Written by 10:15 am Articles

বাঘৰাণী খইৰী

 প্রায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহু-উহু’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু দক্ষিণলৈ যাবলৈ ইংগিত দিলে, যেন সেইফালে তাইৰ কোনো ঈপ্সিত বন্ধুৱে ইংগিত দিলে, যেন  সেইফালে আগুৱাই যায় আৰু পুনৰ পিছুৱাই আহি গাটো আৰু নেজডাল আমাৰ গাত ঘঁহায়, যিদৰে মেকুৰীবোৰে কৰে। আমি স্পষ্টকৈ দেখিবলৈ পালোঁ যে খইৰী ঋতুমতী। অনেক খোচামতি কৰাত আমি তাইক বড়েইপানী ৰাস্তাৰ দক্ষিণৰ এখন ঘাঁহনিলৈ লৈ আনিব পাৰিলোঁ। লগে লগে আমাৰ সংগ দিলে ব্লেকি আৰু তাইৰ পোৱালিৰ বাঘাই। সিহঁতৰ লগত অনেক সময় ধৰি খইৰীয়ে খেলিলে।

তোষামোদ কৰি মেলি আমি চম্পানলাৰ ওচৰৰ ডেৰ কিলোমিটাৰ দূৰত্বলৈ তাইক লৈ আহিলোঁ। কিন্তু চম্পানলাৰে ওচৰৰপৰা তাই চহলাৰ ফাললৈ দ্রুতগতিৰে যাবলৈ আৰম্ভ কৰিলে। মই ক’ত তাইৰ সমানে সমানে যাব পাৰো! যিমান মাতিলতো ‘উহু-উহু’ কৰি মাত দিলেও, পাছলৈ নুঘূৰিলে। কইৰাকচা আৰু মেচিন পাহাৰৰ অধিত্যকাৰ ভিতৰত তাই বোধহয় বিচাৰি পাইছে এক বিচিত্র গোন্ধ, যাৰ সন্ধানত তাই আত্মহাৰা। আমি তাইৰ পিছে পিছে প্রায় এক কিলোমিটাৰ গ’লোঁ। কিন্তু হঠাৎ দেখিলোঁ এটা প্রকাণ্ড দঁতাল হাতী আমাৰ বাট ভেটি থিয় হৈছে। তেতিয়ালৈ খইৰীয়ে হাতীটো অতিক্রম কৰি গুচি গৈছে। বতাহ খইৰীৰ দিশৰপৰা হাতীৰ দিশলৈ বলিছিল, সেয়ে দঁতাল হাতীটোৱে বাঘৰ গোন্ধ পাই ধীৰে ধীৰে বিপৰীত দিশলৈ যাবলৈ আৰম্ভ কৰিলে।

তেতিয়া প্রায় মাজৰাতি। আমি কইৰাকচামুখী ৰাস্তাৰে উপায়ান্তৰ হৈ উভতি আহিলোঁ।

যদিও বিভিন্ন ঠাইত মানুহক পৰীয়া ৰাখি থৈছিলোঁ আৰু খইৰীৰ সন্ধান অব্যাহত আছিল, তথাপি আমাৰ দৈহিক সহ্য শক্তি আৰু আৰু ধৈৰ্যৰ সীমা শেষ হৈছিলগৈ। ঠিক এই সময়ত যদি আমি টেলিমেট্রিক যন্ত্ৰৰ ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন, তেনেহ’লে অনেক কিছু তথ্য কিজানি পাব পৰা গ’লহেঁতেন।

খইৰী নিশ্চিতভাৱে তাইৰ পুৰুষসংগী বিচাৰি গৈছিল কেৱল গোন্ধ লৈ লৈ। কাৰণ খইৰীয়ে তাইৰ সংগীক মাতিবলৈ কোনো সময়তে কোনো ধৰণৰ গোজৰণি মৰা নাছিল। কিন্তু আমি তেতিয়ালৈকে ক্লান্ত হৈ পৰিছিলোঁ আৰু আশংকা কৰিছিলোঁ, যদি খইৰীক যাবলৈ এৰি দিয়া যায়, কিজানি তাইক কোনোবা আদিবাসীয়ে কাঁড় মাৰি মাৰি পেলাব।

