Written by 10:37 am Poems

কৰুণা

 অলকেশ কলিতা

(বান্ধৱী সঙ্গীতা মেধিৰ হাতত)

ধৰিব পাৰিছানে ৰাতি, তোমাৰ চৰাইজনীৰ মাতত, মোৰ অন্তৰাত্মাই চিপ কঢ়া ?

শুনি থাকাঁ তাৰ স্বৰ, চিৰিলুইত চিৰকাল বৈ যাব, পকনীয়াৰ সৰু সৰু হাহাকাৰৰ মাজেৰে।

তোমাকো চাগে নিশ্চয়েই কষ্ট দিয়ে, দিনৰ ৰ’দত লেৰেলা ৰাতিৰ আমোলমোল ৰজনীগন্ধাই ?

এই গোন্ধ, এই স্বাদ, এই স্বৰ, হৃদয়ত ইটিয়ে সিটিয়ে গলি মিলি যোৱা কিবা এক অতীন্দ্ৰিয়, ইন্দ্ৰিয়াতীত ।

মই কিন্তু নাখাওঁ, নুশুঙো, নুশুনো আৰু এক সহস্ৰাব্দৰ বাবে।

মোক পাৰ কৰাই নিছে কিছু ওপঙি উঠা ফেনে, নদীৰ গভীৰত বহু কোলাহল।

আনটো পাৰৰ পৰা মই দেখিছোঁ

পৰিশ্ৰান্ত মেঘে, উত্তৰৰ পৰ্বতমালাৰ কৰুণাত এখন কোলা পোৱা।

বতাহত কিবা বিসংগতি পালেই সিহঁতে কেঁচুৱাৰ কান্দোনৰ ৰোল তুলিব

কোমল মাটিৰ মাকবোৰে সিহঁতক বুকুৰ মাজত গুজি ল’ব।

কোৱাঁ ৰাতি, তুমিও জানো কৰুণাৰ এক মহাজাগতিক হেন্দোলনিৰ বাবে যুগ যুগ ধৰি অপেক্ষা কৰি

লাহে লাহে অন্ধকাৰ হৈ পৰা নাছিলা ?

এনেতে ৰাতি, মোক শুবলৈ নক’বা, মোৰ বুকুত

তোমাৰ সতে জাগি থকাৰ ভীষণ অভিলাস।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close