ৰুমী লস্কৰ বৰা
পথটো নিঃসাৰ৷ এনেয়ে হ’লে আজিকালি গাঁৱৰ ভিতৰৰ পথো বিভিন্ন মডেলৰ বাইক, গাড়ীয়ে সৰব কৰি ৰাখে৷ মাজে মাজে পুলিচৰ একোখন গাড়ী৷ তাই গাঁৱৰ ভিতৰৰ ৰাজপথ পাৰ হৈ নৈখনৰ পাৰ পালেহি৷ নৈখনো স্থবিৰ৷ একালত তাই এই নৈখনত সমনীয়াৰ সৈতে কিমান যে সাঁতুৰিছিল নৈ পাৰৰ বননিতে বহি সিহঁতে বতৰৰ ফল খাইছিল. চুৰ-পুলিচ খেলিছিল৷ ৰজা-ৰাণী খেল খেলিছিল৷ কৰণে প্ৰায়ে ভূত হৈ ভয় খোৱাইছিল৷ ‘ৰাজ’ ৰজা হৈছিল৷ ৰাণীমা ৰাণী হৈছিল৷ চুৰ কোনোৱেই হ’ব বিচৰা নাছিল৷ কোনো চুৰ নহ’লে খেলখন নহ’ব কাৰণেই চিন্তামণিকে চুৰ হ’বলৈ বাধ্য কৰা হৈছিল৷ পুলিচৰ ভাৱত আছিল জিতেন্দ্ৰ৷
পুৰণি স্মৃতিকে সাৱটি সময় অতিবাহিত কৰাৰ তাইৰ ইচ্ছা নাই৷ তথাপিও স্মৃতিবোৰ সুৰুঙা পালেই আহে আৰু যায়৷ বোৱতী নৈখনত হাতীমূৰাত বান্ধ দিলে৷ বানপানীৰ পৰা ৰক্ষা পৰিল গাওঁখন৷ কিন্তু নদীৰ গতি স্তব্ধ হ’ল৷মাটিৰ পলস নোহোৱা হ’ল৷ কলঙৰ পাৰৰ ডৰাই ডৰাই কৰা আলু, ৰঙালাউ, কুঁহিয়াৰ, সৰিয়হৰ খেতি ক’ত? পাৰবোৰত ঘৰ আৰু ঘৰ৷ বজাৰ ৷ য’তে ত’তে বজাৰ৷ গ্ৰাহকৰো ভিৰ৷ পথাৰবোৰহে উদং৷
নিৰ্জন পৰিৱেশ দেখি তাইৰ মনত পৰিল৷ আইতাকে আৰু মাকে তাইৰ নুমলীয়া ভায়েকটোৱে সন্ধিয়া আমনি কৰিলে কৈছিল – ‘মনে মনে৷ মনে মনে৷ কাণখোৱা আহিছে৷ শুনচোন শুন৷ কাৰো মাত-বোল নাই৷ তই কান্দি থাকিলে কাণখোৱাই ধৰি লৈ যাব মাকপোহা৷’
চিঞৰি চিঞৰি কান্দি থকা ভায়েকটো মাকৰ কোলাত মূৰ গুজি কুচি-মুচি সোমাই পৰিছিল৷ কিছু দেৰি পিছত সি কিবা ক’বলৈ মূৰটো উঠালেই মাকে পুনৰ ফুচফুচাই কৈছিল – ‘মনে মনে৷ শব্দ শুনিলেই ধৰি লৈ যাব৷ খাই বৈ শুই থাক দেই বাবা৷’ অদৃশ্য কাণখোৱাৰ ভয়ত সি নিশ্চুপ হৈ পৰিছিল৷
* * *
কাণখোৱা আহিছে আকৌ৷ নৈ পাৰৰ বজাৰখন নিৰৱ৷ নৈখনো কাণখোৱাৰ ভয়ত স্তব্ধ৷ নৈৰ পাৰে পাৰেই তাই আগুৱাই গ’ল৷ কাণখোৱাৰ ভয়তে এতিয়া মনে মনে অহা-যোৱা কৰিব লাগে৷ নৈ পাৰ মুকলি৷ আগৰ অগৰা গছৰে ভৰা ঠাইবোৰত এতিয়া পাইথান গছৰ প্ৰভূত্ব আগৰাৰ গুটি চুলিত লাগিলে চুলিৰ জঁট লাগে৷ গুটিবোৰ এৰুৱাবলৈ কঠিন৷ ৰাজ আৰু কৰণে কিমান যে তাইক খং উঠাইছিল! চিন্তামণি ডাঙৰ ৰাজনৈতিক নেতা৷ চুৰ হ’বলৈ বেয়া পোৱা চিন্তামণিৰ হিচাপ নোহোৱা সম্পত্তিৰ হিচাপ এদিন ৰাজে দিছিল৷ জিতেন্দ্ৰই পুলিচৰ চাকৰি এৰি ব্যৱসায়ত ধৰিছিল৷ চিন্তামণিয়ে জিতেন্দ্ৰক ব্যৱসায়ত সহায় কৰে৷
ইস্ …! নৈখনৰ পাৰত দেখোন ঘৰেই ঘৰ৷ নৈৰ বুকুত পানী ক’ত? পানী? অচিন লতা আৰু বনৰ পয়োভৰ৷ তাই আহিছে ক’লৈ? ৰাজপথত উঠিব নোৱাৰি৷ ঘৰৰ ভিতৰতো সোমাই থাকিব নোৱাৰি৷ লুকাই-চুৰকৈ মুকলি পথাৰলৈ অহাতনো আপত্তি কি? গোটেই চহৰ-নগৰত যেন বয়োজ্যেষ্ঠ নাই৷ সকলো যেন একোটা শিশু৷ কাণখোৱা আহিছে নিৰৱে৷ কাক বা ধৰি লৈ যায়! বাতৰিত দৈনিক প্ৰচাৰ৷ সাৱধান …৷ সাৱধান …৷ নহ’লে চিকাৰ …৷