কেম্পলৈ ঘূৰি আহি সামান্য বিশ্রাম লৈ আমি আকৌ এবাৰ জীপ লৈ বাহিৰ হ’লোঁ খইৰীৰ সন্ধানত।

কিছু বাট যোৱাৰ পাছত এটা প্রকাণ্ড দঁতাল হাতীয়ে আমাৰ বাট ভেটিছিল। কিন্তু অলপ সময়ৰ পাছত ধীৰে ধীৰে জংঘলৰ ভিতৰলৈ সোমাই গৈ আমাৰ বাট মুকলি কৰি দিলে। প্রকাণ্ড দঁতাল হাতী। তাৰ দীঘল দাঁত দুটা নামি আহি মাটিৰপৰা মাত্র এহাত ওপৰত। এই সুন্দৰ সবল জন্তুবোৰক অশিক্ষিত চিকাৰীসোপাৰ পৰা বচাই ৰখা আমাৰ কর্তব্য। হাতীবোৰে সিহঁতৰ এই সুন্ত দন্তসৌষ্ঠৱ নিজৰ সন্তানক দি যাব আৰু উৰিষ্যাৰ বন্যজন্তুৰ বৈভৱ আৰু বর্ণাঢ্য হৈ উঠিব।।

চহলা পাইছোঁ কি নাই পোৱা, কেইজনমান ফৰেষ্ট গার্ড আৰু গাঁৱৰ মানুহে লাঠি-টোকোন লৈ আমাৰ ওচৰলৈ দৌৰি আহি কলে যে খইৰীক পাঁচমান বজাত দলদলি পাহাৰৰ ওচৰত মানুহে দেখিছে। এজন গার্ডে তাইক খইৰী বুলি মতাত তাই পিছলৈ ঘূৰি চালে আৰু দূৰলৈ গুচি যাবলৈ ধৰিলে। তাই দহজনমান গাঁৱৰ মানুহ আৰু গার্ড মিলি চাৰিওফালে ঘেৰি পেলাইছিল কিন্তু তাই সমস্তকে ভয় দেখুৱালে।

মই প্রায় এক কিলমিটাৰ বাট দৌৰি দৌৰি সেই ঠাই পালোঁগৈ আৰু অলপ দূৰৰপৰা “খইৰী, আহ-আহ” বুলি মাতিলো। খইৰীয়ে মোলৈ এবাৰ চালে। কিন্তু আনকি মোকো দম দেখুৱাই তাইৰ সোঁ হাতোৰা দেখুৱাই তাইৰ গভীৰ অসন্তোষ প্রকাশ কৰিলে। কিন্তু মোৰ ওচৰলৈ অহাৰ পৰিৱর্তে তাই আৰু বেছি দূৰলৈ গৈ গৈ ঘন ঘাঁহনিৰ মাজত মিলিহে পৰিল।

মই এডাল বাঁহৰ টোকোন লৈ তাইৰ ওচৰলৈ দৌৰি দৌৰি গ’লোঁ আৰু তাইৰ বুকু, ডিঙি আৰু গালত পাঁচ-ছটা বেছ কোব শোধালোঁ। তাই পেটটো দেখুৱাই বাগৰি দিলে, কিন্তু গ্যাঁউ-গ্যাঁউ’ কৰি থাকিল। মই ডাঙৰকৈ কৈ উঠিলোঁ, “ব’ল, ঘৰলৈ ব’ল। এতিয়াই ব’ল।” তাই আশ্ৰয়ৰ বাবে আহি তাইৰ মাকৰ ওচৰত চৰণ-পশি ‘উহু-উহু’ কৰিলেহি। ইমান জোৰত কোবোৱা বাবে ময়ো অনেক সময় ধৰি বিষণ্ণ হৈ থাকিলোঁ।

