গীতুমণি তালুকদাৰ
মই প্ৰাতঃকালতে দেখিছিলোঁ
বতাহৰ ডাল আৰু পোহৰৰ ফুলেৰে ভৰুণ এজোপা গছ;
য’ত প্ৰতিপাহ ফুলেই
আপোনপেটীয়া আৰু চকুচৰহাৰ মনৰ পৰা খান্দি উলিয়ায় অন্ধকাৰ,
প্ৰতিটো ডালেই নিৰ্মল সুৱাসেৰে ভৰাই তোলে চৌদিশ৷
দুপৰৰ বেলিটো মূৰত লৈ
গৰম হয় জুৰ বতাহ
জ্বলিবলৈ ধৰে ডাল
ফুলবোৰৰ পৰা সৰা চকুলো গধুৰ, যেন ভাৰাক্ৰান্ত
অৱকাশ, অপূৰ্ণতা, চেষ্টাবিহীনতাৰ দ্বাৰা৷
অস্তিত্বত বুৰ যাবলৈ যেতিয়া খুলি দিলোঁ
দুৱাৰ-খিৰিকী
গছডালত নাছিল এপাহো ফুল
গছডালে কাঢ়িছিল হুমুনিয়াহ
আধাপোৰা ডালবোৰ লৈ৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025