Written by 11:18 am Articles

উলাহেৰে উভতি চাওঁ -১৮

ড° পোনা মহন্ত

মোৰ ‘ভাৰত দৰ্শন’

আমাৰ দিনত হাইস্কুলীয়া ছাত্ৰ এজনৰ দিনবোৰ তেনেই গতানুগতিক ধৰণে পাৰ হৈ গৈছিল৷ টাউনত থকা ল’ৰাবোৰৰ কথা হয়তো কিছু সুকীয়া৷ তেওঁলোকে স্কুল ছুটীৰ পাছত থাওকতে ঘৰ পোৱাৰ বাবে আমাৰ দৰে ভাগৰুৱা হ’ব লগা নহৈছিল৷ মোৰ সহপাঠী দুই-এজনে চাহ-জলপান খাই উঠি অলপ জিৰণি লৈ বা জিৰণিৰ প্ৰয়োজন অনুভৱ নকৰিলে চিধাচিধি ওচৰতে থকা ক্লাবলৈ গৈ বেড্‌মিণ্টন, টেবুল টেনিছ, ভলিবল আদি খেলিছিলগৈ৷ খেলিবলৈ যাওক বা নাযাওক, নগৰত থকা কেইজনে যে ঘৰত পঢ়া-শুনা কৰিবলৈ যথেষ্ট সময় পাইছিল সেইটো ধূৰুপ৷ আনহাতেদি মোৰ দৰে স্কুলৰপৰা তিনি-চাৰি মাইল দূৰত থকা ল’ৰাবোৰ ছুটীৰ পাছত ঘৰ পায়গৈ মানে পছিম আকাশত বেলি লহিয়াইছিল৷ চোলা-কাপোৰ সলাই হাত-মুখ ধুই কৰ্কৰা ভাতকেইটা খায় মানে সাঁজ লাগিছিলেই৷ সেই কালত গঞা মানুহে সাধাৰণতে গধূলি হোৱাৰ কিছু পিছতে দিনৰ শেষসাজ ভাত খাইছিল৷ সেয়ে ছাত্ৰ এজনে আবেলিৰ জলপান খাঁওতে প্ৰায় সাঁজ লগাৰ বিপৰীতে ৰাতিৰ সাজ আগতীয়াকৈ গধূলিৰ কিছু পাছতে খোৱা হৈছিল৷ ইয়াৰ প্ৰধান কাৰণ যে অৰ্থনৈতিক তাত সন্দেহ নাই৷ সেই কালত গাওঁ অঞ্চলত বিজুলী চাকি কল্পনাৰো অগোচৰ আছিল৷ সৰহভাগ গঞাৰ আৰ্থিক অৱস্থা ইমান বেয়া আছিল যে দুটা চাকি জ্বলাব পৰাকৈ কেৰাচিন কিনিবলৈও তেওঁলোকৰ সামৰ্থ নাছিল৷ সাধাৰণ কেৰাচিনৰ লেম্পটোও তেওঁলোকৰ বাবে বিলাসিতাৰ বস্তু নিচিনাহে আছিল৷ লেম্পৰ বাবে সাধাৰণতে চাফা বা বগা কেৰাচিন তেল লাগিছিল, যাৰ দাম ক’লা কেৰাচিনতকৈ বেছি আছিল৷ পিছৰ বিধ তেলেৰে লেম্প জ্বলালে চিম্‌নিটো ধোঁৱাই সঘনাই ক’লা কৰাৰ বাবে চাকিতকৈও কম পোহৰহে পোৱা গৈছিল৷ ইয়াৰ উপৰি স্ত্ৰী-পুৰুষ সকলোৱে পুৱাৰ পৰা সন্ধিয়ালৈ কপালৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ ভাগৰৰ কথা আছেই৷ ইত্যাদি কাৰণত গঞা লোকসকলে সোনকালে খাই-বৈ শেতেলিত পৰিছিলগৈ৷ নক’লেও হ’ব যে এনে অৱস্থাত হাইস্কুলীয়া শিক্ষাৰ্থী থকা ঘৰ এখনতো কোনো প্ৰকাৰৰ পঢ়া-লিখাৰ পৰিৱেশ বা সুযোগ নাথাকে৷ ইয়াৰ ভিতৰতে অৱশ্যে দুই-এটা ব্যতিক্ৰম নথকা নহয়৷