তাইক আমি ৰাস্তাৰ ওচৰলৈ লৈ আনিলোঁ। তাতে তাইক কলিজাৰ মাংসৰ সৈতে দুটা কাম্পজ খাবলৈ দিয়া হ’ল। আশা কৰা হৈছিল, কাম্পজ খাই খইৰী অলপ অৱশ হৈ পৰিলে তাইক সহজে জীপৰ ভিতৰলৈ নিব পৰা যাব। কিন্তু খইৰীয়ে ডেৰ কেজিমান মাংস খালে যদিও কাম্পজে কোনো কাম নিদিলে। এই ডেৰ কেজি মাংস খইৰীয়ে খালে প্রায় পঁইত্রিছ ঘণ্টাৰ পাছত। কিন্তু যেনেকৈ নহওঁক সেই ঠাইৰপৰা খইৰীক আমি লৈ যাব লাগিব। মই জীপখন পিছুৱাই পিছুৱাই আস্তে আস্তে নিলোঁ আৰু চাৰিওফালৰপৰা মানুহবোৰে বেঢ়ি ধৰাত তাই জীপৰ ভিতৰ পালেগৈ।

যচিছপুৰত খইৰী পুনৰ মোৰ ওচৰ চাপি অনেক আদৰ ধৰিলে। যেন তাই কৈছিল, “যি হ’ল হ’ল, সকলো পাহৰি যা।” কানহা পার্কত এজনীক বাঘিনীক নজৰবন্দী কৰি ৰখাত দেখা গৈছিল যে তাই তাইৰ পোৱালি এৰি অনেক দূৰ গৈ তাইৰ পুৰুষ সংগীৰ সৈতে মিলিত হৈ পুনৰ তাইৰ পোৱালিকেইটাৰ ওচৰলৈ ঘূৰি আহিছিল। আমি যদি এবাৰ সুযোগ দিব পাৰিলোহেঁতেন, তেনেহ’লে খইৰীৰ ক্ষেত্ৰতো নিশ্চয় সেয়াই হ’লহেঁতেন।

তাৰ পাছত কইৰাকচা আৰু দলদলি পাহাৰৰ মাজত ঘূৰা-ঘুৰি কৰি কেইবাবাৰো বাঘৰ মল দেখিলো। সেয়া খুচৰি খুচৰি দেখিলো যে বাঘৰ মলত শম্বৰৰ নোম, কৰবাত বৰাৰ নোম। নিশ্চয় তাৰ ওচৰে-পাজৰে বাঘ ঘূৰিছে। কিছুদিনৰ পাছত কেইটামান হাতী ট্রেঞ্চ্ অতিক্ৰম কৰি চহলাৰ বঙলাৰ ভিতৰ সোমাবলৈ চেষ্টা কৰিছিল। ফৰেষ্ট গার্ডবোৰে ব্লেংক ফায়াৰ কৰি হাতীকেইটা খেদাই দি সিহঁত গ’ল নে নাই ফ্লাশ্ব জ্বলাই চাব বিচাৰিছিল। হঠাৎ তেওঁলোকে দেখিলে দুটা চকু আঙঠাৰ দৰে জ্বলিছে। পিছঠেঙৰ ওপৰত ভৰ দি বহি আছে এটা প্রকাণ্ড বাঘ, যিটো খইৰীৰ প্রকৃত সংগী হ’ব পাৰিলেহেঁতেন। পোহৰ পৰাত নির্লিপ্ত ভাবেৰে বাঘটোৱে পিছমুৱা হৈ গুচি যোৱাৰ সময়ত সেইটো যে এটা মতা বাঘ, তাত কাৰো সন্দেহ নাথাকিল। বাঘটো যত বহি আছিল, সেই ঠাই আমাৰ কইৰাকচাৰ কোৱাৰ্টাৰপৰা মাত্র ১২৫ মিটাৰ দূৰত আছিল। আৰু সেই মল পৰীক্ষা কৰি দেখা গ’ল যে সেই বাঘটো প্রায় তিনিসপ্তাহ ধৰি সেই অঞ্চলতে আছিল। খইৰী গুচি যোৱাৰ সময়ত সেই বাঘটোৱেও খইৰীৰ গোন্ধ পাই তাইক সেই অঞ্চলত বিচাৰিছিল ফুৰিছিল।

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close