Written by 8:10 am Articles

ডিজিটেল মাৰ্কেটিঙৰ কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰি?

 পুলক সভাপণ্ডিত

পণ্য বা সেৱাসমূহক বিজ্ঞাপনসহ বজাৰ গৱেষণাৰ মাধ্যমেৰে বিক্ৰী কৰাৰ প্ৰক্ৰিয়াকেই মাৰ্কেটিং বোলা হয়৷ ডিজিটেল মাৰ্কেটিং হ’ল ইণ্টাৰনেটৰ মাধ্যমেৰে তথ্য-প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰি পণ্য বা সেৱাসমূহক গ্ৰাহকক প্ৰদান কৰা৷

ডিজিটেল মাৰ্কেটিং হ’ল এখন উল্লেখযোগ্য, দ্ৰুত প্ৰসাৰিত, প্ৰত্যাহ্বানমূলক আৰু জনপ্ৰিয় ক্ষেত্ৰ যি যুৱ প্ৰজন্মক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিব পৰাকৈ সক্ষম৷ যিসকলে আনন্দ মনে কাম কৰাটো পছন্দ কৰে, তেওঁলোকে ইচ্ছা কৰিলে ডিজিটেল মাৰ্কেটিঙত কেৰিয়াৰ গঢ়িব পাৰে। কাৰণ, এই কেৰিয়াৰে এফালেদি যেনেকৈ প্ৰযুক্তিপ্ৰেমী কৰি তুলিব, আনফালে জীৱনক কৰি তুলিব পাৰে স্বাচ্ছন্দ্যময়। আগৰ দিনত কোনো ব্যৱসায় প্ৰতিষ্ঠানে বিজ্ঞাপনৰ শিতানত অৰ্থ ব্যয় কৰিলে তেওঁলোকৰ পক্ষে প্ৰকৃত সুফল মূল্যায়ন কৰা কঠিন হৈছিল। কিন্তু এতিয়া ডিজিটেল মাৰ্কেটিঙৰ আশীৰ্বাদত বিজ্ঞাপনৰ ফলাফল তাৎক্ষণিকভাৱে নিৰ্ণয় কৰি পেলোৱা সম্ভৱ হৈ পৰিছে। আনকি প্ৰতিষ্ঠানবোৰে পণ্যসামগ্ৰীৰ ‘মাৰ্কেট ফিডবে’ক’-ও অতি সহজেই জানিবলৈ সক্ষম হৈছে। গতিকে ব্যৱসায় প্ৰতিষ্ঠানবিলাকে ডিজিটেল মাৰ্কেটিঙক অপেক্ষাকৃত নিৰাপদ বিনিয়োগ বুলি ধাৰণা কৰিছে। ইয়াৰ ফলত এই ক্ষেত্ৰত কৰ্ম সংস্থাপনৰ সুযোগ ক্ৰমান্বয়ে বিস্তৃত হৈছে।

১৯৯০ চনৰ পৰা ২০০০ চনৰ ভিতৰত ডিজিটেল মাৰ্কেটিঙৰ বিকাশ হয়। প্ৰযুক্তিৰ ব্যৱহাৰৰ মাধ্যমেৰে ডিজিটেল মাৰ্কেটিঙে পণ্যদ্ৰব্য, ব্যৱসায়, আনকি ব্ৰেণ্ডিঙৰ সংজ্ঞাই সলনি কৰি পেলায়৷ লগতে সলনি কৰে ব্ৰেণ্ডিং কৰাৰ প্ৰচলিত পদ্ধতি। ডিজিটেল মাৰ্কেটিঙৰ মূল উদ্দেশ্যই হৈছে এজনৰ পণ্য বা সেৱা আন এজনৰ ওচৰত ডিজিটেলি প্ৰদান কৰা। আমাৰ দেশতেহ হওক বা আন্তৰ্জাতিক ক্ষেত্ৰতেহ হওক, ডিজিটেল মাৰ্কেটৰ প্ৰয়োগ বৰ্তমান সকলো ক্ষেত্ৰতে দেখা গৈছে। বৰ্তমান দেশৰ অতি ক্ষুদ্ৰ এজন ব্যৱসায়ীয়েও তেওঁৰ পণ্য ফে’চবুক পেজৰ মাধ্যমেৰে প্ৰচাৰ কৰিছে; লাইভ ভিডিঅ’ৰ জৰিয়তে গ্ৰাহকক পণ্যদ্ৰব্য দেখুৱাইছে। আনহাতে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবোৰেও ডিজিটেল মাৰ্কেটিঙৰ কাৰণে প্ৰফেশ্বনেল ডিজিটেল মাৰ্কেটাৰ নিয়োগ কৰিছে, ডিজিটেল মাৰ্কেটিং ষ্ট্ৰে’টেজিষ্টৰ পৰিকল্পনা অনুযায়ী কাম কৰিছে৷ ডিজিটেল মাৰ্কেটিঙ নকৰিলে গ্ৰাহকৰ এটা বৃহৎ অংশই সেই পণ্য আৰু বেণ্ড সম্পৰ্কে জানিবলৈ সক্ষম নহয়৷