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে বাতি,
এইফাঁকিত বতাহত দূৰ সুদূৰৰ পৰা আহিছে নেকি ভাঁহি? ক’ত তাঁতশাল? ক’ত ঢেঁকীশাল? ক’ত চেৰাশালি? মৰিশালি ক’ত? সেই খন জানো মাৰিশালি? একালত মানুহ খৰি দিলে, সেই পথেদি সিহঁত বছৰচেৰেকলৈ নগৈছিল৷ জিতেন্দ্ৰ, চিন্তামণি, ৰাজক সাৰথি নকৰিলে তাইৰ সাহস ক’ত? মৰিশালি নাই তাত মাছ আৰু মঙহৰ বিৰাট বজাৰ৷ ইটালীত থিতাপি লোৱা ৰাণীমা ঘূৰি আহিছে৷ ভয়তে৷ আপোনজনক লাগে৷ ৰাণীমাই তাইক ফোন কৰি মাতিছে৷ কাণখোৱালৈ এতিয়াও তাইৰ ভয় বোলে৷ নহ’বনো কিয়? কাণখোৱাই নিৰৱে ধৰে৷ সুধিবলৈ আইতাক আৰু মাকো জীয়াই থকা নাই৷ আইতাক আৰু মাকক দাহ-সংস্কাৰ কৰা হৈছিল সিহঁতৰ বাৰীৰ একোণে৷ এতিয়া চিন-চাব নাই৷ আইতাকেই কৈছিল – পৃথিৱীখনেই মৰিশালি আই৷ কত মানুহ মৰিছে৷ জন্ম লৈছে৷ কোনে কাক ক’ত খৰি দি গ’ল, কিমানে ৰাখিছে হিচাপ? নৰ-মনিচে অইগিয়ানত পৰিহে জাক-জমকৰ পিছে পিছে ফুৰে৷ পৰকিতিক অইতাচাৰ কৰিছে৷
আগফালৰ শুৱনি তামোলবাৰী, ফুলৰ বাগিচাখনি! পিছফাল শুৱনি শাকনি আৰু বাহঁনি৷ দেউতাকৰ প্ৰবল ইচ্ছা বিফল হৈছিল৷ ‘নোৱাৰ, বাঁহবাৰী কাটি ঘৰ সেইকোণত নেসাজিবি৷ বোলে যাৰ নাই বাঁহ, তাৰ নাই সাহ৷ এই বাঁহডৰাই ধুমুহা-বৰষুণৰ পৰা ঘৰটো ৰইখা কৰি থাকে৷ বাঁহডৰাই ঘৰৰ চাৰিসীমা ঘৰটো ৰইখা কৰি থাকে৷ বাঁহডৰাই ঘৰৰ চাৰিসীমা দিছে৷ ঘৰ যদি কৰিবই খুজিছ – য’ত আছ, ত’তে ওপৰত আৰু এটা কৰ৷ আগফাল-পিছফাল আপুৰুগীয়া সম্পত্তি৷৷”
গাৱঁৰে খেতিয়ক ল’ৰা ধৰণীলৈ পলাই যোৱা সেউজীক মনত পেলাইছিলনে সিহঁতে? বানপানী, অতিবৃষ্টি, অনাবৃষ্টিত ধৰণীৰ পথাৰৰ খেতি কেতিয়াবা ভবা ধৰণে নাহে৷ সেউজীয়ে সহায় কৰে৷ আগফালে-পিছফালে শাকনিবাৰী৷ তাইৰ ভাললগা খৰিকাজাঁই, হাচনাহানা, তগৰ, গোলাপ, নাৰ্জীফুলৰে একাষে ফুলৰ বাগিচাখনি৷ বৰ হেপাহেৰে তাই পদূলিত নঙলাৰ ওপৰত বাঁহৰ চাং দি ৰুইছিল মাধৱীলতা জুপি৷ জকমকাই ফুলি থাকে৷ ম’বাইল চাবলৈ তাইৰ সময় ক’ত? ফেচবুক, ৱাটছ্আপ কৰিলে সেউজী আৰু ধৰণীৰ সংসাৰ ক’ত চলে? ল’ৰা-ছোৱালী দুটাকো তাই শিপাৰ সৈতে বান্ধি ৰাখিব বিচাৰে৷ উৎসৱ আৰু সংস্কৃতি৷ কিন্তু তাই এটা কথাত আজিকালি বৰ চিন্তিত হয়৷ পথাৰ, বাৰীৰ সৈতে উৎসৱ আৰু সংস্কৃতিৰ পৰিচয় থাকিলেও সিহঁতৰ গাতো সময়ৰ আধুনিক প্ৰৱাহ৷ মাজে মাজে মাকক উৎসৱে কয় – ‘কোন যুগত আছ তই? তোৰ এনে মেণ্টেলিটিৰ বাবেই তাই গাৱঁতে থাকিলি৷ গাৱঁৰ ল’ৰা পচন্দ কৰিলি৷ উচ্চকাংক্ষা মানুহৰ থাকিব লাগে৷ তোৰ লগৰবোৰ চা৷ তইয়ে কৈ থাক দেখোন ৰাণীমা আণ্টি পেৰিছত থাকে৷ চিন্তামণি আংকল ডাঙৰ নেতা৷ জিতেন্দ্ৰ আংকলো ডাঙৰ ব্যৱসায়ী৷ ৰাজ আংকলোতো ডাঙৰ সাংবাদিক৷ ইলেক্ট্ৰনিক মিডিয়াৰ স্বত্ত্বাধিকাৰ৷ তইহে পথাৰ-ঘৰতে থাকিলি৷”
