Written by 7:56 am Poems

জলকীয়া

 নীলাভ সৌৰভ

এটা জলকীয়াই

ৰাতি আহি সংগোপনে মোক মাত লগাইছিল

জলকীয়াৰ কাহিনী শুনাইছিল

ৰ’দত ঘামি শুকাই বজাৰত মোৰ ফালে চাইছিল

মোৰ কামিহাড় ভাগিছিল

বুকুৰ চৌকাত বিষ মোৰ 

জ্বলা-পোৰাৰ ঔষধ নাই বজাৰত

জলকীয়াকে কিনিছিলোঁ

আন কোনো সামগ্ৰী নথকা বজাৰখনত কেৱল জলকীয়া

মোকো বহুত কিবাকিবিৰ দৰকাৰ নাছিল

কেৱল জলকীয়াও নালাগিছিল

জলকীয়াই যুগ যুগান্তৰে পুহি ৰাখিছিল এই জাল

কেৱল জাল থকাটোৱেই যাৰ পৰিচয় সেই জলকীয়া কিনিবলৈ ভয়

আয়ে কেতিয়াবা কয় জালেই নাই 

কেতিযাবা কয় ইমান জাল

টেঙা ফলৰ মিঠা এটা কিনিব পৰাটো যিমান অসহজ

সিমানেই জটিল মধ্যমীয়া জালৰ এটা জলকীয়া পোৱাটো

গোটেই দোকানবোৰত কেৱল জলকীয়া

সকলো কেৱল জলকীয়া কিনাত ব্যস্ত 

আটাইবোৰ দোকানৰ পৰা বেলেগ বেলেগ জলকীয়া কিনিছিলোঁ

কেইদিনমান ধৰি ঘৰখনৰ সকলোতে জলকীয়াই

ফ্ৰীজত আলমিৰাত আলনাত টেবুলত

সন্ধ্যাই কৈছিল জলকীয়া শেষ হ’ল কি খাবা আজি

জলকীয়াই নাখাওঁ আজিৰপৰা বুলি জ্বালাত শুই আছিলোঁ 

এই জলকীয়াটো অকলে ডাইনিঙৰ বাটিটোত পৰি আছিল

এটা জলকীয়া কি খামনো আমি তিনিটা মানুহ

জগাই দি জলকীয়াটোৱে মোক তাৰ ভোকৰ কথা ক’লে

এটা জলকীয়াই মানুহৰ পেটতে তাৰ ভোক সামৰে

পুৱালৈ লেৰেলিব, সময়ে পেলাই দিব ভোকৰ জলকীয়া

সেউজীয়া ৰঙা এই দুটাৰ বাদেও সময় ভেদে যি ৰঙ তাৰ

কোনোবা নহয় কোনোবা দেশৰ পতাকাৰ

সি যি কি নহওক তিনিটা মানুহ আৰু এটা জলকীয়াৰ ভোকে

সমষ্টিগত কথাৰ কোনো গুণাগুণ নিৰ্ধাৰণ নকৰে

সাৰপাই উঠি বুকুৰ চৌকাত পোৰোঁতেহে

এটা হাঁহি মাৰি সি কৃতজ্ঞতাৰ মূৰ দোঁৱাইছিল

মোৰ পেটত সি জ্বালাৰ সৈতে হাত মিলাইছিল

গড় হিচাপটো মই কোনোদিনেই আইক বুজাব নোৱাৰিলোঁ

পাঁচটা জাল থকা আৰু পাঁচটা জাল নথকা মিলি আটাইবোৰ জলকীয়াতে জাল থকা বুজাব

আমাৰ ঘৰৰ জলকীয়া খাই অভিজ্ঞ হোৱা কোনোৱেই কথাটো মানি নল’লে৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close