কোনোৱে যদি ডিজিটেল মাৰ্কেটিঙক কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিব খোজে, তেন্তে জানিব লাগিব এই কেৰিয়াৰত তেওঁ কি কি কাম কৰিব লাগিব। ডিজিটেল মাৰ্কেটিং কৰাৰ অনেক পদ্ধতি আছে। সীমিত পৰিসৰৰ বাবে এই লিখনিৰ জৰিয়তে তাৰে মাত্ৰ অপৰিহাৰ্য কেইটামান পদ্ধতি আলোচনা কৰাৰ আৰু ডিজিটেল মাৰ্কেটিং সম্বন্ধে সামান্য ধাৰণা দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ৷

ছাৰ্চ ইঞ্জিন অপ্টিমাইজেচন (সংক্ষেপে এছ ই অ’) : 

এছ ই অ’-এ মূলতঃ গুগল, য়াহু, বিং বা অন্য কোনো ছাৰ্চ ইঞ্জিনৰ অনুসন্ধানৰ ফলাফলসমূহ পৰ্যালোচনা কৰে৷ ই এনে এক বিপণন পদ্ধতি আৰু কৌশলৰ সমন্বয়, যি ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনলাইন বিজ্ঞাপনক গুগলৰ শীৰ্ষলৈ লৈ আহে। যি দুটা প্ৰক্ৰিয়াৰে এই কামটো কৰা হয়, তাৰে এটা এচ ই অ’ আৰু আনটো পেইড চাৰ্ছ এড বা পি পি চি (পে’-পাৰ-ক্লিক)।

ছ’চিয়েল মিডিয়া মাৰ্কেটিং : 

এই ক্ষেত্ৰত ব্যৱসায় সংশ্লিষ্ট ব্যক্তিসকলে সামাজিক যোগাযোগ মাধ্যমক বিৱেচনাৰ মাধ্যম ৰূপে লয়। সামাজিক যোগাযোগ মাধ্যমৰ বিভিন্ন ৱে’বছাইট ব্যৱহাৰ কৰিয়েই পণ্য বা সেৱাৰ প্ৰচাৰ চালোৱা হয়। এই ক্ষেত্ৰত ফেন-ফল’ৱাৰ, গ্ৰুপ, কমিউনিটিক লক্ষ্য কৰিয়েই গ্ৰাহকৰ ওচৰ চপাৰ চেষ্টা কৰা হয়। গ্ৰাহকক নতুন সেৱা বা সুবিধাৰ কথা জনোৱাৰ সমান্তৰালকৈ প্ৰতিদ্বন্দ্বী পণ্যৰ বিশ্লেষণ, ছ’চিয়েল মিডিয়া এড্‌, প্ৰচাৰ কৌশল – এই সকলো কৰা হয় সামাজিক যোগাযোগ মাধ্যমক কেন্দ্ৰ কৰি। ইয়াৰ দ্বাৰা ন্যূনতম খৰচত সৰ্বোচ্চ টাৰ্গেটেড্‌ মাৰ্কেটিং আৰু ব্ৰেণ্ডিং কৰা সম্ভৱ৷ গতিকে ডিজিটেল বিপণনকাৰীসকলৰ পছন্দৰ শীৰ্ষত অৱস্থান কাৰছে এই ছ’চিয়েল মিডিয়া মাৰ্কেটিঙে।

এফিলিয়েট মাৰ্কেটিং :

