কৰে মৃতপ্ৰায় পৃথিৱীত৷ মৰুসদৃশ জীৱনৰো চালিকা শক্তি থাকে প্ৰকৃতিৰ হাততেই৷ খিৰিকীখনেৰে তাই কঁহুৱাডৰালৈকে একেথৰে চাই থাকে৷ তাইৰ এনে লাগে যেন কঁহুৱাবোৰৰ পৰা কিছুমান হাত গজি উঠিছে ক্ৰমান্বয়ে আৰু সেই হাতবোৰ ক্ৰমাৎ তাইৰ পিনে আগুৱাই আহিছে, তাইৰ গালত, কপালত চুলিত আৰু এইবাৰ যেন দুহাতৰ আঙুলি পৰশি তাইক লিখাৰ মেজলৈ হেঁচুকি পঠিয়াইছে৷ যেন তায়ো মন্ত্ৰমুগ্ধ হৈ কঁহুৱাবোৰৰ হাতৰ ইঙ্গিতত আহি মেজত বহিছেহি৷ পুনৰ কলমৰ সাফৰ খুলিছে৷ এইবাৰ হাতখন থমকি ৰোৱা নাই৷

(২)

 মোৰ অশান্ত মন…

বহুপৰৰ পৰা কম্পিউটাৰত দুচকু নিবদ্ধ কৰি ৰখাৰ বাবেই কিজানি নৱাৰুণৰ চকু দুটা বৰকৈ পুৰিছে৷ চশমাযোৰ টেবুলতে ৰাখি দুহাতেৰে মূৰটো হেঁচি ধৰি কিলাকুটি দুটাৰে টেবুলত ভেঁজা দি বহিল কিছুপৰ৷

“বৰুৱা দা চাহ একাপ খাব নেকি?”

পিয়নজনে নৱাৰুণক তেনেকৈ থকা দেখি সুধিলে৷ নৱাৰুণৰ সঁচাকৈয়ে সেই সময়ত চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল৷ পিয়ন বাবনক চাহ আনিবলৈ পাচিবলৈ তাৰ সত যোৱা নাছিল যদিও “আনাচোন” বুলি ওলাই গ’ল মুখেৰে৷ আচলতে এইকেইদিন অফিচত যিমান পাৰি কম কৰ্মচাৰীৰে কাম চলাবলৈ চেষ্টা কৰি থকা হৈছে৷ সেয়ে পিয়নজনেই অফিচ-বয়ৰ কামো কৰিছে৷ একেটা মানুহৰ দুখন হাতে আৰু কিমাননো টানিব? সেয়ে নৱাৰুণৰ প্ৰথমে বাবনক চাহ কৰিবলৈ ক’বলৈ সত যোৱা নাছিল৷

নৱাৰুণৰ ওপৰতো কামৰ যথেষ্ট হেঁচা পৰিছে৷ মাজতে কাকতৰপৰা ক’ৰনা বিয়পে বুলি উলিয়াই দিয়া উৰাবাতৰিৰ বাবে সিহঁতৰ কমখন লটি-ঘটি হয়নে? তেতিয়া বহাগ বিহুৰ সময় আছিল৷ প্ৰায় চাৰিমাহ আগৰেপৰা বহু কষ্টৰে বিহু-বিশেষ সংখ্যাৰ কাম কৰি থকা সিহঁতৰ মূৰৰ ওপৰত যেন মাধমাৰ সোধাইছিল তেনে উৰাবাতৰিয়ে৷ ইফালে অতিমাৰীৰ তাণ্ডৱ, লকডাউন, ছপাশাল বন্ধ ইত্যাদি এশ এবুৰি সমস্যাৰ মাজতো ঠিক সময়তেই উলিয়াই দিয়া হৈছিল বিহু-বিশেষ সংখ্যাটি পাঠকৰ মাজলৈ৷ পিছে হ’ব কি! উৰাবাতৰিত বিশ্বাসী এচামে বিশেষ সংখ্যাটো দূৰ, পেপাৰ লোৱাই বন্ধ কৰি দিছিল৷ ফলত আহি পৰিছিল আৰ্থিক সংকট৷ ইতিমধ্যে সমস্যাবোৰ ক্ৰমান্বয়ে কমক ছাৰি বাঢ়ি আহিছিল৷ কমাবলগীয়া হৈছিল বাতৰিকাকতৰ পৃষ্ঠা৷ কেৱল বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা কাকতগোষ্ঠীৰ বাবে যেন আহি পৰিছিল ভাবুকি৷ তাৰ মাজতো নিষ্ঠাৰে কৰ্তব্য কৰি যাবলগীয়া হৈছিল নৱাৰুণহঁতে৷ মাজতে সাপ্তাহিক তথা দৈনিক দুয়োখন সমানেই চাবলগীয়া হৈছিল একেজন সম্পাদকেই৷

