Written by 10:37 am Poems

বিপ্লৱ প্ৰতীক

অনুভৱ তুলসী

মানচিত্ৰত মাটি নাই বাবে যি সুদূৰ ডালাছ ওলাইছিলগৈ

উদ্দেশ্য কলৰাডোৰ গাতে গা লগাই বোৱাব কোশী বাগমতী

চীনৰ টনা-আঁজোৰাৰ পৰা হিমালয়ক মুক্ত কৰিব নোৱাৰি

বিল্পৱ প্ৰতীক বিষাদপ্ৰতিমা হয়তোবা বিষাদ নিজেই কিংবদন্তী

উটি-ভাহি ফুৰিছিল যি ওঠৰচকীয়া ট্ৰাকৰ শিপা বিচাৰি

চুলি গুচি হৈছিল বৰফৰ বাহ কিজানি কাঞ্চনজংঘাৰ

মাতত লাগি আছিল পোখৰাৰ পাহাৰী ৰেহা

মহোৎসৱৰ তৃতীয় দিনা দেখা দিছিল দ্বিতীয় বেলি হৈ

বিশ্বকবিতা সভা, সভা-সূৰুয যেতিয়া মাজ আকাশত

দুটা কবিতাৰ চুম্বকে তোক মাইকৰ আগলৈ টানি নিছিল

ভাষাৰ ধ্বনি-বৈভৱ উদ্ভাসৰ মাজেৰে যোগাযোগ

যোগাযোগৰ নতুন ধৰাতল যেন বিপ্লৱ প্ৰতীক

প’য়েট ল’ৰিট বাৰ্‌বাৰা ইয়ংব্লাড কাৰ আছিল কৰ্ণধাৰ

বিৰিন্দাৱতী বালাশুভ আছিল শ্ৰোতাৰ মাজত

সত্ৰ শেষত চিনাকি সোণকোষ কণ্ঠস্বৰৰ সৈতে

ডালাছৰ ডাৱৰ ফালি অষ্টিনলৈ অহা মহঙা কণ্ঠস্বৰ

বিপ্লৱ প্ৰতীক যাৰ নাম উমেশৰ বন্ধু উদ্ধৱ

নতুন উপন্যাসৰ আধাপৃষ্ঠা জুৰি মেনগ্ৰ’ভ গজিব

নে নিতান্তই উদ্দেশ্যবিহীন বিপ্লৱ প্ৰতীক

আটিল দেহৰ উমেশ সঁচাসঁচি সৰলপ্ৰপাত

তোৰ পাঠৰ আইধা পৰিলত পৰিচয়ৰ নতুন অধ্যায়

যোগ-বিয়োগ পূৰণ-হৰণ তাত¸ কিবা বৰ্গঘাত

মেলা অধ্যায় মেলাতে লৈ ওলাল তিনি নিৰঞ্জন

উদ্দেশ্য ঐক্যমন দুপৰীয়াৰ ভোজন

ইয়াৰ অ আ নাজান তই মাথোঁ ৰামাডা হোটেল জান

বাট-পথ নিচিন মাথোঁ মাৰ্ক ৱেণ্ডেলৰ উষ্মতা চিন

আৰু চিন মাৰ্কৰ অভিজাত সতীৰ্থ জীৰ্ণতনু গাড়ী

উমেশৰ গাড়ী চৌখিন শ্ব’ৰুম

তাতে তই চৌমুৱা দ্বিধাযাত্ৰী

ৰেস্তোৰাঁৰ ভিতৰচ’ৰাৰ ছাতিৰ তলত বীয়েৰ

অয়ষ্টাৰ, অক্টোপাছ জীৱনত সেয়েই প্ৰথম

আৰু সোণাই সাগৰ তহঁত তৃষ্ণাকাতৰ

বুফে চাঙত ভোকৰ ফছিল

চীনামাটিৰ প্লেটত চামুচৰ টুং-টাং

আজি ডিঙিলৈকে গিলিবি

চীনামাটিৰ প্লেটত চামুচৰ টুং-টাং

আজি ডিঙিলৈকে গিলিবি

আতুৰ মন, খোৱাপাতৰ পৰা মন পিছলি

মাউণ্ট বনেল বননিত খোপনি ল’লেগৈ

উমেশৰ উটৰ পৰা নামি দেহডেউকাৰ

কলৰাডোত কঙ্কাইৰ শোভা উপভোগ

নতুন ভোক কেমেৰাৰ

ফ’কাছ ঠিক ৰাখি দূৰ-দিগন্ত হ’লি

আৰু খহটা শিলৰ পানীপিঠিত

নিজ নিজ নামকে নামচাই মানি

খোদাই কৰাত লাগি গ’লি

শিলে হাঁহে ওঁঠৰ অতীত হাঁহি

ইফালে তহঁত হ’লি বনবাঁহী

উমেশে লোৱা ছবি চাই নিজকে কৱ

‘‘তই কোন, উমেশহে কবি।’’

হাড়ে-হিমজুৱে, মঙহৰ আগে-গুৰিয়ে

বিপ্লৱ প্ৰতীকৰ তেজৰ কথা নকলোঁৱেইবা

বিয়লি পুনৰ সভাঘৰ৷ বাহিৰ চ’ৰাত

উমেশ আৰু তোৰ কেমেৰাৰ পূৰ্ণ উম্নাদনা

ভিতৰত অষ্ট্ৰেলিয়াৰ কৃষ্ণাংগী কবিৰ উদ্বাউল আবৃত্তি

পৰিৱেশনৰ অন্তত কেণ্ডীক সাবটি তোৰ চুমা

সিদিনাৰ সভাৰ শেষ কাৰ্যসূচী

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close