গাৰুত মূৰ গুজি সেইদিনা সেউজীয়ে ওৰে নিশা কান্দিছিল৷ তাই দেখোন অসুখী নাছিল৷ কৰ্মক্ষম, আত্মবিশ্বাসী, দৃঢ়মনা ধৰণীটোক তাইৰ আজিও সেই সোতৰ বছৰত পোৱা চফল ডেকা ধৰণীটোৰ দৰেই লাগে৷ তাইৰ প্ৰতি সহমৰ্মিতা, সমবেদনা, মৰমৰতো একো হীন-দেড়ি হোৱা নাই৷ কঠোৰ পৰিশ্ৰমৰ মাজতো তাৰ মুখত বিৰক্তিৰ চিন নাথাকে৷ উৎসৱ-সংস্কৃতিৰ পঢ়া-শুনাৰ প্ৰতি ধ্যান ৰাখে৷ সি প্ৰায়ে উৎসৱক কয় – ‘বোপাই অ’ পঢ়ি-শুনি মনেৰে ডাঙৰ মানুহ হ’বি৷ জ্ঞানী হ’বি৷ আমাৰ গাঁৱৰ ল’ৰা-ছোৱালীবোৰ যাতে গাঁৱতে উচ্চশিক্ষা লৈ গাঁৱতে থাকি গাওঁখন জিলিকায়৷ পথাৰ-ঘৰ নদন-বদন কৰে, সেইবোৰ কথালৈও মন-কাণ কৰিবি৷ গাওঁখনৰ সেউজ শোভা, পথাৰৰ খেতি, নৈ-বিলৰ পানী, মাছ-কাছৰ চিৰি বৃদ্ধি কৰিবলৈ চাবি৷ শৰীৰ ভালে থাকিব৷ মন সুখী হ’ব৷ ৰোগ-ব্যাধিৰ পৰাও ভয় আঁতৰিব৷ আজিলৈ দেখিছ? টেবলেট এটাও খাই পোৱা নাই৷ কেতিয়াবা অধিক পৰিশ্ৰম হ’লে গাটো বিষায়৷ মাৰে মিঠাতেল, নহৰুৰে মালিচ কৰি দিয়ে৷ বনশাক নহৰু, জালুকেৰে আঞ্জা ৰান্ধি দিয়ে৷ বিষ ক’ৰবালৈ পলায়৷”
উৎসৱ উচাট মাৰি আঁতৰি যায়৷ যাওঁতে ভোৰ-ভোৰাই কৈ যা্য – ‘মানুহ চন্দ্ৰ, মংগল গ্ৰহ পালেগৈ৷ এওঁলোকে বটগছৰ শিপাৰ দৰে ঠাইতে ৰৈ থাকিব বিচাৰে৷’
সাজোনে-কাচোনে সংস্কৃতিকো সৰল, সুশীল সেউজীৰ ছোৱালী যেন নালাগে৷ কথাৰ মাজত দুটা দেশী শব্দৰ মাজত দহটা বিদেশী শব্দ নক’লে তাইৰ কথাই যেন পূৰ্ণতা নাপায়৷ ধৰণী আৰু সেউজীয়ে কেতিয়াবা নিৰলে কথা পাতে৷ সিহঁতৰ দুটাৰ অবিহনে ইহঁতৰ হ’ব কি? ক’ৰপৰা আহিল ইহঁতৰ মনলৈ এনে উদ্ভট চিন্তা আৰু গুৰু-গোসাঁই নমনা আচৰণ৷
ফেশ্বন ডিজাইনিঙৰ ডিপ্ল’মা ল’বলৈ গুচি গৈছিল সংস্কৃতি৷ উৎসৱ গৈছিল হোটেল মেনেজমেণ্ট পঢ়িবলৈ৷ গাঁৱত থাকি পথাৰ ঘৰৰ কাম কৰি দিন কটাই থাকিল সেউজী আৰু ধৰণী৷
উৎসৱৰ ইচ্ছা পথৰ কাষৰ কুঁহিয়াৰ খেতি কৰি অহা মাটিখিনিতে ৰেষ্টুৰেণ্ট খুলিব৷ তাৰ কাষতে সংস্কৃতিয়েও ফেশ্বন ডিজাইনৰ এটা ট্ৰেইনিং চেণ্টাৰ বহুৱাব৷
হে ভগৱান! সেইখিনি মাটিত হোৱা গুড়ৰ কি সোৱাদ! কি ৰং! ওচৰৰ শণিবৰীয়া, দেওবৰীয়া হাটলৈ নিয়াৰ আগতেই গ্ৰাহকৰ ভিৰ লাগে৷ পাইকাৰী দৰতেই ধৰণীয়ে জালিশালতেই গুড় বিক্ৰী কৰে ৷ এই হেন হীৰা বুটলি থাকিব পৰা মাটিখিনিত কংক্ৰিট ঘৰ হ’ব৷ গা-ভাৰী কৰা খাদ্যৰ বজাৰ হ’ব৷ কথাষাৰ মুখ খুলি ক’বলৈ গ’লেই বিপদ৷ ঘৰুৱা কন্দল বাঢ়িব৷ মৃত্যুৰ সময়লৈকে মাক-দেউতাকক মূৰ তুলি কথা এষাৰ নোকোৱা ধৰণীটোৰ হৃৎপিণ্ডৰ ধৰণী লৰে সঘনে৷ এনেকৈ খেতিৰ মাটিবোৰ বধিলে ধৰিত্ৰীয়ে ৰোষ নকৰিবনে?