ইটোৰ পিছত সিটো সমস্যাৰ মাজতো, লকডাউনৰ বাবে সকলো কাৰ্যালয় বন্ধ হোৱাৰ পাছতো হাতৰ মুঠিত জীউটো বান্ধি নিতৌ অহা-যোৱা কৰিছিল কৰ্তব্যলৈ৷ মাস্ক, ছেনিটাইজাৰ, গ্ল’ৱছ সকলোৰে সুসজ্জিত হৈ যেন যুঁজি আছিল অতিমাৰীৰ বিৰুদ্ধে৷

তাৰ মাজতো হৈ চৈবোৰ চলিয়েই আছিল৷ বিশেষকৈ সামাজিক মাধ্যমত এচাম লোকে লেখা নোলোৱাৰ বাবে বা কাৰোবাৰ লেখাত ৰৈ যোৱা ত্ৰুটিৰ বাবে থকা-সৰকা কৰিছিল নৱাৰুণহঁতক৷  কোনেও এবাৰলৈও ভাবি চোৱা নাছিল বা চালি-জাৰি চাব পৰাকৈ সক্ষম নাছিল৷

‘সমালোচনাৰ ঊৰ্ধ্বত থাকি সকলো সহজভাৱে ল’ব পাৰিবই লাগিব সংগ্ৰাম-ক্ষেত্ৰখনত৷ বুজিছানে ডেকাল’ৰা?’

প্ৰথম প্ৰথম যোগদান কৰিয়েই লগ পোৱা কাকতখনৰ জ্যেষ্ঠ সাংবাদিক অৰুণ ভট্টছাৰে কৈছিল নৱাৰুণক৷ এই কথাষাৰেই দুঃসময়ৰ দিনবোৰত নৱাৰুণৰ সাহ হৈছিল৷ মেইল বাকচবোৰ ভৰ্তি হৈছিল৷ হেং মাৰিছিল কম্পিউটাৰে৷ ডাকত লকডাউনৰ আগেয়ে অহা লেখাবোৰটো আছিলেই৷ সেইবোৰৰ উপৰি মেছেঞ্জাৰত আহিছিল দুই এজনৰ “দাদা লেখাটো পাইছিল নেকি” আদিৰ দৰে মেছেজবোৰ৷ সকলোকে যিমান পাৰি বিনম্ৰতাৰে উত্তৰ দিয়াৰ প্ৰয়াস কৰিছিল৷ তথাপি সকলোকে সন্তুষ্ট কৰা জানো সম্ভৱ! কাম যিমানেই নিৰহ-নিপানীকৈ কৰা নাযাওক কিয় দোষ কেতিয়াবা ৰৈ যায়েই আৰু সেই দোষৰ অস্ত্ৰোপচাৰ কৰিও এচামে আসুৰিক তৃপ্তি পায়৷

