Written by 10:15 am Articles

ভৱিষ্যতৰ চিন্তা : ক’ত থৈ যাম…

 পম্পি বৰা বৈশ্য

“আঘোণৰ পথাৰৰ গোন্ধ, কেনেবাকৈ নাকত আহি লাগিলেই, মই হেৰা পাওঁ মোৰ দেউতাক।

দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক

মই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম ক’ত?”

কবি নিৰ্মল প্ৰভা বৰদলৈৰ এই বিখ্যাত কবিতাটোৰ প্ৰতিটো শব্দই বুকুত স্পৰ্শ কৰি যায়। সদায়েই প্ৰাসংগিক হৈ থকা কথাখিনিৰ গুৰুত্ব অপৰিসীম। আমি আমাৰ সন্তানৰ বাবে অৰ্থাৎ পৰৱৰ্তী প্ৰজন্মৰ বাবে কি এৰি থৈ যাম, এইটো বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় প্ৰশ্ন। সময়ৰ লগে লগে পৰিৱৰ্তনৰ ধামখুমীয়াত জীৱন শৈলী, সমাজ ব্যৱস্থা, মানুহৰ ব্যক্তিত্ব সকলো সলনি হ’বলৈ ধৰিছে। ইয়াৰ লগে লগে মূল শিপাডাল যেন ক’ৰবাত উভলি পৰাৰ উপক্ৰম ঘটিছে। শিপা শক্তিশালী নহ’লে যেনেকৈ গছ এজোপা দীৰ্ঘস্থায়ী নহয়, ঠিক সেইদৰে  শিপাডাল খামুচিব নাজানিলে কোনো সভ্যতা-সংস্কৃতি শক্তিশালী হব নোৱাৰে। 

    এদিন আমি সকলোৱেই এই পৃথিৱীৰ মায়া এৰিব লাগিব। আমি নোহোৱা হোৱাৰ পাছত আমি কি এৰি থৈ যাম সমাজলৈ? আমাক আমাৰ সন্তান তথা প্ৰজন্মই কি বুলি মনত ৰাখিব বাৰু। মানুহে অমৰত্ব লাভ কৰে নিজ কৰ্মৰ দ্বাৰাহে।  লেখকে সমাজলৈ নিজৰ লিখনিৰ সম্ভাৰ দি থৈ যায়, মৃত্যুৰ পাছতো মানুহে তেওঁৰ লেখা পঢ়ি অভিভূত হয়। ঠিক তেনেদৰে গায়ক, কলাকাৰ, শিল্পী, ৰাজনীতিবিদ সকলোৱেই বহু কিবাকিবি পৃথিৱীখনক দি থৈ যায়। প্ৰকৃততে বিশেষ কোনোবা এজন বুলি কথা নাই, সৰ্বসাধাৰণ মানুহৰো বহু কিবাকিবি আছে পৃথিৱীক দি থৈ যাবলৈ। আমাৰ মাজতে এনে বহু “সাধাৰণ” মানুহ আছে যিয়ে নিজৰ ব্যস্ত জীৱনৰ মাজতে সময় উলিয়াই সামৰ্থ্য অনুযায়ী সমাজৰ সেৱা কৰে বা আন বহু ধৰণৰ গঠনমূলক কৰ্মৰ লগত জড়িত হয়। এনে কাম-কাজৰ পৰা সমাজে কিবা নহয় কিবা সুফল লাভ কৰে আৰু সেই সুফলখিনিয়ে সমাজলৈ তেওঁৰ অৱদান আৰু এই কথা কোনোবাই নহয় কোনোবাই তেওঁৰ মৃত্যুৰ পাছতো সুঁৱৰিব।

  এটা কথা আমি মন কৰা উচিত যে, নিজক ক’ৰবাত থৈ যাবলৈ বিশেষ কিবা এটা কৰাৰ প্ৰয়োজন নাই। প্ৰতি দিনে আমি দৈনন্দিন জীৱনত যিবোৰ কৰি আছোঁ, তাৰ মাজেৰেই নিজক জীয়াই ৰাখিব পাৰোঁ; দি থৈ যাব পাৰোঁ আমাৰ সন্তানলৈ এক সুস্থিৰ বাট। উপদেশৰ সলনি আদৰ্শ দেখুৱাব লাগিব আমি। আদৰৰ বিহুটোৰ প্ৰকৃত পৰম্পৰাসমূহ, গুৰু দুজনাৰ আদৰ্শসমূহ, আপোন সম্পকবোৰ ৰক্ষাৰ নিয়মসমূহ আমিয়েই শিকাই থৈ যাব লাগিব আমাৰ সন্তানহঁতক। আজি যদি আমি কাতি বিহুৰ দিনা কেৱল তুলসীৰ তলতে চাকি নজ্বলাই গোটেই ঘৰৰ চৌপাশে লগাওঁ তেন্তে দেৱালী আৰু কাতি বিহুৰ পাৰ্থক্য এদিন আমাৰ সন্তানে নজনা হৈ  পৰিব। হেঁপাহৰ বহাগৰ বিহুটোত যদি হাতত অকণমান হ’লেও জেতুকা লগাওঁ, তেন্তে আমাৰ সন্তানে বহাগ বিহুত হাতত জেতুকা লগায় বুলি মনত ৰাখিব। আমাৰ এটা সজাগ সচেতনভাৱে কৰা সৰু কামেই এটা পৰম্পৰা জীয়াই থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

যদি অকল জীয়াই থকাটো জীৱনৰ লক্ষ্য হ’ব নোৱাৰে, আৰু যদি সাধাৰণতকৈ ওপৰঞ্চি কিবা এটা কৰাটো আমাৰ নৈতিক দায়িত্ব, তেনেহ’লে জীৱনত এনে কিছুমান কাম কৰাটো খুবেই দৰকাৰ যিয়ে জীৱনৰ লক্ষ্যহীনতা নাইকিয়া কৰে আৰু লগতে কোনো এজন ব্যক্তিৰ হ’লেও কিবা নহয় কিবা উপকাৰ সাধে। এয়া বাধ্যবাধকতা নহয়। এইখিনি নকৰিলেও সময় নিজৰ গতিত আগ বাঢ়িব আৰু জীৱনো চলি থাকিব। কিন্তু কিবা এটা কৰাৰ ফলত যি আনন্দ আৰু পৰিপূৰ্ণতা অনুভূত হ’ব সেয়া অতুলনীয়। আৰু সেয়া যদি মনে ভাল পোৱা কিবা কাম কাজ হয় তেনেহ’লেতো কথাই নাই। সেয়ে আমি “নিজক ক’ত থৈ যাম” সেই চিন্তাৰ ফলস্বৰূপেই হওক অন্ততঃ এটি গছ পুলি হ’লেও ৰোৱা আৱশ্যক। স্থাৱৰ-অস্থাৱৰ সম্পত্তিয়ে পূৰণ কৰিব নোৱৰা এই নিজক থৈ যোৱাৰ হেঁপাহকণ প্ৰতিজন মানুহৰেই মনত জাগ্ৰত হোৱা উচিত। তেতিয়াহে আমাৰ সন্তান আমাৰ প্ৰজন্ম আমাৰ ভৱিষ্যত সুন্দৰ ৰূপত জিলিকি থাকিব পাৰিব। ভৱিষ্যতৰ বাবে চিন্তা কৰি আগ বঢ়োৱা আমাৰ খোজবোৰ তেতিয়া অধিক শক্তিশালী আৰু সৎ হ’ব।

ঠিকনা :

হেঙেৰাবাৰী, গুৱাহাটী

৯১০১৩৪১২২৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close