সন্তানৰ সন্মুখত অপদস্থ হোৱাৰ ভয়তে সেউজী আৰু ধৰণী নিৰৱে থাকে৷ ভয়াবহ ভৱিষ্যতৰ ছবিখন সিহঁতৰ সন্মুখত ভাঁহি আহে৷ যিখন ছবি দেখুৱাবলৈ গ’লেও উৎসৱ আৰু সংস্কৃতিয়ে ইতিকিং কৰি উৰুৱাই দিব৷
এদিন উৎসৱে কৈছিল – ‘চিন্তামণি আংকলে সোণাপুৰৰ পাহাৰত কিমান ডাঙৰ ৰিজৰ্ট কৰিলে৷ জিতেন্দ্ৰ আংকলে তিনিটা ফেক্টৰী খুলিলে৷ কৰণ আংকল মন্ত্ৰী হ’ল৷ এইবোৰ কথা ৰাজ আংকলৰ টিভি চেনেলৰ যোগেই গম পাইছোঁ৷ চৰকাৰক ধন দিব পৰা হ’ল৷ মন্ত্ৰী, এম.এল.এক সিহঁতৰ মতামত দিব পৰা হ’ল৷ কিমান ঠাইত বিয়াগোম বিয়াগোম অট্টালিকা৷ তহঁতি কি কৰিলি? আগলৈ নিজেও নাচালি৷ আমাকো এতিয়া বান্ধি ৰাখিব খুজিছ?”
‘আগলৈ চোৱা কাক কয়?’ বিজ্ঞানৰ আৱিষ্কাৰত উপলব্ধ নতুন নতুন সামগ্ৰী ব্যৱহাৰ? যিকোনো প্ৰকাৰে উপাৰ্জন কৰি পৈতৃক পথাৰ ঘৰ বিক্ৰি কৰি নগৰত ঘৰ সজা? মাটি লোৱা? পাহাৰ কটা? পথাৰ, বিল, জলাশয় পোতা? নদীৰ গতিক ৰোধা?
ধৰণীৰ ভাৱনাত আউল লাগে৷ সেউজীয়ে কাষতে বহি মৃদু সান্ত্বনা দিয়ে – ‘চিন্তা নকৰিবাচোন৷ আইতাহঁতে কৈছিল, ঠেকিলেহে শিকে৷ এদিন শিকিব চাবা৷’
‘তেতিয়ালৈ যদি বহু দেৰি হৈ যায়৷’ স্বগতোক্তি কৰে ধৰণীয়ে৷
মানুহটো বৰ আবেগিক৷ বৰ ভাবুক৷ তাইৰ অবিহনে এইটো মানুহ ‘জী’ থাকিব পাৰিবনে? ঈশ্বৰকে খাটে তাই – ‘তাইৰ মৃত্যুৰ আগতেই যেন ধৰণীৰ মৃত্যু হয়’ ৷ বয়সৰ গড়ত সিহঁতে এতিয়াও ষাঠি গৰকাই নাই৷ তথাপিও – জন্ম, মৃত্যু, বিবাহৰ কথানো কোনে জানে? তাই ভগৱানক প্ৰাৰ্থনা কৰে৷
হওঁতে মানুহটোৰ ৰোগ-ব্যাধি নাই৷ পুৱাতে উঠি ফুলনিবাৰী, শাকনি বাৰীৰ গুৰি খুঁচৰে৷ এমুঠি খাই পথাৰলৈ যায়৷ আজি-কালি পথাৰৰ ভাৰখন বৰকৈ ল’ব নোৱাৰে৷ আধি দিয়ে৷ তথাপিও যায় পথাৰ চাবলৈ৷ গাঁৱত খেতি-খোলা কৰিবলৈও মানুহ নাই৷ চৰকাৰে বিনামূলীয়া চাউল দিয়ে৷ পথাৰত হাড়ভঙা পৰিশ্ৰম কৰি ধানখেতি কৰিবলৈ কেৱে মন নকৰে৷ ধৰণীৰ হৃৎপিণ্ডৰ ধৰণী কঁপে৷ অষ্ফুট স্বৰত ভোৰভোৰায় – ‘নিধকহঁত! এনেকৈয়ে খেতি-খোলা এৰিলে, কাম-বন এৰিলে চৰকাৰ বাপেৰহঁতে তহঁতক মিঠাতেল, দাইল, চেনিও এনেয়ে খোৱাবনে? দেহাবোৰ আলসুৱা কৰিছহঁক৷ মগজু অকামিলা কৰিছহঁক৷ আওমৰণে তহঁতেই মৰিবি৷”
বগলী এ সবাহলৈ নাহিলি কিয়?