পিছে এতিয়া লাহে-লাহে পূৰ্বাৱস্থাৰ শাম কাটিছে যদিও ভালেকেইজন সতীৰ্থ ক’ভিডত আক্ৰান্ত হোৱা বাবে আগন্তুক শাৰদীয় সংখ্যা তথা ধাৰাবাহিক কামবোৰতো আউল লাগিবলৈ ধৰিছে৷ তাতে লেখা দিম বুলিও সময়ত লেখা নিদিয়া মানুহৰ পৰা একেটা লেখাকে চাৰি-পাঁচ ঠাইত দি কেৱল প্ৰচাৰমুখিতাৰ বাবে সাহিত্যক অৱলম্বন কৰি লোৱা মানুহৰ বাবে অশান্তিবোৰ বৃদ্ধিহে পাবলৈ গৈছে৷

তথাপি এই সকলোবোৰ অশান্ত সময়, অসুখীয়া পৃথিৱীৰ সৈতে মোকাবিলা কৰি থাকিবলৈকে সুখ অকণমানৰ সন্ধানত নৱাৰুণ ব্যস্ত আৰু এই ব্যস্ততাৰেই অন্য এক মাধ্যম কেৱল কাম আৰু কাম৷ মন অশান্ত হৈ থাকিলেও দুয়োখন হাতেৰে কাম কৰি অন্ততঃ জীৱনটোক চলমান কৰি ৰাখিব পাৰি, যেতিয়ালৈকে হাত দুখন অচল হৈ নাযায়৷ নৱাৰুণৰ দুইহাতৰ আঙুলি খৰকৈ চলিবলৈ ধৰিলে এইবাৰ কম্পিউটাৰৰ কী-ব’ৰ্ডত৷

(৩)

আলফুল হাতেৰে…

কণমানি দুখন গুলপীয়া হাত, দুখন গোলাপৰ পাহিৰ দৰে ওঁঠ আৰু এমূৰ কেঁকোৰা চুলিৰে পিৰিক-পাৰাককৈ চকুকেইটা টিপিয়াই মাকৰ কান্ধত মূৰটো পেলাই আলফুলীয়া ছোৱালীকণে ইফালে-সিফালে চাই আছে৷ মহানগৰীখনক আজি ৰ’দে যেন গিলিহে পেলাব ধৰিছে৷

“ৰ’দ কেৱল

পোহৰ দিবৰ বাবেইনে!

জেঠৰ তাপে

জুৰুলা কৰা শৰীৰক সোধা

ৰ’দৰ খং কিমান!”

এইবেলি সকলোবোৰেই খেলিমেলি৷ নহ’লেনো এই ভাদৰ শেষতো জেঠৰ দৰে খাওঁ খাওঁ মূৰ্তি ধৰি ৰ’দে এই ৰূপ লয়নে!

মানুহজনৰ পিছে পিছে মানুহজনীয়ে খৰকৈ খোজ লৈছে৷ তথাপি ছোৱালীজনীক কোলাত লৈ হেপোৰ-টেপোৰকৈ তাই মানুহটোৰ সমানেই বেগ দিব পৰা নাই৷ ইফালে মূৰৰ ওপৰত দেই-পুৰি নিয়া ৰ’দৰ উত্তাপ৷ একোবত তাই ছোৱালীজনীক পিঠিত বান্ধি লৈছে৷ এতিয়াহে আগতকৈ বেগ দিব পাৰিছে তাই৷ জনজাতীয় মাহিলা তাই৷ এনেকৈ সৰুৰেপৰাই ছ’লিক পিন্ধিত বান্ধি কাম কৰাৰ অভ্যাস৷ ল’ৰা-ছোৱালীৰ বোজাটো পিঠিত লৈও দুয়োহাতে অনায়াসে সকলো কাম নিয়াৰিকৈ কৰি নিব পাৰে সিহঁতে৷ এতিয়া কণমানিটিক পিঠিত বান্ধি লৈহে তাই শান্তিৰে খোজ পেলাইছে৷ পিছে এটা চিন্তাই তাইৰ মনটোক অশান্ত কৰি ৰাখিছে। মালিকে বা কি কাৰণত মানুহটোক ইমান খৰধৰকৈ মাতি পঠিয়াইছে আজি, বুজা নাই তাই৷ মানুহটোৱেও তাইক আজি লগত আনিব খোজা নাছিল৷ ছোৱালীকণৰ দুপদমান বস্তু আনিবলৈ আছে বাবেহে তাই লগতে ওলমিল৷ দিনৰ দিনটো গেবাৰি খাটি থকা মানুহটোক কেঁচুৱাৰ বস্তু আনিবৰ বাবে খোচামতি নকৰে তাই৷ তাইৰ হাতত সি মাথোঁ পইছাকেইটা দিয়ে, যি কৰিব লাগে তায়েই কৰে৷ চেৰেলেক আদি দামী বস্তু খুৱাই পোৱা নাই তাই জন্মৰেপৰা৷ মাকৰ গাখীৰ এৰাৰ পাছৰেপৰা লুথুৰীপিঠা, চালনিৰে চালি ভীমকল এইবোৰকে খুৱাই আহিছে৷ সেয়ে বজাৰৰ লিষ্টত তাইৰ খোৱা বস্তুৰ বিপৰীতে থাকে বেবী চাবোন দুটুকুৰামান, বেবী পাউদাৰ, কোমল কাপোৰ ইত্যাদি৷

