Written by 10:22 am Poems

পূজাৰ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ

শ মানে শৰত

শ মানে  শৰালি

শুকুলা  আকাশত উৰে  জাক পাতি

শ মানে শুক্লপক্ষ

শ মানে  শতৰূপা 

আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ  আৰাধনা

প মানে পূজা 

প মানে প্ৰসাদ 

বেলুনবোৰ উৰিলেই দূৰ হয়  মনৰ বিষাদ

প মানে পানীবেলুন

প মানে পেঁপা 

শেৱালিৰ মালা গাঁঠি লাগে কি যে মজা

ত মানে তপ 

ত মানে তপস্যা 

ৰজা সুৰথে কৰিছিলে দেৱীৰ আৰাধনা

ত মানে তিথি 

ত মানে ত্ৰিশূল

প্ৰকৃতিৰ সুন্দৰ ৰূপত আমি যাওঁ ভোল 

জ মানে জেলেপী 

জ মানে জক্‌মক্

পূজাৰ দিনত আমি মিঠাই  খাম  টপাটপ্

জ মানে জয়ন্তী 

জ মানে জবাফুল

শেৱালিৰ গোন্ধত ধৰণী আমাৰ  আমোলমোল  

ব মানে বাতাচা

ব মানে বুন্দিয়া 

ফুৰিবলৈ যাম আমি পূজাৰ দিনত সন্ধিয়া 

ব মানে বেলুন 

ব মানে বাঁহী

পূজাত আমি ফুৰিমগৈ চাইকেলত উঠি  

চ মানে চাদৰ 

চ মানে চামৰ

পথাৰত নাচে থোকে সেউজীয়া ধানৰ

চ মানে চণ্ডী

চ মানে চামুণ্ডা

ভক্তগণে  দশভুজাৰ কৰে বন্দনা 

ম মানে মন্দিৰ

ম মানে মাটিচাকি

নিয়ৰ ভৰা  পথাৰত উমলিম আমি 

ম মানে মহিষমৰ্দিনী 

ম মানে মহিষাসুৰ

আইৰ কৃপাত আমাৰ দুৰ্গতি হ’ব দূৰ 

দ মানে দুৰ্বা 

দ মানে দুৰ্গা 

আয়ে পূৰ্ণ কৰে  ভক্তৰ মনোবাঞ্ছা 

দ মানে দক্ষিণা

দ মানে  দশমী

দেৱালয়ত কৰে  নৱদুৰ্গাৰ স্তুতি 

আ মানে আৰতি

আ মানে আয়তী

পূজা ঘৰত আইতাৰ লগত খাম জেলেপী

আ মানে আদ্যাশক্তি 

আ মানে আই 

বিদ্যা-বুদ্ধিৰে আমাৰ মন পূৰ্ণ কৰা আই

ঠিকনা :

তেজপুৰ 

শোণিতপুৰ- ৭৮৪০০১

ভ্ৰাম্যভাষ: ৮৮২২৯৪৩০৬৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close