গৈছিলোঁ গৈছিলোঁ বাটৰ বৰষুণে পালে
চেংদৈ ঘৰত সোমাব খুজিলোঁ
পগলা কুকুৰে পালে৷
হুৰা-হুৰে বৰষুণ আহিছে৷ একালত এনেকৈ বৰষুণ আহিলে কৰণ, ৰাণীমা, চিন্তামণি, জিতেন্দ্ৰ বহল চোতালত ঘূৰি, ঘূৰি তিতিছিল৷ সেউজীয়ে কাগজৰ নাও সাজি এৰি দিছিল৷ নৈত মাছৰ উজান আহিছিল৷ খাল, ডোঙত ভেকুলীয়ে মাতিছিল৷ স্কুললৈ আহোঁতে-যাওঁতে বৰষুণ এজাক যদি আহে পথৰ কাষত যাৰে ঘৰ পায়, তাতে সোমায় সিহঁত৷ জুৰুলী-জুপুৰী শৰীৰবোৰ দেখি গৃহস্থই গামোচা এখন দিয়ে৷ গা মছি মছি সিহঁত বাৰাণ্ডাত বহে৷ গৃহস্থই আথে-বেথে ৰঙা চাহ আৰু মিঠৈলাড়ু সিহঁতলৈ আগবঢ়ায়৷ অহ্! এতিয়া – ঘৰে ঘৰে কংক্ৰিট গেট৷ পোহনীয়া কুকুৰ …!
ইস্ …! ইমান পৰিৱৰ্তন! তাইৰ চকুৰ সন্মুখতে? কিন্তু সিহঁত আহিব ক’লৈ? পথাৰখন আহি পাইছেহি৷ সেইখন পথাৰেইনে? আহঁতজোপা? আছে৷ আছে বুঢ়া হৈছে৷ লিহিৰি পাতবোৰ বথাহত নাচিছে৷ অহ! নিজৰ পথাৰখনলৈ আহিবলৈও তাই ইমান লুকাই-চুৰকৈ আহিব লগা হৈছে যে …! পথাৰতো মানুহ নাই৷ সিহঁত ক’ৰ পাইছেহি চাগে! তাইৰ হাতত ম’বাইলো নাই৷ উৎসৱৰ ফোনত ফোন কৰিহে জনাইছিল৷ কিন্তু এনেকুৱা দিনতহে সিহঁতে কিয় তাইক বিচাৰি আহিছে? টি.ভি. তাই নাচায়৷ মাথোঁ বাতৰিকাকতখন পঢ়ে তাই৷ তাকো পঢ়িবলৈ আবেলিহে সময় পায়৷ কাকততো পাইছে৷ চৌপাশৰ আবহাৱাৰ পৰাও তাই অৱগত৷ এনেকুৱা যে নহ’ব এইটোহে অবিশ্বাস্য৷ তাই আচৰিত হোৱা নাই৷ আইতাকৰ পৰা পোৱা তাইৰ জীৱনৰ দৰ্শন, প্ৰকৃতিৰ দৰ্শন, জ্ঞানেৰে এটা কথা নিশ্চিত আছিল৷ ‘যেনে কৰ্ম, তেনে ফল৷ লোভেই পাপ পাপৰ মৃত্যু৷’ কথাবোৰ গূঢ়াৰ্থ তাই বুজিছিল৷
পুতেক উৎসৱৰ লগত তাই কঠোৰ ব্যৱহাৰ কৰিছিল৷ সিহঁতে থকা ঘৰটোৰ আগত আৰু পিছত ছয় বিঘা মাটি ফল, ফুল, শাক কৰি সুশোভিত কৰি ৰাখিছে৷ সেইখিনি ঠাইত উৎসৱক ঘৰ বান্ধিব দিব লাগে৷ কথাষাৰ শুনি সেউজীৰ খঙে চুলিৰ আগ পাইছিল৷ সেইদিনাৰ দৰে অকথ্য ভাষাৰে তাই উৎসৱক আগতে কেতিয়াও কথা কোৱা নাছিল৷ এষাৰ কথাৰেই তাই উৎসৱৰ মুখ বন্ধ কৰিছিল – ‘মাৰক আগে মৰিবলৈ দে৷ তাৰপিছত যি কৰ কৰিবি৷’
* * *
কাণখোৱা আহিছে৷ যাকে পাইছে, তাকে ধৰিছে৷ সিহঁতৰ ঘৰখনত সেই ভয় কৰিবলৈনো কি আছে? নগৰত হুলস্থূল৷ গাড়ী, বাইকৰ হৰ্ণ, হোটেল, ৰেষ্টুৰেণ্টৰ, চিম্নিৰ ধোঁৱা, সৰু বৰ চাহৰ গুম্টি দোকান, চলন্ত ৰেষ্টুৰেণ্ট, দোকান – পথত মানুহৰ ভিৰ কোলাহল৷