গতানুগতিকতাৰ ভিতৰতে ক্লাছ নাইনৰ বছৰটো মোৰ কাৰণে কিছু ব্যতিক্ৰমী আছিল৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচন খেলি আলোচনী সম্পাদক হৈ ‘কাৰেংঘৰ’ উলিওৱাৰ কথা ইতিমধ্যে কৈ আহিছোঁ৷ সেই বছৰতে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সম্প্ৰচাৰ কৰা ৰেডিঅ’ ক্লাছত মোৰ লেখা এটা কথিকা ৰূপত প্ৰচাৰিত হোৱাৰ কথাও উনুকিয়াই অহা হৈছে৷ এই কামবোৰৰ বাবে নিয়মীয়াকৈ ক্লাছ কৰাৰ উপৰি যথেষ্ট ব্যস্ত হৈ থাকিব লগা হৈছিল৷ ভাগ্য ভাল যে ইতিমধ্যে স্কুললৈ অহা-যোৱা কৰিবৰ বাবে মই চাইকেল এখন পাইছিলোঁ৷ চাইকেলৰ কথা পিছলৈ থৈ সদ্যহতে ওপৰৰ উপ-শিৰোনামত উল্লেখ কৰা ‘ভাৰত-দৰ্শন’ৰ কথা ক’ব খুজিছোঁ৷

এদিন ক্লাছ চলি থকাৰ মাজতে স্কুলৰ চকীদাৰ ককায়ে খবৰ দিলেহি যে মই হেড্‌ছাৰক লগ কৰিব লাগে৷ পানীখোৱা ছুটীত গ’লেও হ’ব৷ কথাটো শুনি মোৰ বুকুখন চিৰিং কৰি গ’ল৷ কিয় বা মাতিছে৷ আগতে কৈ আহিছোঁ আমাৰ স্কুলৰ তেতিয়াৰ হেড্‌মাষ্টৰ গিৰীণ চাংকাকতি ছাৰ বেলেগ ব্যক্তিত্বৰ মানুহ আছিল৷ আমি তেখেতক যিমান সন্মান কৰিছিলোঁ তাতকৈ ভয় কৰিছিলোঁ বেছি৷ অৱশ্যে কৈ থোৱা ভাল হ’ব যে আলোচনীৰ কামত সঘনে লগ কৰি থাকিবলগীয়া হোৱা বাবে মোৰ ভয়টো কিছু কমিছিল৷ তথাপি ছাৰে বা কিয় মাতিছে -এই কথা ভাবি মনটো উগুল-থুগুল লাগি আছিল৷ মোৰ কাষত বহা সহপাঠী কেইজনেও মোৰ মনৰ অৱস্থাটো বুজিছিল৷ ছাৰেনো মোক কিয় মাতিছে সেইটো জানিবলৈ সুশীল আৰু দীন প্ৰমুখ্যে দুজনমান বেছ উদ্বিগ্ন হৈ থকা দেখিছিলোঁ৷ দুয়োজনৰে পঢ়াত চোকা বুলি নাম আছিল৷ বিশেষকৈ অংকত ভাল হোৱা বাবে অংক পঢ়ুওৱা হেড্‌ছাৰে তেওঁলোকক তলে তলে মৰম কৰিছিল বুলি মোৰ এটা ধাৰণা আছিল৷ দুয়োজনৰ ঘৰ নাজিৰা নগৰৰ মাজ-মজিয়াত৷ জ্যেষ্ঠ শিক্ষক আৰু লেখক কাশীনাথ বৰ্মনৰ পুত্ৰ দীননাথ বৰ্মনে পাছলৈ অসম চৰকাৰৰ বিষয়া হিচাপে কৰ্মৰত হৈ গুৱাহাটীত থাকিবলৈ লৈছিল৷ চহৰখনৰ এগৰাকী মুখিয়াল নাগৰিক যাদৱ বৰুৱাৰ (বৰ যাদৱ) পুত্ৰ সুশীল বৰুৱাই উচ্চপদস্থ অভিযন্তা ৰূপে বৰ্তমান যোৰহাটত অৱসৰী জীৱন কটাইছে বুলি জানিব পাৰিছোঁ৷ নাজিৰাত যাদৱ বৰুৱা নামৰ আন এজন প্ৰতিষ্ঠিত ব্যৱসায়ী থকা বাবে এওঁ ‘সৰু যাদৱ’ আৰু সুশীলৰ দেউতাক ‘বৰ যাদৱ’ বুলি জনাজাত আছিল৷ মোৰ এটা ধাৰণা আছিল যে একেখন চহৰতে বাস কৰা জ্যেষ্ঠ আৰু নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তি হিচাপে দীন আৰু সুশীলৰ পিতৃৰ হয়তো চাংকাকতি ছাৰৰ সৈতে সামাজিক সম্পৰ্ক আছিল আৰু সেই আপাহতে পুত্ৰ দুজনেও স্কুলৰ বাহিৰত ছাৰৰ সান্নিধ্য পোৱাৰ সুযোগ পাইছিল৷ এই বাবেই হয়তো ছাৰৰ প্ৰতি তেওঁলোকৰ ভয় ভাব আন ল’ৰাতকৈ কম আছিল৷ যি কি নহওক, সেই সময়ত জিৰণি বা পানীখোৱা ছুটী হোৱা বাবে, মোৰ যিমান দূৰ মনত পৰে, সুশীল আৰু দীনইও মোক সংগ দি হেড্‌ছাৰৰ অফিচৰ দুৱাৰ মুখলৈকে গৈছিল৷