এফিলিয়েট মাৰ্কেটিং হৈছে এটা অনলাইন বিক্ৰয় কৌশল, যাৰ মাধ্যমেৰে পণ্য বা সেৱাৰ মালিকে তেওঁৰ পণ্যক নিজৰ ৱে’বছাইটত বা ই-কমাৰ্চ ছাইটত দেখুৱায়। সেই পণ্য যদি অন্য কোনো সহযোগীয়ে তেওঁৰ নিৰ্ধাৰিত চ্ছেনেলৰ মাধ্যমেৰে পোনপটীয়াভাৱে বিক্ৰী কৰে বা তেওঁ কৰা প্ৰচাৰৰ মাধ্যমেৰে সেই পণ্যবিধ যদি বিক্ৰি হয়, তেন্তে সেই সহযোগীজনে নিৰ্ধাৰিত কমিশ্বন লাভ কৰে। বিশ্বত বহুতো প্ৰতিষ্ঠান আছে যি এফিলিয়েট সুবিধা সকলোৰে বাবে উপলব্ধ কৰিছে আৰু এইবোৰৰ ভিতৰত ক্লিক বেংক আৰু আমাজন এফিলিয়েট সকলোতকৈ জনপ্ৰিয়৷

এইবিলাকৰ উপৰি ডিজিটেল মাৰ্কেটিঙৰ বাবে ইমেইল মাৰ্কেটিং, কনটেণ্ড মাৰ্কেটিং, ভাইৰেল মাৰ্কেটিং আদি বহুতো পদ্ধতি আছে৷ ডিজিটেল মাৰ্কেটিং সম্পৰ্কে আগ্ৰহীসকলে ইণ্টাৰনেটৰ জৰিয়তে বিশদ জ্ঞান আহৰণ কৰি ল’ব পাৰে৷ বৰ্তমান গুৱাহাটীতো ডিজিটেল মাৰ্কেটিঙৰ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰা হৈছে৷ তদুপৰি ইণ্টাৰনেটত ইতিমধ্যে উপলব্ধ বহুতো অনলাইন ক’ৰ্ছৰ জৰিয়তে ডিজিটেল মাৰ্কেটিঙৰ বিস্তাৰিত জ্ঞান লাভ কৰিব পৰা যায় আৰু মান্যতাপ্ৰাপ্ত এখন ছাৰ্টিফিকেট সংগ্ৰহ কৰিব পৰা যায়৷

কেৰিয়াৰ হিচাপে ডিজিটেল মাৰ্কেটিঙৰ চাহিদা যেনেকৈ বাঢ়িছে, ঠিক তেনেকৈ সৃষ্টি হৈছে নতুন নতুন প্ৰত্যাহ্বানৰো৷ এনে কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত আৰম্ভণিতে যিটো প্ৰতাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় সেইটো হ’ল-প্ৰতি মুহূৰ্ততে শিকিবলগীয়া হয়; কেতিয়াও কাৰো পক্ষে কোৱা সম্ভব নহয় যে তেওঁ এই দিশত পাৰ্গত। নিসঃন্দেহে পৰিশ্ৰম যি কোনো প্ৰফেশ্বনতেই কৰিব লাগে, কিন্তু ডিজিটেল মাৰ্কেটিঙৰ পৃথিৱীত যিমান পৰিশ্ৰম কৰা যায়, সিমানেই সফলতা পোৱা যায়৷ ডিজিটেল মাৰ্কেটিঙৰ পৃথিৱীত কেতিয়াও ৰাতি নহয়৷ ডিজিটেল মাৰ্কেটিঙত সফল কেৰিয়াৰ গঢ়িবৰ বাবে আমাৰ কৰণীয়সমূহ হ’ল–

(ক) তথ্য প্ৰযুক্তিৰ লগত খাপ খুৱাই নিজক আপ-টু-ডে’ট কৰিব লাগিব। বৰ্তমান সময়ত চৌপাশৰ পৰিৱেশ কি, বিশেষকৈ প্ৰযুক্তি সম্বন্ধীয় কোনটো বিষয় লৈ বিশ্বত তোলপাৰ লাগিছে, সেই সম্পৰ্কে শুদ্ধ আৰু পৰিষ্কাৰ ধাৰণা ৰাখিব লাগিব।

(খ) যিহেতু ডিজিটেল পৃথিৱী প্ৰতি মুহূৰ্তত আগবাঢ়ি গৈছে, গতিকে ইয়াক কেন্দ্ৰ কৰি কেৰিয়াৰ গঢ়িবলৈ হ’লে নিজকে কৰি ৰাখিব লাগিব আপ-টু-ডে’ট। একেবাৰে আপডে’টেড্ খবৰৰ বাবে টুইটাৰ আৰু বৰ্তমানৰ মাৰ্কেটিং ট্ৰেণ্ডৰ বাবে লিংকডিন ব্যৱহাৰ কৰিব পাৰি৷

