হৰেকৃষ্ণ ডেকা
সপোন বেচা মানুহবোৰে সপোন বেচিবলৈ আহিছে।
সপোনৰ পেৰাটো খুলি চাব নোৱাৰোঁ।
সপোনবোৰ উৰি যাাব।
তেওঁলোকে আমাক সপোনবোৰ পেৰাটোতে
সাঁচি থবলৈ কৈছে।
সাঁচি থলে হেনো সপোনবোৰ বাঢ়িব।
পেৰাটো খুলি সাঁচতীয়া সম্পদ দেখুৱাবলৈ
পাঁচ বছৰৰ মূৰত সপোনৰ বেপাৰীসকল
আকৌ আহিব।
উদং পেৰা খুলি পেৰাটো আমাক দেখুৱাব।
ক’ব, ইয়াৰ সপোন তোমালোকৰ বেঙ্কৰ একাউণ্টত জমা হৈ গৈছে।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025