আজিও তেনেকুৱা দুটামান বস্তুকে কিনিবলৈ আহিছে৷ সিহঁতৰ ভিতৰুৱা গাঁৱত সেইবোৰ নাপায়৷ তাতে আপদীয়া বেমাৰটোৱে কমখন নাকনি-কাননি কৰিছেনে! একো বস্তুৱেই পাবলৈ নাই৷ কিন্তু তাইৰ আজি ঘৰৰপৰা খৰধৰকৈ ওলাওঁতেই উজুটি খাই ভৰিৰ বুঢ়া আঙুলিৰ নখটো গোটেই ছিগিল, সেয়ে তাইৰ মনটো বৰ উগুল-থুগুল লাগি আছে৷ তাতে হাঁহিমুখীয়া মানুহটোৰ মোলানপৰা মুখখন আৰু কোঁচ খোৱা কপালখনে তাইক আজি ভিতৰি যেন কিবা ইংগিতহে দিছে৷

***

“আই ঐ নেমাৰিবিহঁক ঐ তাক নামৰিবি৷ এৰি দে ঐ তাক৷ এৰি দে৷”

নাই কেঁচুৱাটি পিঠিতে লৈ চিঞৰত গগনফলা মানুহজনীৰ আটাহলৈ সিহঁতে কেৰেপেই নকৰিলে৷ গুৰিয়াই, ভুকুৱাই মানুহটোৰ প্ৰাণবায়ু উলিয়াই দিলে সিহঁতে৷

“পাংগা লেটা হ্যে চালা৷ হমাৰে চাথ গড্ডাৰি কৰতা হ্যে৷”

টুকুৰা-টুকুৰি বাক্যৰ টুকুৰাবোৰ তাইৰ কাণত পৰিছিল৷ লগতে “মাফ কৰ দিজিয়ে৷ ইচ বাৰ কে লিয়ে৷” বাক্যটো প্ৰথমে স্পষ্টকৈ তাৰ পৰা খীণ হৈ হৈ ক্ৰমান্বয়ে এসময়ত নিঃশব্দ হৈ পৰিছিল৷ মানুহটোৰ কৰযোৰ কৰা হাতদুখন এসময়ত নিথৰ হোৱা দেখা পাইছিল তাই৷ তেতিয়ালৈ মাকৰ পিঠিত মূৰটো পেলাই ছোৱালীকণে টোপনি গৈছিল৷ লালকাল টোপনিত ঢলি পৰা ছোৱালীজনীৰ হাত দুখন আলফুলে মাকৰ দুই কান্ধত পৰি আছিল৷

(৪) 

লোৱা সাবটি…

লেখাটো সম্পূৰ্ণ কৰা আজিও নহ’ল তাইৰ৷ টিভিটো অন কৰি ল’লে তাই৷ নিউজততো কেৱল ক’ভিড-১৯, লকডাউনৰেই কথা৷ চেনেলবোৰ সলাই থাকোঁতেই নিউজ এটাত চকু থৰ হৈ গ’ল তাইৰ৷  