(গ) নিজা ব্ৰেণ্ড তেয়াৰ কৰিব লাগিব৷ অৰ্থাৎ আমি নিজৰ পৰিচয় বেলেগৰ সন্মুখত তুলি ধৰিব লাগিব, যদি সম্ভৱ এক সুকীয়া বৈশিষ্ট্যৰে। ই বহুক্ষেত্ৰত নিজৰ ঢোল নিজে পিটা’-ৰ নিচিনা হ’লেও এয়াই বাস্তৱতা। আমি যদি আমাৰ দক্ষতা বা যোগ্যতাক অন্যৰ সন্মুখত তুলি ধৰিব নোৱাৰোঁ, তেনেহ’লে কেৰিয়াৰৰ দৌৰ প্ৰতিযোগিতাত কেতিয়াও আগ বাঢ়ি থকাৰ সুযোগ নাপাম।

(ঘ) নেটৱৰ্ক বৃদ্ধি কৰিব লাগিব৷ বৰ্তমানৰ প্ৰক্ষাপটত লক্ষ্য কৰা যায় যে সকলো ক্ষেত্ৰতেই সফলতা অৰ্জনৰ ক্ষেত্ৰত নেটৱৰ্ক বৃদ্ধিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সামাজিক মাধ্যমতেই হওক বা বাস্তৱ জীৱনতেই হওক, সকলো ক্ষেত্ৰতে মানুহৰ লগত মিলি যাবলৈ, সুন্দৰভাৱে কথা-বাৰ্তা ক’বলৈ শিকা উচিত। বৰ্তমান আমাৰ দেশত বিভিন্ন সময়ত বিভিন্ন ঠাইত কেৰিয়াৰ বিষয়ক ৱৰ্কশ্বপ, ছেমিনাৰ ইত্যাদি হয়৷ সেইবিলাকত অংশগ্ৰহণ কৰা উচিত। নেটৱৰ্ক বৃদ্ধি পালে নিজকে আপডে’ট কৰি ৰখা, মেণ্টৰ বিচাৰি উলিওৱা বা নিজৰ ব্ৰেণ্ডিং কৰা – এই বিষয়বিলাক একেবাৰে সহজ হৈ পৰে।

(ঙ) ক’ডিং সম্পৰ্কে ন্যূনতম হ’লেও জ্ঞান ৰখা উচিত৷ এইচ. টি. এম. এল. বা ৱৰ্ডপ্ৰে’ছ সম্পৰ্কে থকা সাধাৰণ জ্ঞানে ডিজিটেল মাৰ্কেটিঙত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে৷ এনে ধৰণৰ জ্ঞানৰ জৰিয়তে লোকচক্ষুত নিজক বেলেগতকৈ পৃথকৰূপে উপস্থাপন কৰিব পাৰি। ক’ডিঙৰ জ্ঞানৰ জৰিয়তে সাংঘাতিক কিবা এটা কৰিব নোৱাৰিলেও কোনো এটা ৱে’বছাইটৰ এডমিন পেনেলে কেনেকৈ কাম কৰে; কেনেকৈ ৱে’বছাইটক আপডে’ট কৰি ৰখা যায়, সেই বিষয়ত মোটামুটি ধাৰণা থাকিলেই ক্লায়েণ্টৰ সন্মুখত নিজৰ যোগ্যতাক প্ৰতিপন্ন কৰিব পাৰি৷

বৰ্তমানতেই হওক বা অদুৰ ভবিষ্যতেই হওক আমাৰ চৌপাশৰ সকলো ব্যৱসায়-বাণিজ্যই ক্ৰমান্বয়ে প্ৰযুক্তিনিৰ্ভৰ হৈ পৰিব৷ সেই কাৰণে ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰখনত দক্ষ কৰ্মীৰ চাহিদা অদূৰ ভবিষ্যতে প্ৰচুৰ পৰিমাণে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰৱল৷ ইতিমধ্যে এই ক্ষেত্ৰখনত কাম কৰি যুৱ প্ৰজন্মৰ বহুতেই সফলতা লাভ কৰিছে। গতিকে ‘ডিজিটেল মাৰ্কেটিং’ কেৰিয়াৰ গঢ়াৰ বাবে আজিৰ পৰাই নিজক প্ৰস্তুত কৰা আৰম্ভ কৰোঁ আহক৷

ঠিকনা :

জেষ্ঠ সহকাৰী অধ্যাপক, গণিত বিভাগ

বিশ্বনাথ মহাবিদ্যালয়

ভ্ৰাম্যভাষ – ৬০০০৩-৬০৯৫২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close