কি হৈছে? ক’ত গৈছে মাৰ্চিডিজ, বি.এম.ডব্লিউৰ ভেম? ভয়ত পেঁপুৱা৷ দেখা নাই৷ বচ – ‘কাণখোৱা আহিছে৷ নোলাবি বাটলৈ৷ কাণখোৱা আহিছে যাৱনো ক’লৈ? সবাহত নেযাবি৷ কাৰো ঘৰলৈ নেযাবি৷ কুকুৰৰ বেশতো কাণখোৱা থাকে৷ মানুহৰ গাতো কাণখোৱা লম্ভি থাকে৷’
***
পথৰ কাষৰ মাটিখিনি৷ য’ত কুঁহিয়াৰ খেতিয়ে শুৱনি কৰিছিল৷ সিহঁতৰ বছৰেকীয়া হিচাপ-নিকাচক ধনী কৰিছিল৷ তাতে উৎসৱ আৰু সংস্কৃতিয়ে নকৈ খোলা ৰেষ্টুৰেণ্ট আৰু ফেশ্বন ডিজাইনাৰ ট্ৰেইনিং চেণ্টাৰটো নিমাওমাও৷ কুঁহিয়াৰ খেতিডৰাকে হালি-জালি থকা কিমান দিন তাই সপোনত দেখিছে৷ ধৰণীয়ে কেইবাদিনো ভাতকে খাব পৰা নাছিল৷ কুঁহিয়াৰৰ ৰস নহয় যেনিবা সিহঁতৰ শৰীৰৰ ৰসহে নোহোৱা হ’ল৷ জীৱনৰ স্বাদ কমি গ’ল৷
এতিয়া দুয়োটা ঘৰতে৷ বাপেকে কৰি থোৱা খেতিৰ ভাত, পুখুৰীৰ মাছ, বাৰীৰ শাক খাই আছে৷ গৰুৰ গাখীৰ খাই আছে৷ সিহঁতে বাৰু উপলব্ধি কৰিছেনে? নাই৷ এতিয়াও বুজা নাই৷ সিহঁতৰ উত্তৰ – ‘দিন সলনি হ’ল৷’ এৰা! মিঞা-মৈমনচিঙীয়া নহ’লে কেইটাই খেতিৰ পথাৰত বোকা দিব পাৰে?
: সেউজী, টানি-আঁজুৰি শৰীৰত অৱশেষ শক্তি থাকে মানে ইহঁতক কৰি খোৱাই যাম৷ নিজৰ সন্তান৷ ভোকে-লঘোণে থকাটো সহিব নোৱাৰিম৷ আমি মৰাৰ পাছতো সিহঁত যাতে লঘোণে নাথাকে তাৰ বাবে চেষ্টা কৰি যাম৷ বাকী সিহঁতৰ কথা৷ খেতিৰ ধনেৰেই সিহঁতক যি পঢ়োঁ বুলিলে পঢ়ুৱাই আনিলোঁ৷ বাৰীৰ ফল-পাচলি, সৰিয়হৰ তেলেই ঘৰৰ সন্মুখত দিয়া দোকানত বেচিলোঁ৷ বজাৰৰ সাৰ নিদিয়া বস্তুৱেই খোৱাইছিলোঁ৷ ইহঁতৰ মগজবোৰ বেসাৰুৱা কিয় হ’ল!
ধৰণীৰ কথাষাৰ মূৰৰ ভিতৰত নে বুকুৰ ভিতৰত বেল বজাৰ দৰে বাজি থাকে৷ সৰুতে তাই এটা পদ্য পঢ়িছিল৷ পাঠ্যপুথিত থকা পদ্যটোৰ লগতে থকা ছবিখনে তাইক মুগ্ধ কৰিছিল৷ এনে এখন ঘৰ; এনে এখন গাঁৱতে তাই থাকিব৷ কি আছিল পদ্যটো?
| গোহালিত গৰু | পুখুৰীত মাছ |
| বাৰীত তামোল পাণ | |
| চালত কোমোৰা | লাউ জিকা ভোল |
| ভঁৰালত জহা ধান৷ | |
এৰা৷ সিহঁতৰ বাৰীত কি নাই? সিহঁতৰ ভঁৰালত কি ধান নাই? পুখুৰীৰ মাছ বছৰেকত এবাৰ বিক্ৰীও কৰে৷ দুশ্ৰেণী পঢ়িয়েই চাকৰি লাগেই৷ ঘৰৰ হীৰা যেন মাটি এৰি দুবেলা দুসাঁজ শুদা ভাত খাইও বহিৰ্ৰাজ্যত পিয়ন, চকীদাৰৰ চাকৰি কৰি কি সুখ পায়?