উস্ উস্ কি লোমহৰ্ষক! কি নৃশংস! কেনেকৈ পাৰে আচলতে! মানুহে মানুহক এনেদৰে কেনেকৈ মাৰি পেলাব পাৰে৷ দোষ যিয়েই নহওক৷ তাই টিভিটো অফ কৰি দিয়ে৷

কিছুদিন পূৰ্বে সেই কাথিলাংছ’ত গৈ দুটি ডেকাই যে প্ৰাণ হেৰুৱাইছিল সেই কৰুণ সুৰ আজিও বাজিয়েই আছে, তাৰ পাছত সেই পাচলি-বেপাৰীজন আৰু আজি সেই আলফুলীয়া কণমানি ছোৱালীজনীৰ বাপেকটো, মৰমলগা মানুহজনীৰ গিৰীয়েকটো! উস্ উস্ কেনে নাৰকীয়! 

সকলো হাতেই কেৱল প্ৰাণ ল’বৰ বাবে, দলিয়াই পঠিয়াবৰ বাবে, আঁতৰাই পেলাবৰ বাবেনে! ভয়াৱহ ৰূপ ধাৰণ কৰা মহামাৰীৰো হাতখন যে কিমান বীভৎস৷ জোঙা-জোঙা নখেৰে যি আঁজুৰি লৈ যায় সৰ্বস্ব৷ আঁকোৱালি ল’বলৈ কিয় কাৰো এখনো হাত নাই! কি নিৰ্মমভাৱে প্ৰহাৰ কৰি মানুহটোক মাৰি পেলালে সিহঁতে৷ মানুহজনীৰ আৰ্তনাদ কিয় কোনেও নুশুনিলে এবাৰো! এখনো হাত কিয় আগবাঢ়ি নাহিল সহায়ৰ বাবে৷ সাবটি ল’বলৈ দুখন হাতৰ ইমানেই অভাৱনে! ভাবি ভাবি পাৰ নাপালে তাই৷ ৰিং হৈ থকা মোবাইলটো অনিচ্ছা সত্তেও তুলি ল’লে তাই৷ স্ক্ৰীনত জিলিকিছে Navarun calling…

“অঁ নৱাৰুণ ক৷ মোৰ যে লেখাটো…”

“ৰ ৰ লেখাটোৰ কথা ক’বলৈ মই কল কৰা নাই অ’ তোক৷”

তাই যেন স্বস্তি পায় অলপ৷

“তেন্তে? এই সময়ত ফোন কৰিলি তই…”

“disturbed হৈ আছোঁ অ’৷ নিউজটো পাইছ?”

“ময়ো তাকেই ভাবি আছো!”

“কি যে হ’ব ধৰিছে পৃথিৱীখন৷”

“এৰা অ’৷ “

“পাতিম দে পাছত৷ পাৰিলে মানুহজনী আৰু ছোৱালীটিৰ বাবে কিবা এটা কৰিব পৰা হ’লে ভাল আছিল৷”

“এৰা ময়ো ভাবিছোঁ৷ চাওঁ ৰ কি কৰা যায়৷”

ফোনৰ লাইন বিচ্ছিন্ন হয়৷ মহানগৰীৰ দুটা প্ৰান্তত তেতিয়া দুজন মানুহ একেটা ভাবতেই নিমগ্ন হয়৷ আঁকোৱালি ল’বৰ বাবে, সহায় কৰিবৰ বাবে, মৰম দিবৰ বাবে সাবটি ল’বৰ বাবে এখন হাত পোৱা নাযাবনে কেতিয়াও ? কথাবোৰ ভাবি ভাবিয়েই তাই বিছনাত পৰে৷

নিজম দুপৰবেলা৷ নিজান-জান পৰিৱেশটোৰ ঠিক এই নিস্তব্ধতা ভংগ কৰিবলৈকে হঠাতে মন্দিৰৰ ঘণ্টাটো সজোৰে বাজি উঠিল৷ যেন ক’ৰবাত এক বিপদ সংকেতহে বাজিল৷ ফৰকাল আকাশখন যেন মুহূৰ্ততে পৰিণত হ’ল এটা মলিয়ন ছাতিলৈ৷ চাৰিওফালৰপৰা যেন হাত কিছুমান আহিছে৷ প্ৰতিখন হাততে জোঙা-জোঙা নখ, আঙুলিবোৰ তেজ-পুুঁজেৰে ভৰা, সেই হাতবোৰৰ আক্ৰমণত নিথৰ হৈ পৰিছে আন কিছুমান হাত৷ দুখন কণমানি আলফুলীয়া হাতে মাকৰ পিঠিত দুলি আছে আপোনমনে৷ কিন্তু সেই বীভৎস হাতৰ সংখ্যাবোৰ যেন ক্ৰমান্বয়ে বাঢ়ি গৈ আছে৷ কোনো-কোনোৱে ছেনিটাইজাৰ, হেণ্ডৱাশ্বেৰে লেতেৰা হাতবোৰৰ তেজ-পুঁজবোৰ চাফা কৰিবলৈ আগবাঢ়ি আহিছে৷ কিন্তু বীভৎস হাতবোৰে ওফৰাই পেলাইছে ছেনিটাইজাৰৰ বটল, মাটিত সিঁচৰতি হৈ পৰিছে হেণ্ডৱাশ্বৰ ফেনবোৰ৷

 টং…টং

এলাৰ্মৰ শব্দত খকমককৈ সাৰ পাই উঠিল তাই৷ মুদা চকুৰেই হাতখনেৰে খেপিয়াই খেপিয়াই এলাৰ্মটো বন্ধ কৰিবলৈ লওঁতেই দেখে ম’বাইলটো নাই৷

“ইমান দেৰিৰপৰা এলাৰ্মটো বাজি আছে৷ ইমান মৰ টোপনিনে তোৰ?”

ম’বাইলৰ এলাৰ্ম শব্দটোকেই ছাগে তাই সপোনত মন্দিৰৰ ঘণ্টাধ্বনি বুলি ভাবিছিল৷ উস্ কি যে অদ্ভুত সপোন দেখিলে তাই৷ কি বিভৎস!

তাই ব্ৰাছ কৰি উঠি চাহকাপ হাতত লৈ বাৰাণ্ডাতে বহিলগৈ৷ ৰাস্তাটো জনশূন্য৷ ক’ৰনা অতিমাৰীৰ ভয়ত আৰু চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবেই মানুহবোৰ আজি গৃহবন্দী৷ তাই মাকে দি যোৱা চাহকাপত সোহা মাৰি নৱাৰুণলৈ ৱাটছএপত মেছেজ এটা কৰিলে

“শুনচোন ৰুণ৷ পাৰিলে কালিৰ ঘটনাটোৰ কণমানিটিৰ বাবে কিবা এটা সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা কৰিব নোৱাৰিনে? অলপীয়াকৈ হ’লেও৷”

ৰিপ্লাইৰ বাবে তাই থুঁতৰিতে হাতখন দি বাট চায়৷ সেই সময়তে গেট খুলি সোমাই আহে পৌৰ-নিগমৰ জাবৰ নিবলৈ অহা মানুহজন৷ নগৰৰ যত যিমান আৱৰ্জনা কঢ়িওৱা মানুহটোৰ গ্ল’ভচ পৰিহিত হাতদুখন কিয় জানো তাইৰ আজি বৰ পৰিষ্কাৰ যেন লাগি গ’ল৷

লেখিকাৰ ঠিকনা :

পৰ্বতীয়া ৰোড, (পি ডব্লিউ ডি কলনিৰ সমীপত)

তিনিচুকীয়া-৭৮৬১২৫

ভ্ৰাম্যভাষ : ৯৬১৩৭৯৩০৭৭/৯১০১৩০৪৫৯০

Visited 4 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close