‘মেই আই কাম ইন ছাৰ’ বুলি অনুমতি লৈ হেড্‌ছাৰৰ কোঠাত সোমালোঁ৷ ছাৰে কেনেকৈ কি ক’লে এতিয়া ষ্পষ্টকৈ মনত নাই যদিও তেখেতে কোৱা কথাখিনিৰ সাৰাংশ এনে ধৰণৰ : অসম চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যখনৰ হাইস্কুলসমূহৰ কিছু সংখ্যক নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ভাৰত ভ্ৰমণৰ আয়োজন কৰিছে৷ আমাৰ স্কুলৰ পৰা মোক নিৰ্বাচিত কৰা হৈছে৷ মই যাবলৈ ইচ্ছুক হয় নে নহয় ক’ব লাগে৷ পিতৃ-মাতৃ বা অভিভাৱকৰ লগত কথা পাতি সিদ্ধান্ত জনাবৰ বাবে মোক দুদিন সময় দিয়া হ’ল৷

ছাৰৰ কাৰ্যালয়ৰ বাহিৰলৈ ওলাই আহিহে অনুভৱ কৰিলোঁ মোৰ মনৰ ভিতৰত কি ধৰণৰ ভাবে ক্ৰিয়া কৰি আছিল৷ যিটো ল’ৰাই তেতিয়ালৈকে গুৱাহাটীখনকে দেখা নাছিল, সেইটো ল’ৰাই ভাৰত ভ্ৰমণলৈ যাব! দুদিনৰ পাছত মোৰ সিদ্ধান্তৰ কথা ছাৰক জনাব লাগে৷ ভাবিলোঁ, বৌ আৰু দাদা দুজনে নিশ্চয় অনুমতি দিব৷ গতিকে মই না কৰাৰ প্ৰশ্নই নুঠে৷ এনে এটা সুযোগ পোৱাটো সাধাৰণ কথা নহয়৷ ৰাজ্যৰ সীমা ভেদি আমাৰ বিৰাট দেশখনৰ অনেক ঠাই দেখিম; বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য মানুহক লগ পাম৷ অসমৰ বিভিন্ন স্কুলৰ এদল বিদ্যাৰ্থী একেলগ হৈ একেখন ট্ৰেইনতে যাব৷ লগত থাকিব তত্ত্বাৱধায়ক শিক্ষক, শিক্ষা বিভাগৰ বিষয়া, ডাক্তৰ, নাৰ্ছ আদি৷ ইমানবোৰ জনাৰ পাছত দেখাত পাৰভঙা আনন্দ পাব লাগিছিল৷ কিন্তু কিয় জানো মোৰ বেলিকা এই আনন্দ অবিমিশ্ৰিত নাছিল৷ এফালে আনন্দ আনফালে কিবা ভয় আৰু শংকৰ ভাব৷ হয়তো তেতিয়ালৈকে তেনেকৈ বাহিৰত ফুৰা-চকা কৰাৰ সুবিধা নোপোৱা বাবেই তেনে হৈছিল৷ নাজিৰাৰ পৰা ডিব্ৰুগড় আৰু ন-দহমাহমানৰ পাছত পুনৰ ডিব্ৰুগড়ৰ পৰা নাজিৰালৈ ৰেলত অহা-যোৱা কৰাৰ সময়ত মই ছয়-সাত বছৰীয়া ল’ৰা আছিলোঁ৷ সেই ৰেলযাত্ৰাত কাঠৰ বেঞ্চত বহি খিৰিকিৰে বাহিৰলৈ চাই যোৱাৰ বাহিৰে আন কথা মনত নাই৷ পাছত দুবাৰ নে এবাৰ শিৱসাগৰলৈ আৰু বন্ধ পালেই পোন্ধৰ-বিছ মাইলমান ব্যাসাৰ্ধৰ ভিতৰত থকা মামা-পেহী-মাহীহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱাতে মোৰ ভ্ৰমণ সীমাৱদ্ধ আছিল৷ তেনেবোৰ কাৰণতে বোধকৰোঁ ইমান ডাঙৰ ভ্ৰমণৰ কথা ভাবি যাত্ৰাৰ মুহূৰ্তলৈকে মোৰ মন উগুল-থুগুল হৈ আছিল৷