এতিয়া একা? নৈবোৰ পুতি, বিল-খাল পুতি, পথৰ কাষৰ খেতি পথাৰত বিয়াগোম বিয়াগোম হোটেল, ৰেষ্টোঁৰা খুলি হাবিবোৰ কাটি যে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ৷ প্ৰকৃতিয়ে সহে ক’ত? এনেহেন অবিবেচক সন্তান!
ক’ৰবাত যে সেউজীয়ে শুনা পাইছে এটা ক্ষীণ কণ্ঠস্বৰ – ‘কাণখোৱা আহিছে ৷ সাৱধান৷ সাৱধান৷’ কণ্ঠস্বৰ সৰৱ হৈছে৷ ঘৰৰ ভিতৰতে মানুহবোৰ সোমাই আছে৷
এইচোৱা পথ আহোঁতেই তাই ভাগৰি পৰিল নেকি? সিহঁত ঘৰলৈ নাহোঁ বুলিলে৷ কাৰ ঘৰত বা কাণখোৱা আছে!
তাই আঁহতজোপাৰ তলতে ৰ’ল৷ ৰিব্ ৰিব্ বতাহত তাইৰ চাদৰৰ সেউজ আঁচল উৰিছে৷ মানুহৰ চিন-মোকাম নাই৷ মৰিশালিৰ নিস্তব্ধতা৷ চাৰিওপিনে তাই এপাক চকু ফুৰালে৷ ইমান সুন্দৰ এই ধৰাখনি! ইমান সুন্দৰ এই বতাহ! কিমান আকৰ্ষণীয় প্ৰকৃতিৰ এই আদিম নিৰ্যাস?
দূৰৈত তাই দেখিলে খেতিডৰাৰ মাজৰ আলিয়ে আলিয়ে আহি আছে ৰাণীমা, চিন্তামণি, জিতেন্দ্ৰ আৰু কৰণ৷ শকত-আৱত ৰাণীমাৰ শৰীৰটো দেখিলে এনে লাগে তাই যেন মঙহৰ ভৰত খোজেই কাঢ়িব পৰা নাই৷ জিতেন্দ্ৰ আৰু চিন্তামণিৰ পেটতো বহু ওলাল৷ কৰণহে আগৰ দৰেই লেৰেলা-চেপেটা হৈ থাকিল৷
সিহঁতৰ পিছে পিছে আহিছে হাতত ডাঙৰ ডাঙৰ কেমেৰা লৈ আৰু দুজন লোক৷ সিহঁত ক্ৰমশঃ ওচৰ পালেহি৷ মুখত মাস্ক৷ কাৰো মুখ চাবলৈ আৰু চিনিবলৈ উপায় নাই৷
: হেৰৌ মুখাবোৰ খোলচোন৷ নহ’লে চেহেৰা চিনো কেনেকৈ?
কওঁ-নকওঁকৈ সেউজীয়ে ক’লে৷
: যি নকৱ, যি নেভাৱ, মোৰ ইয়াত কিন্তু তহঁতৰ একো বিপদ নহয়৷ কথা দিছোঁ মই৷
সেউজীৰ মুখত মাস্ক নাছিল৷ সিহঁত নিৰ্দিষ্ট দূৰত্বত আছিল৷ ৰাণীমা ফোঁপাই-জোপাই বহি পৰিল৷
: ইমান বছৰৰ মূৰত দেখা-দেখি ! মোক ইমান বছৰৰ মূৰত যে মনত পেলালি! অত দূৰ বাটকুৰি বাই গাঁৱৰ পথাৰতহে লগ কৰোঁ বুলিলি যে৷ কাৰণটো কি?
সিহঁতৰ ক’বলৈ বহু কথাই যেন আছিল৷ ক’বলৈহে মুখ খোল খোৱা নাছিল৷ কিন্তু সেউজীয়ে জানিব পাৰিলে৷ চিন্তামণিৰ একমাত্ৰ পুত্ৰ বেংগালুৰুত আছিল৷ দুমাহ আগত সি ঢুকাল৷ ৰাণীমাইও পতি আৰু সন্তানক হেৰুৱাই একপ্ৰকাৰ বলিয়াৰ দৰে হৈ পৰিছে৷ জিতেন্দ্ৰই যোৱাটো বহাগতে পত্নীক হেৰুৱালে৷ কৰণ? কৰণে বিয়াই পতা নাছিল৷ য’তে ৰাতি, ত’তে কাটি কৰি কটাই আহিছে দিন৷
সিহঁতে সেউজীক আপাদমস্তক লক্ষ্য কৰিলে৷ সেই শৈশৱৰ সহজ, সৰল অন্তৰ; ঘন ক’লা চুলিটাৰী, বগা মসৃণ দুগাল, বয়সৰ চাপ কিছু পৰিছে৷ কিন্তু সৌন্দৰ্য এতিয়াও অম্লান৷
: তই যে একেই থাকিলি সেউজী৷
সেউজীয়ে সেমেকা হাঁহি মাৰি ক’লে –
: মোৰ স্বভাৱ প্ৰকৃতি একেই আছে বুলি জানিয়েইতো অত বছৰৰ মূৰত বাটকুৰি বাই মোকেই বিচাৰি আহিলি৷ তহঁততো নগৰত বাস কৰ৷ বৰ বৰ মানুহ হ’লিগৈ৷ মোক পাহৰিয়েই গৈছিলি৷