ভ্ৰমণ: আনন্দ আৰু বিষাদ

ইতিমধ্যে কৈছোঁৱেই যে মই তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰ৷ বছৰটো আছিল ১৯৬০ চন৷ নিৰ্দিষ্ট দিনটোৰ কথা মনত নাই যদিও জাৰকালিৰ কোনোবা এটা দিনত আমাৰ যাত্ৰা আৰম্ভ হৈছিল৷ ভ্ৰমণৰ বাবে কেইবাটাও দবাযুক্ত এখন ট্ৰেইন ৰেলৱেই বিভাগৰ পৰা লোৱা হৈছিল৷ অৱশ্যে সেইখনে ব্ৰহ্মপুত্ৰৰ সিপাৰৰ আমিনগাঁৱৰ পৰাহে যাত্ৰা কৰিব বাবে আমি শিৱসাগৰ-নাজিৰা অঞ্চলৰ ল’ৰাকেইজন নিজাববীয়াকৈ গুৱাহাটীলৈ যাব লগা হৈছিল৷ তাৰ পৰা পাণ্ডুঘাটত ফেৰীত উঠি বৰ লুইত পাৰ হৈছিলোঁ৷ সেই সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত হ’ব লগা প্ৰথম দলংখনৰ – অৰ্থাৎ শৰাইঘাট দলঙৰ নিৰ্মাণকাৰ্য চলি আছিল৷ আমাৰ ফেৰী নিৰ্মীয়মান খুটাকেইটাৰ পৰা অলপ দূৰেদিহে পাৰ হৈ গৈছিল৷ আমিনগাঁও ষ্টেশ্বনত বিভিন্ন স্থানৰ পৰা যোৱা সকলো লগ হৈ আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ৰেলত উঠি যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ কিমান ছাত্ৰ-ছাত্ৰীয়ে এই ভ্ৰমণত অংশ গ্ৰহণ কৰিছিল সেই কথা মনত নাই৷ অৱশ্যে ছাত্ৰীৰ সংখ্যা যে যথেষ্ট কম আছিল, সেইটো মনত আছে৷ প্ৰতিটো দবাতে এজন বা দুজন দায়িত্বপ্ৰাপ্ত শিক্ষকৰ অধীনত এক বিশেষ সংখ্যক ছাত্ৰক উঠোৱা হৈছিল৷ আমাৰ দবাত থকা শিক্ষাগুৰুজন কোন স্কুলৰ আছিল বা তেখেতৰ নাম কি আছিল সেই কথা মই এতিয়া বহুত চেষ্টা কৰিও মনলৈ আনিব পৰা নাই৷ সেই ভ্ৰমণত শিক্ষা বিভাগৰ একাধিক বিষয়া পৰিয়ালসহ অংশ গ্ৰহণ কৰা দেখিছিলোঁ৷ ভ্ৰমণ কাৰ্যসূচীৰ সামগ্ৰিক দায়িত্ব আৰু পৰিচালনাত আছিল তেতিয়াৰ অতিৰিক্ত শিক্ষাধিকাৰ অশ্বিনী বৰকাকতি৷ শতাধিক ল’ৰা-ছোৱালীৰ মাজত সেই সময়ত বৰকাকতি ডাঙৰীয়াক নিচেই ওচৰত পোৱা নাছিলোঁ যদিও পাছত মই শ্বিলঙৰ কলেজত পঢ়ি থাকোঁতে স্কলাৰশ্বিপ সংক্ৰান্তীয় বিষয়ত তেখেতক এবাৰ লগ ধৰোঁতে মুখামুখিকৈ কথা পতাৰ সুযোগ পাইছিলোঁ৷

অনানুষ্ঠানিকভাৱে আমাৰ এই ভ্ৰমণক ‘ভাৰতদৰ্শন’ বুলি কোৱা হৈছিল যদিও প্ৰকৃততে আমাক উত্তৰ ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰ আৰু শিল্পপ্ৰধান চহৰসমূহলৈ লৈ যোৱা হৈছিল, যাতে অসমৰ উঠি অহা প্ৰজন্মই তেতিয়া নিজৰ ৰাজ্যত নথকা(এতিয়াও নাই) ডাঙৰ ডাঙৰ কাৰখানা আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহ চাই বাস্তৱিক অভিজ্ঞতা লাভ কৰিব পাৰে৷ আমি ঘাইকৈ কলিকতা, আচানচোল, চিত্তৰঞ্জন, ৰুৰকেলা, জামছেদপুৰ প্ৰভৃতি উদ্যোগপ্ৰধান কেন্দ্ৰ আৰু চহৰসমূহ চোৱাৰ সুযোগ পাইছিলোঁ৷

তেতিয়ালৈকে মই ডিগবৈখনকে দেখা নাছিলোঁ৷ স্বাভাৱিকতে ঔদ্যোগিক কাৰখানাসমূহৰ ডাঙৰ ডাঙৰ যন্ত্ৰ-পাতি আৰু আন আন কাৰুকাৰ্যবোৰ চাই অভিভূত হৈছিলোঁ৷ ‘গাইড’ শ্ৰেণীৰ ব্যক্তি একোগৰাকীয়ে কথাবোৰ বুজাই দিছিল যদিও মোৰ সেই সময়ৰ সামান্য জ্ঞানেৰে ভালকৈ বুজিব পৰা নাছিলোঁ৷ জীৱনত প্ৰথম চিৰিয়াখানা দেখাৰ লগতে কলিকতাৰ ব’টানিকেল গাৰ্ডেন- বিশেষকৈ ‘দ্য গ্ৰেইট বেনিয়ন ট্ৰী’ নামে খ্যাত বৰগছজোপা দেখি অভিভূত হোৱাৰ লগতে আশ্চৰ্যান্বিত হৈছিলোঁ৷ তেতিয়া প্ৰায় তিনিশ বছৰ বয়সৰ এই বৃক্ষৰাজৰ বিষয়ে মই উভতি আহিয়ে এটা সৰু প্ৰবন্ধ লিখি ‘অসমবাণী’লৈ পঠিয়াইছিলোঁ৷ সেই সময়ৰ সাপ্তাহিক কাকতখনৰ শিশু সাহিত্য পৃষ্ঠাত লেখাটো প্ৰকাশ পাইছিল৷ আন এটা পাহৰিব নোৱৰা অভিজ্ঞতা হ’ল জামছেদপুৰ নে আচানচোলৰ বিৰাট ষ্টেডিয়ামত এখন উচ্চমানৰ হকি খেল চোৱাৰ সুযোগ পোৱাটো৷ খেলুৱৈসকলৰ বেছিভাগেই আছিল পাঞ্জাবৰ শিখ যুৱক৷ ইয়াৰ আগতে মই তেনে খেল দেখা নাছিলোঁ৷ ভৰিৰে ফুটবল খেলাৰ দৰে ষ্টিক এডালেৰে বলটো চলাই নিয়া কৌশল চাই বৰ ভাল লাগিছিল৷ আমাৰ যাত্ৰাপথৰ দুঠাইমানত পতা কেম্পফায়াৰ আমাৰ আটাইৰে বাবে বৰ আনন্দদায়ক অভিজ্ঞতা আছিল৷ বোধকৰোঁ খৰি আৰু কয়লা পূৰ্বৰ বন্দোৱস্তি মতে যোগাৰ কৰি থোৱা হৈছিল৷ জুইৰ চাৰিওফালে বহি বা থিয় হৈ আমি সকলোৱে সৰু-বৰ কোনো ভেদভাব নাৰাখি গান গাই, আবৃত্তি বা কৌতুক আদি কৰি ফূৰ্তি কৰিছিলোঁ৷ সেইবোৰ অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাক জগাই তোলাৰ সুযোগ দিছিল৷ দেশৰ ৰাজধানী চহৰ দিল্লী আমাৰ ভ্ৰমণ পৰিক্ৰমাৰ ভিতৰুৱা আছিল যদিও কিবা অজ্ঞাত কাৰণত ভ্ৰমণৰ সময় কৰ্তন কৰাৰ বাবে আদবাটৰ পৰাই আমি উভতিব লগা হৈছিল৷ সেইবাৰ দিল্লী চোৱা নহ’ল বাবে ভ্ৰমণৰ আনন্দৰ মাজতে মনটো বেয়া লাগিছিল৷ এইদৰে আমাৰ ভ্ৰমণক ভাৰত দৰ্শন বোলা হৈছিল যদিও ভৌগলিকভাৱে আমাৰ বিৰাট দেশখনৰ এটা অংশহে দেখাৰ সৌভাগ্য হৈছিল৷ অৱশ্যে সীমিতভাৱে হ’লেও সেই ভ্ৰমণৰ পৰা দেশখনৰ বিষয়ে এক সামগ্ৰিক ধাৰণা কৰিব পাৰিছিলোঁ৷ ঠাই বিশেষে প্ৰাচুৰ্যৰ ছবি দেখাৰ বিপৰীতে আন কেতবোৰত দাৰিদ্ৰ্যৰ নগ্নৰূপ দেখি আশ্চৰ্যান্বিত হোৱাৰ লগতে দুখ অনুভৱ কৰিছিলোঁ৷ বিহাৰৰ কোনোবা এটা ৰেল ষ্টেশ্বনৰ প্লেটফৰ্মত – বোধকৰোঁ কাটিহাৰ – একেখন থালৰ চাৰিওফালে বহি চাৰিজনমানে আহাৰ খোৱা দেখিছিলোঁ৷ কৌতুহলবশতঃ সামান্য ওচৰলৈ গৈ চাই দেখিছিলোঁ আমাৰ পিঠাগুড়িজাতীয় গুড়িৰ লাড়ু কৰি আটাইবোৰে খাইছিল৷ ল’ৰা-ছোৱালীকেইটাৰ লগত থাকি একেলগে খোৱা কিছু বয়সস্থ মহিলাগৰাকী নিশ্চয় সিহঁতৰ মাক হ’ব৷ আৰু দেখিলোঁ আমি দুটামান ল’ৰাই পকা আম খাই দলিয়াই দিয়া গুটি বুটলি খাবৰ বাবে নগ্ন বা অৰ্ধনগ্ন ল’ৰা কেইটামানে হেতা-ওপৰা লগাইছিল৷ আমাৰ ৰাজ্যখন দুখীয়া যদিও আৰু ইতিমধ্যে কৈ অহাৰ দৰে এই লেখক তেনেই সাধাৰণ অৱস্থাৰ মাজেদি ডাঙৰ-দীঘল হোৱা ল’ৰা যদিও দাৰিদ্ৰ আৰু অভাৱগ্ৰস্ততাৰ এনে কদৰ্যৰূপ ইয়াৰ আগতে দেখা মনত নপৰে৷

ভ্ৰমণৰ আনন্দ-উচ্ছ্বাসৰ মাজতে মোৰ বাবে এটা বিষাদৰ ঘটনা ঘটিল, যিটো কথা মই কেতিয়াও পাহৰিব নোৱাৰিম৷ আমাৰ ৰেলখন যিহেতু বিশেষ ৰেল আছিল, সেয়ে প্ৰায়বোৰ দবাই তৃতীয় শ্ৰেণীৰ আছিল৷ বহা আসনবোৰ আছিল কাঠৰ আৰু যাত্ৰীৰ টালি-টোপোলা থ’বৰ বাবে ওপৰত থকা চাং বা লাগিজ ৰেকবোৰো আছিল কাঠৰ৷ আমি ল’ৰাবোৰে দবাৰ মজিয়াত, বেঞ্চত বা ওপৰৰ ৰেকত যেয়ে যেনেকৈ পাৰোঁ নিজৰ নিজৰ হ’ল্ডঅল(Holdall) মেলি বিছনা পাৰি লৈছিলোঁ৷ আমাৰ ওভতনি যাত্ৰাত দুখজনক  ঘটনাটো ঘটিল৷ ৰেলখন তীব্ৰগতিত চলি থাকোঁতে মই ওপৰত শুই থকা অৱস্থাৰ পৰা তললৈ সৰি পৰিলোঁ৷ তলত ওপৰমুৱাকৈ শুই থকা ল’ৰাজনৰ বুকুতে মোৰ ভৰিৰ ভৰ পৰিল৷ লগে লগে ;ল’ৰাজনে উস্‌-আস্‌ কৰিবলৈ ধৰিলে আৰু গতি বিষম দেখি কোনোবা এজনে (বোধকৰোঁ আমাৰ তত্ত্বাৱধানত থকা শিক্ষাগুৰুজনে) চেইন টানি দিয়াত কিছুদূৰ গৈ ৰেলখন ৰ’ল৷ অলপ হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল যদিও ডাক্তৰ আৰু নাৰ্ছে তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত ল’ৰাজন লাহে লাহে সুস্থ হৈ উঠিল৷ তেতিয়াহে মোৰ সম্বিৎ ঘূৰি আহিল আৰু সম্পূৰ্ণ স্বাভাৱিক হৈ উঠা ল’ৰাজনৰ পৰা ক্ষমা মাগিলোঁ৷ ‘তুমিতো কৰোঁ বুলি কৰা নাই’ এনে ধৰণৰ দুষাৰমান কথা কৈ তেওঁ ঘটনাটোৰ কথা পাহৰি যাবলৈ কৈছিল৷ দুৰ্ঘটনাটো সম্ভৱ শিলিগুৰিৰ পৰা গুৱাহাটীমুখী মিটাৰগেজ ট্ৰেইনত ঘটিছিল, য’ৰ পৰা  দবাবোৰ ঠেক হোৱা বাবে বেঞ্চ আৰু ৰেকবোৰ যথেষ্ট ঠেক আছিল৷ ল’ৰাজনে পাহৰিবলৈ ক’লেও এনে ঘটনাৰ কথা কেনেকৈ পাহৰিম? পাছলৈ আমাৰ মাজত চিঠিৰে যোগাযোগ চলি থাকোঁতে কিয় জানো তেওঁ এবাৰ এইদৰে লিখিছিল – “বৰ্তমান সম্পূৰ্ণ সুস্থ যদিও মাজে মাজে ভাব হয় ঘটনাটোৱে যেন মোৰ আয়ুস কেইবছৰমান কমালে৷” হয়তো তেওঁ শাৰীৰিকভাৱে কেতিয়াবা অসুবিধা অনুভৱ কৰিছিল, যি কথা তেওঁ কেতিয়াও কোৱা নাছিল৷ দিন বাগৰি যোৱাৰ লগে লগে আমি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিলোঁ৷ আমাৰ মাজৰ যোগাযোগ বন্ধ হোৱা তিনিকুৰি বছৰ হৈ গ’ল৷ দুখ লাগিছে এই মুহূৰ্তত তেওঁৰ নামটোও মনলৈ আনিব পৰা নাই৷ চিঠি-পত্ৰবোৰো ক’ৰবাত হেৰাল৷ উপাধিটো হাতীবৰুৱা নে হাতীমুৰীয়া আছিল৷ এতিয়া তেওঁ এই লেখকৰ দৰেই সত্তৰোৰ্ধ লোক৷ নাজানো তেওঁ এতিয়া ক’ত, কেনেকৈ কি দৰে আছে৷

আজিৰ পৰা প্ৰায় ছটা দশকৰ পূৰ্বে এনে ধৰণৰ শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰা কথাৰ পৰা উমান পাব পাৰি যে স্বৰাজোত্তৰ কালৰ আগছোৱাত চৰকাৰে নতুন প্ৰজন্মৰ বাবে কেতবোৰ ভাল কাম কৰিছিল৷ অৱশ্যে পাছত জানিবলৈ পোৱা মতে তেনে কাৰ্যসূচীবোৰ বেছিদিন নিটিকিল৷

(আগলৈ) 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close