কথাষাৰ কওঁতে আবেগত সেউজীৰ কণ্ঠস্বৰ কঁপিছিল৷ সিহঁত চাৰিটাৰ দুচকু সেমেকি আহিছিল৷ খন্তেক পৰ মৌনতা৷ মৌন ক’ত? প্ৰকৃতিৰ শান্ত বতাহ একোচাটিয়ে সিহঁতৰ দেহ-মন জুৰ পেলাই গৈছিল৷
: ইমান শান্তি! ইমান পৱিত্ৰ! ব’ল, ব’ল তোৰ ঘৰলৈ লৈ ব’ল৷
ৰাণীমাৰ মুখেদি অষ্ফুট স্বৰত নিগৰি আহিছিল৷ সেউজীক কেন্দ্ৰ কৰি সিহঁতে বহু ফটো ল’লে৷ ভি.ডি.অ’ কৰিলে৷ সেউজীৰ বিশাল ফল,ফুল. শাকনি বাৰীখন, পুখুৰী, খেতি পথাৰৰো ভি.ডি.অ’. কৰিলে৷ সৰলমনা সেউজীৰ ভাবিবলৈনো কি আছে? সিহঁত আহিছে৷ শৈশৱৰ বন্ধুক লগ পাই উৰুলিকৃত হৈছে৷ (সেউজীৰ ঘৰ)
* * *
: মা, মা; চোৱা চিন্তামণি আংকলহঁতে আমাৰ বাৰী, ঘৰৰ, খেতি পথাৰৰ ভি.ডি.অ.” টি.ভিতো দিছে৷
হয় যি হয়েই৷ সেই সেউজ পাহাৰটোৰ পৰা কুলুকৈ কুলুকৈ বৈ থকা জুৰিটো! যাৰ পাৰতেই সিহঁতৰ বিয়াগোম খেতিডৰা৷ য’ত সিহঁতৰ মুৰ্গীৰ ফাৰ্মখনো৷ অহ! কাষে কাষে ৰোৱা আমলখি, শিলিখা কেইজোপাও দেখুৱাইছে৷ পুখুৰীত মাছৰ জলকেলি৷ হে হৰি! এইবোৰ ফটো সিহঁতে ল’লে কেতিয়া? সিহঁতৰ গোহালিৰ গাইকেইজনী, কাজলী, পাখৰী, ছাগলী কেইজনী, নাৰিকল গছত থকা টোকোৰা চৰাইৰ বাহবোৰ, ডাউক চৰাইৰ বাহবোৰ, ইস্ …! ফটোত সঁচাকৈ আৰু ধুনীয়া দেখি! ‘সেউজী-ধৰণীৰ শোভা’ বুলি বাৰে বাৰে প্ৰম’ত দিও থাকিল৷
ইটো-সিটোকৈ ক্ৰমশঃ মানুহৰ সোঁত৷ হাতত কেমেৰা লৈ টি.ভি. চেনেল, পৰ্টেল টি.ভি.ৰ মানুহৰ সোঁত ববলৈ ধৰিলে৷ সিহঁতক সময় দিওঁতে ধৰণী-সেউজীৰ দৈনন্দিন কাম-কাজতো আউল লাগিবলৈ ধৰিলে৷ সময়মতে খাব নোৱৰা হ’ল৷ সময়মতে জিৰণি ল’ব নোৱৰা হ’ল৷ পুখুৰীত নামি যিকোনো সময়তে মাছ মাৰি দেখুৱাব লগা হ’ল৷ পাহাৰৰ কাষৰ শান্ত জুৰিৰৰ পাৰৰ খেতিডৰাও অশান্ত হৈ পৰিল৷ হাতে হাতে আমলখি, অতে হাতে ফল৷ প্ৰথমে সঁহাৰি দি থকা সেউজীৰ বিৰক্তি বাঢ়িবলৈ ধৰিলে৷ কোনোবাই খাই পেলোৱা শিখৰ, গুটখা পেকেটবোৰ!
এই নিৰিবিলি, এই প্ৰকৃতি, এই শোভাত এনেকৈয়ে বিঘিনি ঘটিবলৈ আৰু দিব নোৱাৰি৷ যদি ইমানেই ভাল লাগে এই সেউজীয়া নিজে নিজেই কৰি লোৱা বাগিচা একোখন৷ কিমান গুটখা আৰু শিখৰৰ পৎেকেট চাফা কৰিব? কিমান মেংগ’ ফ্ৰুটি আৰু ক’ল্ড ড্ৰিংক্ছৰ বটল চাফা কৰিব! নাই নাই৷ নালাগে৷ সিহঁতে প্ৰচাৰৰ বাবেতো এিবোৰ কৰি অহা নাছিল৷ সেইদিনাই ধৰণী আৰু সেউজীয়ে সিদ্ধান্ত ল’লে৷ বহু ভাবি-চিন্তিয়েই কৰিলে এই কাম৷
বাহিৰত এখন ডাঙৰ ফলক আঁৰি দিলে – “কাণখোৱা আহিছে৷ প্ৰৱেশৰ অনুমতি নিষেধ৷”
অইতাকে গোৱা নিচুকনি গীতফাঁকি তাইৰ মনত পৰিল –
“চেই কুকুৰ চেই, নাহিবি জপনা দেই৷”
***
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা